জিৰাই সতাই সেই বুঢ়া লোকজন, মণ্ডল, গাঁওবুঢ়া, এই সকলে সৈতে কেম্পলৈ উলটিলোঁ। কেম্পত ছৰকাৰী কাম এফেৰা কৰি উঠি বুঢ়াৰ মুখে হৰদত, বীৰদত, পদ্মকুমাৰী, কুমেদান সিং শিখ, বৰফুকন, এই সকলৰ ইতিবৃত্ত সাধুকথা শুনাদি শুনিলোঁ। শুনি শুনি দীঘলকৈ হুমুনিয়া এটাও কাঢ়িলোঁ; আৰু বুঢ়াৰ মুখে শুনা প্ৰধান প্ৰধান ঘটনাবিলাক টুকি থলোঁ। এতিয়া কৰ্ম্মৰ পৰা অবসৰ পোৱাত আৰু অসমীয়া ৰাইজে আমাৰ পৰা আৰু উপন্যাস পাব খোজাত এই হৰদত আৰু বীৰদতৰ কাহিনী আমি বুৰঞ্জীমতে “দন্দুৱা দ্ৰোহ” নাম দি ৰাইজৰ আগলৈ উলিয়ালোঁ। বুৰঞ্জীমতে হৰদত্তৰ বিদ্ৰোহ আৰম্ভ হয় ইংৰাজী ১৭৮৮ সনত আৰু দমন হয় ১৭৯৬ সনত। এই আঠ বছৰ কাল হৰদত্ত বৰফুকনক যুঁজত ঘটুৱাই ব্যতিব্যস্ত কৰি তুলিছিল; আৰু উত্তৰ কামৰূপত নিজেই এক প্ৰকাৰ ৰজা হৈ ৰাজত্ব কৰিছিল। আমাৰ বন্ধুবৰ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৰা ডাঙ্গৰীয়াই আগেয়ে পদ্মকুমাৰী নাম দি এই বিষয়ৰ এখান উপন্যাস ছপাই থৈছে। সেই উপন্যাস শুৱলাও হৈছে। কিন্তু তাত আমি হৰদত বীৰদতৰ বিষয়ে বুৰঞ্জী মতে যি জানো আৰু কামৰূপীয়া মানুহৰ মুখে মুখে যেনেকৈ শুনিছো সেই উপন্যাসত সেইদৰে নাই। সেই দেখি আমিও হৰদত বীৰদতৰ দ্ৰোহটো উপন্যাস আকাৰে লেখি ৰাইজৰ আগত
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬
অৱয়ব