সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেই দেখি আমি আহোম ৰজা আৰু মন্ত্ৰিৰ পৰা যে কিবা সুবিচাৰ পাম তাৰ আশা নাই। আপোনাসকলে ভাবি চাওক,গুৱাহাটীৰ বৰফুকন সকলে আমাক আজি অত দিনৰে পৰা কি দৰে ব্যৱহাৰ কৰি আহিছে। কেবল লাচিত বৰফুকনত বাজে আমি আজি কেবা পুৰুষৰে পৰা তেনেকুৱা ন্যায় পৰায়ণতা আৰু সুবিচাৰ পোৱা নাই। তেওঁ আমাৰ পূৰ্বপুৰুষসকলক মৰম কৰি, বিশ্বাস কৰি চলোৱাৰ বাবে আমাৰ পূৰ্বপুৰুষ সকলেও সেইজনা বৰফুকনক মোগলৰ যুঁজত প্ৰাণপণে সহায় কৰিছিল, আৰু তেনেকুৱা সহায়ৰ ফলতেই সেইজনা বৰফুকনে অতি প্ৰতাপী মোগলকো ঘটুৱাই ওফৰাই পঠিয়াইছিল। কিন্তু তেওঁৰ পাছৰে পৰা হোৱা দুৰ্ব্বলী স্বাৰ্থপৰ বৰফুকন সকলৰ অত্যাচাৰলৈ মন কৰক। আমাক উঠোতে ঢেকেৰী বহোঁতে ঢেকেৰী এনেকুৱা অপমানসূচক সম্বোধন কৰাৰটো লেখ জোখেই নাই, তদুপৰি আহোমৰ সামান্য টেকেলা এটাৰে পৰা বৰফুকনলৈকে আমাৰ পৰা ভেটী খোৱাৰো সীমা সংখ্যা নাই। আন কি, আমাৰ কেৱে হাতত কেৰেলা বেঙেনা এঠুকি লই মিতিৰ খাব গলেও বাটত আহোমৰ চাওডাঙ টেকেলাই পালে তাকো কাঢ়ি নিয়ে। চাদকুচীয়া বুজৰবৰুৱা ঢুকাওঁতে বৰফুকনে সোপাসোপে ভেটী খাই সেই বিষয় খান আন এজনক দিব খুজিছিল; কিন্তু ৰক্তমল বৰুৱাই জানিবা দিনমনি পটোৱাৰীৰ সহায়ত সেইটো হব নিদিলে; নিজৰ পিতৃকলীয়া বিষয় বৰফুকনে সৈতে যুঁজিও ৰাখিলে। তাৰ ফল হল যে বুজৰবৰুৱাক বলে নোৱাৰি সেইদিন ধৰি বৰফুকনে নিজৰ খঙ আমাৰ কামৰূপীয়াৰ ওপৰত জাৰি কৰিছে। সেই দিন ধৰি আমাৰ ওপৰত অত্যাচাৰ দহগুণে বাঢ়িছে। আমি কামৰূপী বৰফুকন আৰু তেওঁৰ আহোম আৰু অহমীয়া মানুহৰ মনত ইমান অবিশ্বাসী হলো যে আন কি নিশা আমি গুৱাহাটীত থাকিব নোৱাৰোঁ, চাৰি চকিব বাজ হৈহে থাকিব লাগে! বাপসকল! ৰাইজ সকল! ইয়াতকৈ আৰু আমাক অপমান লাগে নে? এই বিলাক কৰিও হেঁপাহ নপলাল। এইবাৰ ৰং চাবলৈ আমাক মাতি নি আমাৰ নিৰাপৰাধী লৰা-ছোৱালী কেতবিলাকক পুতেক দুটাৰ হতুয়াই হাতী মেলাই গছকাই মাৰিলে। বিচাৰ প্ৰাৰ্থনা কৰাত উলটি ঢেকেৰী সম্বোধন আৰু নানা গালি গালাজ হে কৰিলে। হায়! আমাৰ কামৰূপীয়াৰ এনেকুৱাহে কপাল নে? ৰজা আৰু