পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পত্ৰ দিলে৷ অহাই যোৱাই প্ৰায় চাৰিমাহৰ মূৰত বৰ ফুকনৰ কটকি উলটিল৷ বৰফুকনে উজনিৰ পৰা কোনো সহায় নাপাই বিষণ্ণ হল৷ কিন্তু আগৰ লাচিত ফুকনৰ ধৈৰ্য্য আৰু বীৰত্ব স্মৰণ কৰি, আৰু নিজৰো দিগ্বিজয়ী আহোম তেজকে সুৱঁৰি একেবাৰে নিৰাশ নহৈ আকৌ ১৭৮৯ শকৰ বিজয়া দশমীৰ দিনৰে পৰা চাৰিওফালৰ দাতি কাষৰীয়া ৰজা সকলৰ পৰা সৈন্য সামন্ত আৰু ৰছদ পত্ৰ গোটাব ধৰিলে৷ ইফালে হৰদত্ত বীৰদত্তয়ো গত বছৰৰ দৰে বৰ সমাৰোহেৰে দুৰ্গোৎসৱ পাতি তালৈ কামৰূপৰ সমস্ত বৰুৱা চৌধাৰীক নিমন্ত্ৰণ কৰি আনি আকৌ যুক্তি পৰামৰ্শ হল৷ কামৰূপীয়া বৰুৱা চৌধাৰী সকলে গত বছৰৰ যুদ্ধত জিকি দুগুণ উৎসাহিত হৈ হৰদত্ত আৰু বীৰদত্তক সহায় কৰিবলৈ গাত ললে আৰু সেইদৰেই সৈন্য সামন্ত ৰছদ পাতি গোট খুৱালে৷ কেবল চাঁদকুচীয়া বুজৰ বৰুৱা আৰু সিফালে চণ্ডীবুজৰ বৰুৱাই কোনো পক্ষকে সমৰ্থন নকৰি ঘৰে ঘৰে বৈ নিজৰ খেতি বাতিত মন দি থাকিল৷ বৰফুকণকো কৰ কাটল দিবলৈ যাব নোৱাৰিলে৷ কৰ কাটল দিবই বা কৰ পৰা? কামৰূপীয়া সকলে বৰফুকনক দিব লগীয়া কৰ কাটল বন্ধ কৰি যুঁজৰ আয়োজনত দুয়োদলে যুঁজলৈ যথা সময়ত সাজু হল৷

⸻⸺