প্ৰথম বাৰ গদাপাণিয়ে মাত্ৰ সাদিনহে ৰাজ-ভোগ কৰিবলৈ পালে। মন্ত্ৰী সকলৰ যড়যন্ত্ৰত পৰি ৰজা হোৱাৰ সাদিনৰ পাছ তেই, জয়মতী কুঁৱৰীয়ে সৈতে এওঁ অৰণ্যলৈ পলাই যায়। এই গদাপাণিয়েই আমাৰ কাব্যৰ নায়ক, আৰু তেওৰ কুঁৱৰী জয়মতী য়েই আমাৰ প্ৰধান নায়িকা। জয়মতী কুঁৱৰীৰ লাই আৰু লেচাই নামেৰে দুটি ল’ৰা আছিলে, কিন্তু আমাৰ কাব্য খনিত এটিৰ লগতহে সম্বন্ধ আছে; সেইটি বৰজনা কোঁৱৰ বা লাই গোহাঁই। (৩) পলাই যাওতে ৰজা-ৰাণীয়ে কোঁৱৰ দুটিক বুঢ়ীমাকৰ ঘৰত থৈ গৈছিল।
গদাপাণি পলাই গ’লত, ইং ১৬৭৯ সনত চামগুৰীয়া ফৈদৰ চুলিকফা কোঁৱৰ ৰজা হয়। এও নিচেই কটাৰি নলীয়া আৰু ল’ৰামতীয়া কোঁৱৰ আছিলে, সেই দেখি এওক হিন্দুমতে “ল’ৰা ৰজা” বোলে। এওঁ সিংহাসনত বহিয়েই কেনেবাকৈ বৰুৱা ফুকন বিলাকৰ ষড়যন্ত্ৰত পৰি আগৰ ৰজা সকলৰ দৰে অকালত প্ৰাণ হেৰুৱাব লাগে বুলি, আশঙ্কিত হবলৈ ধৰিলে। আহোম ৰজা সকলৰ ভিতৰত এনে এটি নিয়ম আছিলে, যে যদি কোনো ৰজাৰ কোৱৰৰ গাত অঙ্গক্ষত বা ঘাঁ ফোঁহোৰাৰ চিন থাকে,
(৩) এই লাই গোহাঁয়েই পাছত ইং ১৬৯৬ সনত ৰূদ্ৰসিংহ নাম লৈ আহোম সিংহাসনত ৰজা হয়।