পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কইয়েই পদুম সাউতকৈ গুচি গই আকৌ ফুলত পানী দিব ধৰিলে। ডেকা নে ঘৰলৈ আহি খালৈটো চৌধাৰিনীৰ হাতত দি ভৰি হাত ধুই নিজৰ খোটালি সোমাল।


একাদশ অধ্যায়।
মদন কামদেৱৰ মন্দিৰ।

 আমাৰ অসমৰ কামৰূপ জিলাখন বুৰঞ্জীৰ আদিৰে পৰা অতি প্ৰসিদ্ধ ঠাই। কামৰূপ জিলাৰ তিনিকুৰি পাচখান মৌজাৰ ভিতৰত প্ৰায় প্ৰত্যেক খানতেই এখান নহয় এখান মঠ বা থান আছে। গুৱাহাটী চহৰৰ মাজেদি ই যোৱা ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ যেনে প্ৰাকৃতিক সৌন্দৰ্য্যেৰে শোভনীয়, তেনেকৈ আকৌ প্ৰায় প্ৰত্যেকটো পাহাড়ৰ ওপৰতে মঠ দূৰৰ পৰা জিলিকি থাকে। বিদেশী সকলে যে কয় ‘অন্যত্ৰ বিৰলা দেবী কামৰূপে গৃহে গৃহে” এই কথা ফাকি তেনেই সচা। আমি কামৰূপবাসীয়ে সদায় কামৰূপত থাকি কামৰূপৰ—বিশেষ কৰি গুৱাহাটীৰ সৌন্দৰ্য্য উপলব্ধি কৰিব নোৱাৰে, কিন্তু বিদেশৰ মানুহে আহি কামৰূপ দেখিলেই আনন্দত আপ্লুত হয়। হবৰে কথা! এনেকুৱা প্ৰাকৃতিক