তিৰুতাৰ আত্মদান কাব্য/প্ৰস্তাবনা
প্ৰস্তাবনা।
⸻⸺
আসামত "জয়মতী কুঁৱৰী"ৰ নাম সকলোৱে শুনিছে; শিৱসাগৰৰ (বা ৰংপুৰৰ) “জয়সাগৰ” পুখুৰিও অনেকেই দেখিছে, কিন্তু বুৰঞ্জী পঢ়োতা সকলৰ বাহিৰে জয়মতী কুঁৱৰীৰ সম্পৰ্কে হয়তো বহুতে সম্পূৰ্ণ ঘটনা নাজানে। সেই বুলি এইখিনিতে সেই বিষয়ে কেই এসাৰ মান লিখিবলৈ আগবাঢ়িলো।
ইং ১৬৭০ সনত আহোমৰ চক্ৰধ্বজ সিংহ (আহোম মতে "চুপুংমুঙ্গ” ) স্বৰ্গী হোৱাৰ পাচৰে পৰা আহোম ৰাজ্যৰ ভিতৰত এটা ভয়ঙ্কৰ বিপ্লৱ হৈচিল। এই বিষয়ে শ্ৰীযুত গেইট্ চাহাবে তেওঁৰ "History of Assam"ত এই দৰে লিখিছে,—যে Since the death of Chakradhvaj Singh in 1670, i.e. in the short space of eleven years, there had been no less than seven kings, not one of whom died natural death.* প্ৰকৃততে, সেই ১১ বছৰৰ ভিতৰত আহোম সিংহাসনত যি কেইজন ৰজা হৈছিল, তাৰ প্ৰ-
* Mr. E. A. Gait's "History of Assam", Page - 159. [ প্ৰস্তাবনা ]৵৹
থম আৰু দ্বিতীয় জনাক অৰ্থাৎ উদয়াদিত্য সিংহ (চুন্যতফা) আৰু ৰামধ্বজ সিংহকে (চুক্লানফা) বৰ বৰুৰাই ষড়যন্ত্ৰ কৰি বিহ খুৱাই মাৰে। এই সময়ত কোনো কাৰণ বশত বৰুৱা ফুকন বিলাক ৰাজ কাৰ্য ক্ষমতাৰ বিপক্ষ হৈ উঠিছিল। কোনো কোনো লিখকৰ মতে, ৰামধ্বজ সিংহ স্বভাৱিক ৰূপে নৰিয়া পৰি মৰে (১)। তৃতীয়, চুহুং ৰজা। এওঁৰ হিন্দু নাম নাছিল। ২১ দিন মাত্ৰ ৰাজ্য ভোগ কৰি এইজনা ৰজাও বৰবৰুৱাৰ গুপ্তচৰৰ হাততেই অকালত প্ৰাণ হেৰুৱায়। চতুৰ্থ আৰু ষষ্ঠ জনাক (গোবৰ আৰু চুদৈফাক) বৰফুকনে ষড়যন্ত্ৰ কৰি হত্যা কৰায়; পঞ্চম জনাক (চুজিনফাক) বুঢ়়াগোহাঁয়ে গৰগাঁৱত ধৰি চকু কাঢ়ে; সেই বেজাৰতে চুজিন্ফাই শিলত মূৰ মাৰি আত্মঘাতী হয়। কোনো বুৰঞ্জীত, তেওঁক শিলে- ৰে খুন্দি মাৰিলে বুলিও কয় (২)। সপ্তম জনাই পলাই প্ৰাণ ৰক্ষা কৰে। এই পলাই যোৱা জনাই আমাৰ লাঙ্গি গদাপাণি। এওৰ আহোম মাম “চুপাতফা”, হিন্দুমতে গদাধৰ সিংহ আৰু সধা- ৰণতে গদাধৰ ৰজা বোলে।
(১) জোনাকী ( ৩য় বছৰ ) আৰু অনাৰেবল্ শ্ৰীযুত পদ্মনাথ বৰুৱাৰ আসামৰ বুৰঞ্জী।
(২) শ্ৰীযুত গেইট চাহাবে লিখিছে, He was seized and his eyes were put out, and he was afterwards stoned to death
প্ৰথম বাৰ গদাপাণিয়ে মাত্ৰ সাদিনহে ৰাজ-ভোগ কৰিবলৈ পালে। মন্ত্ৰী সকলৰ যড়যন্ত্ৰত পৰি ৰজা হোৱাৰ সাদিনৰ পাছ তেই, জয়মতী কুঁৱৰীয়ে সৈতে এওঁ অৰণ্যলৈ পলাই যায়। এই গদাপাণিয়েই আমাৰ কাব্যৰ নায়ক, আৰু তেওৰ কুঁৱৰী জয়মতী য়েই আমাৰ প্ৰধান নায়িকা। জয়মতী কুঁৱৰীৰ লাই আৰু লেচাই নামেৰে দুটি ল’ৰা আছিলে, কিন্তু আমাৰ কাব্য খনিত এটিৰ লগতহে সম্বন্ধ আছে; সেইটি বৰজনা কোঁৱৰ বা লাই গোহাঁই। (৩) পলাই যাওতে ৰজা-ৰাণীয়ে কোঁৱৰ দুটিক বুঢ়ীমাকৰ ঘৰত থৈ গৈছিল।
গদাপাণি পলাই গ’লত, ইং ১৬৭৯ সনত চামগুৰীয়া ফৈদৰ চুলিকফা কোঁৱৰ ৰজা হয়। এও নিচেই কটাৰি নলীয়া আৰু ল’ৰামতীয়া কোঁৱৰ আছিলে, সেই দেখি এওক হিন্দুমতে “ল’ৰা ৰজা” বোলে। এওঁ সিংহাসনত বহিয়েই কেনেবাকৈ বৰুৱা ফুকন বিলাকৰ ষড়যন্ত্ৰত পৰি আগৰ ৰজা সকলৰ দৰে অকালত প্ৰাণ হেৰুৱাব লাগে বুলি, আশঙ্কিত হবলৈ ধৰিলে। আহোম ৰজা সকলৰ ভিতৰত এনে এটি নিয়ম আছিলে, যে যদি কোনো ৰজাৰ কোৱৰৰ গাত অঙ্গক্ষত বা ঘাঁ ফোঁহোৰাৰ চিন থাকে,
(৩) এই লাই গোহাঁয়েই পাছত ইং ১৬৯৬ সনত ৰূদ্ৰসিংহ নাম লৈ আহোম সিংহাসনত ৰজা হয়। [ প্ৰস্তাবনা ] তেনেহলে তেওঁ আৰু ৰজা হ’ব নোৱাৰে। সেই কাৰণে ল'ৰা ৰজাই গুপ্তচৰ ধৰি, তলে তলে বহুত ৰজাৰ কোঁৱৰৰ অঙ্গক্ষত কৰোৱালে। ল'ৰা ৰজাৰ এই নিদাৰুণ কাৰ্য্যত অনেক ৰজাৰ কোঁৱৰে অকালত প্ৰাণ পৰ্য্যন্ত হেৰুৱালে। (৪)
গদাপাণি বৰ বাহুবলী আাছিল। সকলোতকৈ ল’ৰা ৰজাৰ গদাপাণিলৈ বেচি ভয়। গদাপাণিক ধৰাবলৈ মিহি আৰু লঠা নামে দুটা কুকুৰাচোৱা চাউডাঙ্গৰ লগত ল'ৰা ৰজাই কেনেকুৱা ষড়যন্ত্ৰ কৰিছিল, কেনেকৈ পতিপ্ৰাণা জয়মতী কুঁৱৰীক ধৰাই আনি নানান তৰহৰ অমানুষিক অত্যাচাৰ কৰাই মাৰিলে, সেই বিলাক এই কাব্য খনিত যথাসাধ্য বৰ্ণনা কৰিবলৈ চেষ্টা পোৱা হৈছে, সেই কাৰণে এই খিনিত সেই বিলাক আৰু পুনৰুক্তি কৰা ন’হল। জয়মতী কুঁৱৰীক ল’ৰাৰজাই শাস্তি কৰি মৰাৰ পাছতো, গদাপাণি আকৌ বহুতদিন নগাপৰ্ব্বতত পলাই থাকেগৈ। নগাৰ লগত মাজে মাজে পাণ কছু, আদা, জ্বলকিয়া ইত্যাদি লৈ ভৈয়ামত বেহা
(৪) In other to prevent further conspiracies, by removing all possible rivels, lara Rajah determined to main or kill all the descendants of former Kings, and it is said that several hundred scions of the royal family were deprived of life or mutilated.
⸻⸺Gait's “History of Assam” page 158. [ প্ৰস্তাবনা ]কৰিবলৈ আহে আৰু শাহুৱেকৰ ঘৰত গোপনে গোপনে ল’ৰা দুটিক চাই যায়। এইদৰে কিছুদিন থাকি, তাৰ পাচত গদাপাণি পৰ্ব্বত এৰি কামৰূপৰ ফালে গ’ল। গুৱাহাটীৰ বন্দৰ বৰফুকন তেওঁৰ ভিনিহিদেৱেক। ভিনিহিদেৱেকৰ ঘৰতে কিছুদিন থাকি, তেওঁ ৰহালৈ পলাই যায়। ইয়াত ৰহদৈ নামেৰে পোহাৰী এজনীৰ ঘৰত দিনদিয়েক থাকি তেওঁ তিপামলৈ যায়। তিপামত ভাদৈ নামেৰে এজনী পোহাৰীৰ ঘৰত ১০।১২ দিনমান লুকাই থাকি তাতো বিপদ শূন্য যেন নেদেখি তেওঁ পুনৰ শলগুৰিলৈ যায়; আৰু তাৰে আঘোণী নামেৰে এজনী পোহাৰীৰ ঘৰত আশ্ৰয় লয়গৈ। কিন্তু তেওঁ শলগুৰিতো বেছি দিন থাকিবলৈ নহ’ল। অৱশেষত তেওঁ ৰাণী গাঁৱৰ এজনী গাৰোৱণী তিৰুতাত চাপি থাকেগৈ। এই গাৰোৱণী তিৰুতাজণীয়ে তেওক বৰ আদৰেৰে ৰাখিছিল। এই গাৰোৱণীকেই কামৰূপৰ “ৰাণীৰজ” বংশৰ মূল বুলি অনেকে অনুমান কৰে। (৫)
ল’ৰাৰজা কিন্তু শীঘ্ৰে বৰুৰা ফুকন বিলাকৰ অপ্ৰিয় হৈ উঠিল। তেওঁৰ অত্যাচাৰ দিনে দিনে বেছি হ’বলৈ ধৰিলে, দেশত মহা হুলস্থুল হল। গদাপাণি বাহুবলী আছিল, তেওঁ ৰাজ্যৰ হুলস্থুল গুচাব পাৰিব যেন ভাবি সকলোৱে তেওঁক বিচাৰ কৰিবলৈ ধৰিলে। গদাপাণিৰ ভাগ্যলক্ষ্মী আৰু সুপ্ৰসন্না হ’ল। অৱশেষত ইং ১৬৮১
(৫) জোনাকী ৩য় বছৰ। [ প্ৰস্তাবনা ]
সনত বন্দৰ বৰফুকনে তেওঁক ৰাণী গাঁৱৰ গাৰোৱনীৰ ঘৰত চিনিপাই অন্যান্য বৰুৱা ফুকনে সৈতে পৰামৰ্শ কৰি তেওঁক আহোম সিংহাসনত আকৌ ৰজা পাতিলে। তেওঁ বকলাত নগৰ কৰি “সিঙ্গৰি ঘৰ” উঠি হিন্দুমতে গদাধৰ সিংহ নাম ল'লে। যিবিলাক বৰুৱা ফুকনে সহায় কৰি তেওঁক ৰজা পাতিলে সেই বিলাকক তেওঁ “ৰাজ-দ্ৰোহী” বুলি ইং ১৬৮২ সনত শালত দি ভূৰ বান্ধি, নইত উটাই দিলে। সেই শালত দিয়া ঠাইকে আজি কালি “শালমৰা মুখ” বোলে।
তেওঁ পলাই ফুৰা কালিনত যিবিলাক প্ৰধান প্ৰধান সত্ৰৰ গোসাইয়ে, তেওক আশ্ৰয় দিবলৈ অস্বীকাৰ পাইছিল তেওঁ ৰজা হৈ সেই সত্ৰ বিলাকৰ উচ্ছেদ সাধন কৰিবলৈ চেষ্টা পাইছিল। সেই বিলাক বুৰঞ্জীত বিশদ ভাবে বৰ্ণনা কৰা আছে; কাজেই এইখিত সেই বিলাক উল্লেখ কৰা পুনৰুক্তি মাথোন।
গদাধৰ ৰজাৰ বিষয়ে; ‘‘বনৰ মাজত পলাই ফুৰোতে বন দেবী আবিৰ্ভাব হৈ লহঙ্গাৰ মাজত সুমাই ৰক্ষা কৰা” (৬) “শৈলদাৰ আপুনি উদ্ঘাটিত হৈ সোমাবলৈ দিয়া আদি কৰি ভালেমান আচৰিত আৰু অসম্ভৱ প্ৰবাদ আছে। সেই বিলাক বাখ্যা কৰা এই কাব্য খনিৰ উদ্দেশ্য নহয়।
(৬) জোনাকী- ৩য় বছৰ। [ প্ৰস্তাবনা ]
বুৰা মানুহ বিলাকে কয়, গদাপাণিয়ে হেনো ৰজা হৈয়েই ওপৰত কৈ অহা ৰহদৈ ভাদৈ আৰু আঘোনী এই পোহাৰী তিনি জনীক ৰজাৰ চ’ৰালৈ মতাই আনিলে। সিহঁতে হেনো শাস্তি কৰাবলৈ আনিছে যেন ভাবি ভয়ত তিনিও জনীয়ে দিঙ্গিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে। সেই কাৰণে আসামত আজিও কয়।
“ৰহাৰ ৰহদৈ তিপামৰ ভাদৈ শলগুৰিৰ আঘোনী বাই;
“তিনিৰো দিঙ্গিত ধৰি তিতিওয়ে কান্দিছে
“সম্বন্ধত একোয়েই নাই।”
কিন্তু গদাপাণিয়ে হেনো ভালে খিনি ধনে সোণে সৈতে “বৰ পোহাৰী” বিষয় দি সিহঁত তিনিও জনীকে ঘৰলৈ বিদায় দিলে।
আগতে কৈ অহিবলৈ পাহৰা হল, গদাপাণি ৰজা হৈ ল’ৰা ৰজাক জোগান দি নাম ৰুপত থৈছিল। ল’ৰা ৰজা বৰ কূট স্বভাৱৰ আছিল। মামুহে কথাতে কয়, “চোৰে নেৰে চোৰ প্ৰকৃতি কুকুৰে নেৰে ছাই, যাৰ যি প্ৰকৃতি সি মৰিলেও লগত যায়”। ল’ৰা ৰজাৰ হৈছে তেনেকুৱাই। তেও নিজৰ কুপ্ৰকৃতি এৰিব নোৱাৰি গদাপাণিক মৰাবলৈ আকৌ তলে তলে যড়যন্ত্ৰ কৰিবলৈ ধৰিলে। অৱশেষত খবৰ পাই গদাপাণিয়ে তেওক জেৰেঙ্গত দি মৰালে। গদাধৰ ৰজা শাক্ত ধৰ্ম্মৰ পৃষ্ঠপোষক আছিলে। তেও বৈষ্ণব বিলাকক বৰ উপদ্ৰৱ কৰিছিল। গুৱাহাটীত উমানন্দৰ দ’ল এৱেই কৰায়। এওৰ দিনতেই প্ৰথম তাগৰ ফলিত মাৰি দেৱত্তৰ [ প্ৰস্তাবনা ] ব্ৰহ্মোত্তৰ মাটি দিয়ে। আঁকা আলি, ধোঁদৰ আলি আদি কৰি ভালেমান আলি এওঁৰ দিনতেই হয়। আসীবত মাটি পিয়ল কৰা প্ৰথাটো এৱেই প্ৰথমে উলিয়াই। আৰু সেই পিয়ল প্ৰথম ৰংপুৰতে আৰম্ভ হয়।
ইং ১৬৮৩ সনত মুচলমানে সৈতে এওৰ শুক্ৰেশ্বৰৰ ইটাখুলিত এখন যুদ্ধ হয়। অসংখ্য মোগল পাঠান সন্য থাকোতেও, আহােম সেনাৰ আগত তিষ্ঠিব নোৱাৰি মুচলমান বিলাক পলাই গ'ল। আহোম সেনা বিলাকক লগত লৈ গদাপাণিয়েও মুচলমান বিলাকক খেদি নি মানাহ নদীৰ সিপাৰ কৰি থলেগৈ। কালক্ৰমে ইং ১৬৯৬ সনৰ ১৩ ফাগুন কৃষ্ণা চতুৰ্থীৰ দিনা গদাধৰ সিংহৰ সংসাৰ লীলা শেষ হ’ল। তেওৰ পাছত আহােম ৰজাৰ নিয়মানুসাৰে, তাৰপাছ দিনাখন তেওঁৰ বৰজনা কোঁৱৰ লাই গােহাঁইদেও ৰজা হ'ল আৰু “সিঙ্গৰি ঘৰ” উঠি হিন্দুমতে ৰুদ্ৰসিংহ নাম ললে। ৰুদ্ৰসিংহই ৰজা হৈয়েই তেওঁৰ সতী আইতাক জয়মতী কুঁৱৰীক ল’ৰাৰজাই যি ঠাইত শাস্তি কৰোৱাই মাৰিলে; সেই ঠাই ডোখৰৰ ঘটনা জগতত চিৰ স্মৰনীয়া কৰি ৰাখিবৰ মনেৰে, সেই ঠাই ডোখৰকে মাজ কৰি জয়মতী কুঁৱৰী নাম অনুসাৰে “জয়সাগৰ” নাম দি পুখুৰি এটি খনাই তাৰপাৰত এটি দৌল কৰালে। আজিও ৰংপুৰ (বৰ্তমান শিবসাগৰ) নগৰত সেই “জয়সাগৰ” পুখুৰী আৰু জয় দৌলে জয়মতী কুৱৰীৰ [ প্ৰস্তাবনা ] যশস্তম্ভ স্বৰুপ হৈ নানা দিগ্ দেশত তেওৰ সুৰমাৰী সুলত সতীত্বৰ পৰিচয় দি অমৰ বাঞ্চনীয় অক্ষয়কীৰ্ত্তি যােষনা কৰিব লাগিছে।
যােৰহাট। | শ্ৰীহিতেশ্বৰ বৰবৰুৱা |
১লা অক্টোবৰ ১৯১৩ |