পৃষ্ঠা:চিন্তা-কলি.djvu/৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



জীৱনৰ শান্তি পৰ্ব্ব ৷

 সিপাৰলৈ যাওঁ বুলি নাও মেলিলোঁ। পাৰ এৰিলতে বতাহৰ আগ পেলালে৷ ভাবিছিলোঁ ই কুৰুৱা বতাহ, নাবাঢ়ে, আৰু বাঢ়িলেও, নৌবাঢ়িবলৈ পাওঁতেই সিপাৰ চাপিম গৈ। নৈ বৰ বহল, ইপাৰৰপৰা সিপাৰলৈ মনিব নােৱাৰি। বতাহ অনুক্রমে ডাঙ্গৰ হবলৈ ধৰিলে। নৈৰ পানীৰো নাচন উঠিল। জয়জয়তে সৰু ফুটীয়া ঢৌ উঠি নাৱেৰে সৈতে ধেমালি পাতিলে। পিচত বতাহৰ বেগ টান হল, নাৱৰপৰাই মানুহ উৰুৱাব খােজে। নৈও একেবাৰে উদ্‌বাউল হৈ পৰিল। সৰু ফুটীয়া ঢৌৰ কলেৱৰ ডাঙৰ হল, আৰু একোটা টিলা পৰ্বতৰ মূৰ্ত্তি ধৰি সােহাই খেদি আহিবলৈ ধৰিলে। নাৱে শেহত থৰ-কাছুটি এৰিলে, এবাৰ আকাশলৈ উঠে, এবাৰ পাতাললৈ যায় আৰু এবাৰ ঢৌৰ টিঙ্গত উঠি নৈৰ ৰেহৰূপ চায়৷ বতাহৰ গোঁজৰণি, নৈৰ খলকনি, আৰু নাৱৰ নাচনে এটা প্রলয় মিলাই দিলে। মই তেতিয়া কি কৰিছিলোঁ মনত নপৰে, কেৱল মনত পৰে নাওখন আৰু নৈখন। নৈখন যেন এখন জুই লগা হাবিয়নি, আৰু নাওখন যেন ফেঁচু চৰাই হে। হাবিয়নিত জুই লাগিলে ফেঁচুৰ ৰঙ্গৰ সীমা নাই। সি বলিয়া হৈ পৰে, আৰু জুইৰ