”বাছা হৰদত্ত! তই বহুত দুখ পাইছ। তোৰ কৰ্ম্মও শেষ হল। এই অসম ৰাজ্যত আৰু দহ বাৰ বছৰৰ পিছতে ভয়ঙ্কৰ বিপ্লব হব। আহোমৰ ৰাজ্য নাথাকিব। তই মোৰ গুৰিলৈ সপৰিবাৰে আহিবি। ” এই কথা কইয়েই দেবী অন্তৰ্দ্ধান হল। হৰদত্ত “দুৰ্গে দুৰ্গে দুৰ্গতি নাশিনী, ভব ভয় হাৰিণী, তাৰিণী” বুলি সাৰ পালে। সাৰ পাই তেওঁ ভাবিব ধৰিলে। ভাবি ভাবি পালে যে, তেওঁৰ কি, তেওঁৰ ভায়েকৰো কোনো পুত্ৰ সন্তান নাই। আনকি দুয়ো ভায়েকৰ ভিতৰতে অকল পদ্মকুমাৰীত বাজে আন কোনো সতি-সন্তানেই নাই। সেই পদ্মকুমাৰীকে যেতিয়াই পাত্ৰস্থা কৰিছে, তেতিয়াই তেওঁৰ সংসাৰ-বন্ধন তো এক- প্ৰকাৰ ছিগিছেই। দেশৰ হঁকে তেও যথেষ্ট যুঁজ কৰিলে। এই পৰিমিত তেওঁ কামৰূপীয়াৰ গৌৰব ৰক্ষা কৰিছে। এতিয়া এই কামৰূপৰ বিষয়া আৰু প্ৰজা সকলেই যি স্থলত তেওঁক ভাল নোপোৱাত পৰিছে আৰু আহোমে সৈতে ৰণ কৰিবলৈ মান্তি নোহোৱাত পৰিছে, তেনে স্থলত তেওঁৰ আৰু দেশৰ হঁকে আহোমে সৈতেও ৰণ কৰাৰ ওৰ পৰিছে। এই ৰকমে ভাবি, এই কথাকে সাৰোগত কবি তেওঁ সেই নিশাৰে পৰা ৰণ, বিগ্ৰহ, বিষয় ইত্যাদি সমস্তৰে ধান্দা এৰি দিলে। মাথোঁন বীৰদত্তকে তেওঁ মাজে মাজে ক’ব ধৰিলে:— “বাপা বীৰদত্ত! আহোমৰ সৈতে আমাৰ ৰণ এৰাই ভাল। কামৰূপীয়া বৰুৱা, চৌধাৰী, প্ৰজা, সকলো আমাৰ ওপৰত অসন্তুষ্ট হইছে; শিখ সকলে প্ৰজাক পীড়ণ কৰিছে। ” বীৰদত্তে কলে:— “নহয় দাদা। এইবাৰ খৰালিৰ ৰণটো কৰি লওঁ। বাৰু, তাৰ পিছত যি হয় কৰা যাব। ” হৰদত্তে ঘৈণীয়েকক এদিন কলে:— “মাইছানাৰ মাক! আমি মাইছানা আৰু জোঁৱাই উভয়কে ধনৰালৈ পঠিয়াই দি ৰণ-বিগ্ৰহ এৰি তীৰ্থলৈকে যাওঁ বলা। ” ঘৈণীয়েকে কলে:—“আপুনি কি কথা কয়? মই প্ৰাণটো গলেও জী জোয়াইক ধনৰালৈ পঠিয়াব নোৱাৰোঁ। মোৰ অঙ্গীকাৰ এৰিব নোৱাৰোঁ। ঘৈণীয়েকৰ পৰাও এনেকুৱা সমিধান পাই তেওঁ মনে মনে ৰল। যুঁজৰ ভাব বীৰদত্ত, সংসাৰৰ ভাৰ ঘৈণীয়েকত অৰ্পি তেওঁ দিবা ৰাত্ৰি দুৰ্গা নাম জপিব ধৰিলে।
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৮
অৱয়ব