পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে


 

থম আৰু দ্বিতীয় জনাক অৰ্থাৎ উদয়াদিত্য সিংহ (চুন্যতফা) আৰু ৰামধ্বজ সিংহকে (চুক্লানফা) বৰ বৰুৰাই ষড়যন্ত্ৰ কৰি বিহ খুৱাই মাৰে। এই সময়ত কোনো কাৰণ বশত বৰুৱা ফুকন বিলাক ৰাজ কাৰ্য ক্ষমতাৰ বিপক্ষ হৈ উঠিছিল। কোনো কোনো লিখকৰ মতে, ৰামধ্বজ সিংহ স্বভাৱিক ৰূপে নৰিয়া পৰি মৰে (১)। তৃতীয়, চুহুং ৰজা। এওঁৰ হিন্দু নাম নাছিল।। ২১ দিন মাত্ৰ ৰাজ্য ভোগ কৰি এইজনা ৰজাও বৰবৰুৱাৰ গুপ্তচৰৰ হাততেই অকালত প্ৰাণ হেৰুৱায়। চতুৰ্থ মাৰু ষষ্ঠ জনাক (গোবৰ আৰু চুদৈফাক) বৰফুকনে ষড়যন্ত্ৰ কৰি হত্যা কৰায়; পঞ্চম জনাক (চুজিনফাক) বুঢ়়াগোহাঁয়ে গৰগাঁৱত ধৰি চকু কাঢ়ে; সেই বেজাৰতে চুজিন্‌ফাই শিলত মূৰ মাৰি আত্মঘাতী হয়। কোনো বুৰঞ্জীত, তেওঁক শিলে- ৰে খুন্দি মাৰিলে বুলিও কয় (২)। সপ্তম জনাই পলাই প্ৰাণ ৰক্ষা কৰে। এই পলাই যোৱা জনাই আমাৰ লাঙ্গি গদাপাণি। এওৰ আহোম মাম “চুপাতফা”, হিন্দুমতে গদাধৰ সিংহ আৰু সধা- ৰণতে গদাধৰ ৰজা বোলে।

(১) জোনাকী ( **ৰ বছৰ ) আৰু অনাৰেবল্ শ্ৰীযুত পদ্মনাথ বৰুৱাৰ আসামৰ বুৰঞ্জী।
(২) শ্ৰীযুত গেইট চাহাবে লিখিছে, He was seized and his eyes were put out, and he was afterwards stoned to death
 ⸺Gait's History of Assam, Page 150.