ব্ৰহ্মোত্তৰ মাটি দিয়ে। আঁকা আলি, ধোঁদৰ আলি আদি কৰি ভালেমান আলি এওঁৰ দিনতেই হয়। আসীবত মাটি পিয়ল কৰা প্ৰথাটো এৱেই প্ৰথমে উলিয়াই। আৰু সেই পিয়ল প্ৰথম ৰংপুৰতে আৰম্ভ হয়।
ইং ১৬৮৩ সনত মুচলমানে সৈতে এওৰ শুক্ৰেশ্বৰৰ ইটাখুলিত এখন যুদ্ধ হয়। অসংখ্য মোগল পাঠান সন্য থাকোতেও, আহােম সেনাৰ আগত তিষ্ঠিব নোৱাৰি মুচলমান বিলাক পলাই গ'ল। আহোম সেনা বিলাকক লগত লৈ গদাপাণিয়েও মুচলমান বিলাকক খেদি নি মানাহ নদীৰ সিপাৰ কৰি থলেগৈ। কালক্ৰমে ইং ১৬৯৬ সনৰ ১৩ ফাগুন কৃষ্ণা চতুৰ্থীৰ দিনা গদাধৰ সিংহৰ সংসাৰ লীলা শেষ হ’ল। তেওৰ পাছত আহােম ৰজাৰ নিয়মানুসাৰে, তাৰপাছ দিনাখন তেওঁৰ বৰজনা কোঁৱৰ লাই গােহাঁইদেও ৰজা হ'ল আৰু “সিঙ্গৰি ঘৰ” উঠি হিন্দুমতে ৰুদ্ৰসিংহ নাম ললে। ৰুদ্ৰসিংহই ৰজা হৈয়েই তেওঁৰ সতী আইতাক জয়মতী কুঁৱৰীক ল’ৰাৰজাই যি ঠাইত শাস্তি কৰোৱাই মাৰিলে; সেই ঠাই ডোখৰৰ ঘটনা জগতত চিৰ স্মৰনীয়া কৰি ৰাখিবৰ মনেৰে, সেই ঠাই ডোখৰকে মাজ কৰি জয়মতী কুঁৱৰী নাম অনুসাৰে “জয়সাগৰ” নাম দি পুখুৰি এটি খনাই তাৰপাৰত এটি দৌল কৰালে। আজিও ৰংপুৰ (বৰ্তমান শিবসাগৰ) নগৰত সেই “জয়সাগৰ” পুখুৰী আৰু জয় দৌলে জয়মতী কুৱৰীৰ