পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পৰ্ত্তাল কৰি ফুৰোঁতে পূবপাৰ মৌজাৰ পুঠীমাৰি নামেৰে নৈৰ পাৰত, বৰ্ত্তমান বাইহাটা ৰেল ষ্টেষনৰ উত্তৰে প্ৰায় ছমাইল আঁতৰত, ৰঙ্গিয়া আৰু পূবপাৰ মৌজাৰ সীমাত এডোখৰ বৰ মনোৰম ঠাই পাই তাতে দুপৰীয়া অলপ পৰ জিৰাইছিলোঁ৷
 ঠাই ডোখৰ নৈৰ দাতিৰ পৰা প্ৰায় পঞ্চাচ টাৰ বহল আধামাইল দীঘল৷ ই, এখন মুকলি পথাৰ৷ এই পথাৰৰ পশ্চিমে প্ৰায় ইমান আয়তনৰে আৰু এডোখৰ ঠাই আছিল৷ ইয়াত মাজে মাজে দুই এডাল শিমলু গছ আৰু তল উলুৱনি হাবিৰে ভৰা আছিল৷ ইয়াৰ পশ্চিমে এখন ঝাৰণি হাবি৷
 ফাগুন মাহ৷ সুন্দৰ ফট্‌ফটীয়া পানিৰে পুঠীমাৰি নৈ বৈছিল৷ দুপৰীয়া আকাশো নিৰ্ম্মল আছিল৷ সিফালে দুৰত হিমালয়ৰ ভুটিয়া পাহাড় শ্ৰেণীও দেখা গৈছিল৷ মনত কি যে এটা নিস্তদ্ধতা আৰু অনুপম সৌন্দৰ্য্যৰ ভাব খেলাইছিল তাক কই এটাব নোৱাৰোঁ৷ কলেজত থাকোঁতে চাৰ ওয়ালটাৰ স্কটৰ নভেল শ্ৰেণী, ৺বঙ্কিম চাটুৰ্ষিৰ উপন্যাস শ্ৰেণী পঢ়িছিলো৷ এই ঠাইৰ, সিফালে পাহাড় দেখি আৰু আৰু আমাৰ অসমৰ সকলো ঠাইতে নদী নলা, নিঝৰা, বিল, পুখুৰী পাহাড় ঝাৰণি এই বিলা কলৈ মনত পৰি চাৰ ওয়াল্‌টাৰ স্কটৰ সেই High Land, (ওখ ঠাই, ) Lowland (নামনি ঠাই) ইত্যাদি