কৰিবলৈ আহে আৰু শাহুৱেকৰ ঘৰত গোপনে গোপনে ল’ৰা দুটিক চাই যায়। এইদৰে কিছুদিন থাকি, তাৰ পাচত গদাপাণি পৰ্ব্বত এৰি কামৰূপৰ ফালে গ’ল। গুৱাহাটীৰ বন্দৰ বৰফুকন তেওঁৰ ভিনিহিদেৱেক। ভিনিহিদেৱেকৰ ঘৰতে কিছুদিন থাকি, তেওঁ ৰহালৈ পলাই যায়। ইয়াত ৰহদৈ নামেৰে পোহাৰী এজনীৰ ঘৰত দিনদিয়েক থাকি তেওঁ তিপামলৈ যায়। তিপামত ভাদৈ নামেৰে এজনী পোহাৰীৰ ঘৰত ১০।১২ দিনমান লুকাই থাকি তাতো বিপদ শূন্য যেন নেদেখি তেওঁ পুনৰ শলগুৰিলৈ যায়; আৰু তাৰে আঘোণী নামেৰে এজনী পোহাৰীৰ ঘৰত আশ্ৰয় লয়গৈ। কিন্তু তেওঁ শলগুৰিতো বেছি দিন থাকিবলৈ নহ’ল। অৱশেষত তেওঁ ৰাণী গাঁৱৰ এজনী গাৰোৱণী তিৰুতাত চাপি থাকেগৈ। এই গাৰোৱণী তিৰুতাজণীয়ে তেওক বৰ আদৰেৰে ৰাখিছিল। এই গাৰোৱণীকেই কামৰূপৰ “ৰাণীৰজ” বংশৰ মূল বুলি অনেকে অনুমান কৰে। (৫)
ল’ৰাৰজা কিন্তু শীঘ্ৰে বৰুৰা ফুকন বিলাকৰ অপ্ৰিয় হৈ উঠিল। তেওঁৰ অত্যাচাৰ দিনে দিনে বেছি হ’বলৈ ধৰিলে, দেশত মহা হুলস্থুল হল। গদাপাণি বাহুবলী আছিল, তেওঁ ৰাজ্যৰ হুলস্থুল গুচাব পাৰিব যেন ভাবি সকলোৱে তেওঁক বিচাৰ কৰিবলৈ ধৰিলে। গদাপাণিৰ ভাগ্যলক্ষ্মী আৰু সুপ্ৰসন্না হ’ল। অৱশেষত ইং ১৬৮১
(৫) জোনাকী ৩য় বছৰ।