পৃষ্ঠা:চিন্তা-কলি.djvu/১০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৮
চিন্তা-কলি

হে জনম দিয়ে, যেন উপজিয়েই গৰাকীক চিনি পাওঁ, যেন লোভ-মোহ পিশাচবোৰে মোক চৰাই লখিয়াই লৈ ফুৰাব নোৱাৰে, যেন ডাঙ্গৰ গৰাকীৰ হাক বচন নুশুনাৰ বাবে তুঁহ জুইৰ পোৰণি সহিব নালাগে। কিন্তু তেনেটো হব পাৰে নে? উপজি বুঢ়া হোৱা সাঁথৰত শুনিছোঁ, আচলত নাই। আচল গৰাকী আদিতে লুকাই থাকিবই থাকিব, কিলাই সেও কৰিবলৈ তোমাক লোভ-মোহৰ হাতত পেলাই দিবই দিব। কিলত যেতিয়া তুমি লালকাল দিবা তেতিয়া ওলাই দেখা দিয়ে। ই কেনেকুৱা বিচাৰ কবই নোৱাৰোঁ। তাহানি লৰাকালত ক-খ পঢ়া অৱস্থাত ওজাদেৱে মাৰিছিল। প্ৰথম দিনা মাৰোঁতে ভাবিছিলোঁ, এওঁ মোক মাৰিছে হে, মই আজি আইৰ আগত কৈ দিম, আয়ে এওঁক এশিকনি দিব। ককাইটিয়ে বা ভাইটিয়ে মাৰিলে মই আইত গোচৰ দিছিলোঁ, আৰু আয়ে অমুকক কিয় মাৰিছিলি বুলি সিহঁতক মাৰিছিল। আইৰ মাৰ খাই সিহঁতে মোক নমৰা হৈছিল। ওজাদেৱে মৰাতো আয়ে ওজাদেওক মাৰি দিব বুলি ভাবিছিলোঁ, আৰু সেই বিশ্বাসতে আইত গোচৰ দিছিলোঁ। কিন্তু আয়ে আছোক ওজাদেওক মাৰক ছাৰি মোকে হে চকু পোন্দাই ধৰিছিল। মোক মৰা বাবে আকৌ তেখেতে ওজাদেওৰ শলাগ হে লৈছিল। মোলৈ আইৰ এনে নিকৰুণ আচৰণ আগে দেখা নাছিলোঁ। মই ভাবিছিলোঁ, ওজাদেও গেৰা মহটো যেন শকত, আয়ে ভয় কৰে, এই বাৰ দেউতাক কৈ দিম। কলোঁও