পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বিলাকলৈ মনত পৰিছিল৷ ভাব হৈছিল:—“হায়! মোৰ জননী! তুমি কেনে প্ৰকৃতিৰ কাম্য-কানন! তোমাৰ কালাত স্কটলেণ্ডৰ দৰে Highland, Lowland, Hills Dales, Lakes. সকলোবিলাক আছে৷ তোমাৰ অতীত কালৰ বুৰঞ্জী নানা ঘটনাৰে পৰিপূৰ্ণ; কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দৰ্য্য বৰ্ণাবলৈ, অতীতৰ বুৰঞ্জীৰে উপন্যাস লেখিবলৈ, চাৰ ওয়াল্‌টাৰ স্কটৰ নিচিনা বা ৺বঙ্কিম চাটুৰ্যিৰ দৰে উপন্যাস কাৰক প্ৰতিভাশালী সাহিত্যিক ক’ত? ” ইত্যাদি ভাবি চিন্তি দুপৰীয়া ৰদত জিৰাই সতাই লগ যোৱা মণ্ডল, গাওঁবুঢ়া আৰু গাঁৱৰ দুজন নে তিনি জনমান ভদ্ৰ লোকক সেই ঠাই ডোখৰ, নাম কি, কথা কি, বতৰা কি ইত্যাদি সোধোঁতে আমাক বুঢ়াভগীয়া ভাল মানুহ এজনে কলে :—“বাপ! সেই যে ঝাৰণিখান দেখিছে, সেইখানেই আগৰ জিকেৰীয়া বৰুৱা হৰদত বীৰদতৰ গাঁও আছিল৷ নৈৰ সিপাৰে যে সোঁ আলিৰ দৰে সেইটো দেখিছে সেইটোৱেই জিকেৰীয়া বৰুৱাৰ আলি৷ ইয়াৰে পৰা বাইহাটাৰ মাজেদি এই আলি গৈ চিলাৰ চকিত ওলাইছে৷ ” বৃদ্ধ জনৰ এই কথাত আমি লগত মানুহ-দুনুহ লই ঝাৰণিখানত সোমালোঁ গৈ৷ তাত সোমাই ঠায়ে ঠায়ে ঘৰৰ ভেটি, ধাপ, আলি, খাৱৈ ইতাদিৰ চিন পালোঁ৷ মাজতে মজলীয়া বিধৰ পুখুৰী এযোৰো পালোঁ৷ সেই পুখুৰীত নল আৰু পিতনি৷ এই বিলাক চাই চিন্তি লই