পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 বুৰা মানুহ বিলাকে কয়, গদাপাণিয়ে হেনো ৰজা হৈয়েই ওপৰত কৈ অহা ৰহদৈ ভাদৈ আৰু আঘোনী এই পোহাৰী তিনি জনীক ৰজাৰ চ’ৰালৈ মতাই আনিলে। সিহঁতে হেনো শাস্তি কৰাবলৈ আনিছে যেন ভাবি ভয়ত তিনিও জনীয়ে দিঙ্গিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে। সেই কাৰণে আসামত আজিও কয়।

“ৰহাৰ ৰহদৈ তিপামৰ ভাদৈ শলগুৰিৰ আঘোনী বাই;
“তিনিৰো দিঙ্গিত ধৰি তিতিওয়ে কান্দিছে
  “সম্বন্ধত একোয়েই নাই।”

কিন্তু গদাপাণিয়ে হেনো ভালে খিনি ধনে সোণে সৈতে “বৰ পোহাৰী” বিষয় দি সিহঁত তিনিও জনীকে ঘৰলৈ বিদায় দিলে।

 আগতে কৈ অহিবলৈ পাহৰা হল, গদাপাণি ৰজা হৈ ল’ৰা ৰজাক জোগান দি নাম ৰুপত থৈছিল। ল’ৰা ৰজা বৰ কূট স্বভাৱৰ আছিল। মামুহে কথাতে কয়, “চোৰে নেৰে চোৰ প্ৰকৃতি কুকুৰে নেৰে ছাই, যাৰ যি প্ৰকৃতি সি মৰিলেও লগত যায়”। ল’ৰা ৰজাৰ হৈছে তেনেকুৱাই। তেও নিজৰ কুপ্ৰকৃতি এৰিব নোৱাৰি গদাপাণিক মৰাবলৈ আকৌ তলে তলে যড়যন্ত্ৰ কৰিবলৈ ধৰিলে। অৱশেষত খবৰ পাই গদাপাণিয়ে তেওক জেৰেঙ্গত দি মৰালে। গদাধৰ ৰজা শাক্ত ধৰ্ম্মৰ পৃষ্ঠপোষক আছিলে। তেও বৈষ্ণব বিলাকক বৰ উপদ্ৰৱ কৰিছিল। গুৱাহাটীত উমানন্দৰ দ’ল এৱেই কৰায়। এওৰ দিনতেই প্ৰথম তাগৰ ফলিত মাৰি দেৱত্তৰ