পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সকলক মাহে মাহে চাউল পাত যোগাবলৈ মানুহ নিযুক্ত কৰিলে৷ ৰণুৱা সকলৰ ঘৰতো খেতি বাতি চলাবলৈ গাৱঁৰ আন আন মানুহক নিযুক্ত কৰিলে৷ গাৱেঁ গাৱেঁ যাতে কামৰূপীয়া প্ৰজাই এখন্তকো বহি নাথাকি খেতি বাতি ভালকৈ কৰে তাৰো দিহা মেলা লগালে৷ ঠায়ে ঠায়ে আখৰা পতাই সেই আখৰা বিলাকত কামৰূপীয়া৷ সকলো জাতৰে ডেকা সকলক যুদ্ধবিদ্যা শিকোৱাৰ বন্দবস্ত কৰিলে৷ কামৰূপীয়া সকলে বঢ়িয়াকৈ জানিছিল যে বৰফুকনে যেনেহলেও সি বছৰৰ খৰালিত আকৌ ৰণ লগাব৷
 বদন বনফুকনৰ দূত চিঠি লৈ গৈ বুঢ়া গোহাঁইৰ ওচৰ পালে৷ সেই সময়ত পূৰ্ণানন্দ বুঢ়া গোহাঁয়ে পিতৃ বুঢ়া গোহঁয়ে সৈতে লগলাগি মোৱামৰীয়া দমন কৰি পিতৃ বিয়োগ হোৱাত বুঢ়া গোহাঁইৰ পদত বহিছিল মাথোঁঁন৷ মোৱামৰীয়া বিদ্ৰোহতে বুঢ়া গোঁহাইৰ শক্তি ক্ষয় হৈ আহিল৷ আহোমৰ কাঁড়ী ৰণুৱা সকলো জেৰবাৰ হৈ আছিল৷ এই বিলাক কাৰণত বুঢ়া গোঁহায়ে বনুৱা পঠাব নোৱাৰি চিঠিৰে বদন বৰফুকনৰ আদেশ কৰিছিল যে তেওঁ দক্ষিণ পাৰৰ ৰাণী, লুকী, ছয়গাওঁ, পানতান, বেলতলা ডুমুৰীয়া এই ৰজা সকলৰ পৰা গাৰো, কোচ, মিকিৰ ইত্যাদি বনুৱা লৈ যিমান শীঘ্ৰে পাৰে বিদ্ৰোহটো, দমন কৰক৷ তেওঁ এই ৰজা সকলোলৈকে দূতৰ হাততে