সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
চিন্তা-কলি

নোৱাৰে। উপজিবৰ দিন ধৰি এই শাস্তি, উপজিবৰ দিন ধৰি এই ধুমুহা। সাগৰৰ পাৰৰ বালিৰ নিচিনা দিনে নিশায় ঢৌৰ ধুপালনি, মুকলি বকৰাণিৰ গছৰ নিচিনা ধুমুহাৰ মোহাৰণি খাওঁতে খাওঁতে মোৰ জীৱ লালকাল দিলে। জীৱ যায় যেন পাইছিলোঁ, কিন্তু এনে জীৱ যে সি সেইবোৰ সহিও জীয়াই আছে। এনেকুৱা ধুমুহাত পৰি কক্-বকাই ফুৰাতকৈ ডিঙ্গা বুৰি সাগৰত পৰাও ভাল। সাগৰৰ ঢৌৱে হয় একেবাৰে সাং কৰে, নাইবা কোবাই নি তোমাক পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌ তেনে নহয়। ই জীউ নামাৰে, পাৰতো লগাই নিদিয়ে, কেৱল অৰপৰা কোবাই তলৈ নিয়ে, আৰু তৰপৰা কোবাই অলৈ আনে। উপজি পৰিবৰপৰ খং খিয়াল, কপট কূৰ্চ্চুট আদি নিদাৰুণ প্ৰবৃত্তিবোৰে মনত যে কিমান আসোঁৱাহ আহুকাল, অসুখ অশান্তি লগাই আছিল তাৰ লেখ দিবলৈ টান। একোবাৰ ভাবিছিলোঁ, নুপজিলেই ভাল আছিল। কিন্তু ওপজনত মোৰ হাত নাই। কিয় উপজিলোঁ কব নোৱাৰোঁ। উপজিলোঁতোঁ উপজিলোঁৱেই, অকলশৰে ওপজাহেঁতেনো ইমানখিনি অনুশোচৰ হেতু নাথাকিলহেঁতেন; মোৰ লগতে আকৌ উপজিল সেই পিশাচ ছটা। সিহঁত মোৰ লগতে ডাঙ্গৰ দীঘল হল। সিহঁতে মোতে শিকিলে, মোতে বিকিলে, মোৰে খায়, মোৰেই অৰি হয়। লৰাকালত সিহঁতে মোৰ ওপৰত যিমান উদ্বহতি কৰিলে সেয়ে জোৰে, ডেকা কালত আকৌ চাৰি গুণে চৰিল।