পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সনত বন্দৰ বৰফুকনে তেওঁক ৰাণী গাঁৱৰ গাৰোৱনীৰ ঘৰত চিনিপাই অন্যান্য বৰুৱা ফুকনে সৈতে পৰামৰ্শ কৰি তেওঁক আহোম সিংহাসনত আকৌ ৰজা পাতিলে। তেওঁ বকলাত নগৰ কৰি “সিঙ্গৰি ঘৰ” উঠি হিন্দুমতে গদাধৰ সিংহ নাম ল'লে। যিবিলাক বৰুৱা ফুকনে সহায় কৰি তেওঁক ৰজা পাতিলে সেই বিলাকক তেওঁ “ৰাজ-দ্ৰোহী” বুলি ইং ১৬৮২ সনত শালত দি ভূৰ বান্ধি, নইত উটাই দিলে। সেই শালত দিয়া ঠাইকে আজি কালি “শালমৰা মুখ” বোলে।

 তেওঁ পলাই ফুৰা কালিনত যিবিলাক প্ৰধান প্ৰধান সত্ৰৰ গোসাইয়ে, তেওক আশ্ৰয় দিবলৈ অস্বীকাৰ পাইছিল তেওঁ ৰজা হৈ সেই সত্ৰ বিলাকৰ উচ্ছেদ সাধন কৰিবলৈ চেষ্টা পাইছিল। সেই বিলাক বুৰঞ্জীত বিশদ ভাবে বৰ্ণনা কৰা আছে; কাজেই এইখিত সেই বিলাক উল্লেখ কৰা পুনৰুক্তি মাথোন।

 গদাধৰ ৰজাৰ বিষয়ে; ‘‘বনৰ মাজত পলাই ফুৰোতে বন দেবী আবিৰ্ভাব হৈ লহঙ্গাৰ মাজত সুমাই ৰক্ষা কৰা” (৬) “শৈলদাৰ আপুনি উদ্ঘাটিত হৈ সোমাবলৈ দিয়া আদি কৰি ভালেমান আচৰিত আৰু অসম্ভৱ প্ৰবাদ আছে। সেই বিলাক বাখ্যা কৰা এই কাব্য খনিৰ উদ্দেশ্য নহয়।


(৬) জোনাকী- ৩য় বছৰ।