পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ঊনবিংশ অধ্যায়
বৰফুকন

 বদন বৰফুকনে সপোনতো ভবা নাছিল যে কামৰূপীয়া ঢেকেৰীৰ হাতত তেওঁৰ সুশিক্ষিত আহোমৰ ৰণুৱা ঘাটিব এতিয়া আমিন গাৱত, ছিলাৰ চকিত, দীৰ্ঘশ্বৰী পাহাড়ৰ দাতিত তেওঁৰ প্ৰায় তিনিশ ৰণুৱা হত হোৱা শুনি লাজতে খঙতে বিমোৰহৈ উজনিৰ বুঢ়া গোহাঁইলৈ কামৰূপীয়া বিদ্ৰোহৰ কথা জনাই সৈন্য সামন্ত খুজি পঠালে৷ ইফালে ছয়গাওঁ পানতান, ৰাণী, লুকী, বেলতলা, ডুমৰীয়া, ইত্যাদি ৰজা সকলোলৈকো সহায় খুজি কটকি পঠালে৷ এইৰণ হৈ যোৱাৰ পিছত লাহে লাহে পচোৱা বতাহ বলে৷ ব্ৰহ্মপুত্ৰত বৰ ঢৌ হব ধৰিলে৷ তাৰ পিছত লাহে লাহে বাৰিষা আহিল৷ ইফালে বুঢ়া গোহাঁইৰ পৰাও চিঠিৰ উত্তৰ অহোতে পলম হল৷ দক্ষিণপাৰৰ ৰজা সকলৰ পৰাও শীঘ্ৰে সৈন্য সামন্ত সংগ্ৰহ কৰিব নোৱাৰিলে; ইত্যাদি কাৰণে বৰফুকনে এই শকত আকৌ কামৰূপীয়াৰ বিৰূদ্ধে যুদ্ধ যাত্ৰা স্থগিত ৰাখিলে৷
 ইফালে কামৰূপীয়া সকলেও উত্তৰ গুৱাহাটী, আমিন গাওঁ, ৰজাদুৱাৰ এই তিনিও ঠাইতে আনি থোৱা ৰণুৱা