পৃষ্ঠা:চিন্তা-কলি.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৫
চিন্তা-কলি
 

ভয় নকৰে, ইহঁতৰ লগত সুন্দৰ হৰিল-গৰিল মিতিৰালি কৰি সুখে সুকলমে দিন নিয়ায়। সেই জীৱবােৰে ইহঁতৰ কিলক কিল বা চৰক চৰ নােবােলে সিহঁতৰ মানত সেইবােৰ কেৱল মৰমৰ চোকা চুমা। কোনো কোনাে বলীয়াৰে বন্দীশাল ভাল পায়, তাৰপৰা উলিয়াই দিলে ওলাই যাবলৈ মান্তি নহয়। এই শ্রেণীৰ জীৱবিলাক সেই বন্দীয়াৰবিলাকৰ নিচিনা নে কি ? আন জীৱবিলাক যেনেই বা নহওক, মােৰ জীৱটো তেনেকুৱা নহয়, তেনেকুৱা হলে ভাল পালোঁহেঁতেন। মােৰ পক্ষে কিলবােৰ কিল, চুমা নহয়। সেই কিলত মােৰ হাড় জুনজুনীয়া হল।

 লােভ-মােহৰেই বা দোষ কি? সিহঁতৰ কথামতে চলিলেতো সিহঁতে হোঁ কটাও নােবােলে। সিহঁতৰ মতে চলিব নােৱাৰোঁ কিয় ? সেইটো কাৰ দোষ ? মােৰ নে আন কাৰবাৰ ? মই কওঁ, মােৰ নহয়, আন এজনৰ, লুকাই থকা এজনৰ দোষ। মই সিহঁতৰ পাচ ধৰিলে লুকাই থকা জনে হাক দিয়ে আৰু কয় হেনাে মােক সিহঁতে ভুৰুকিয়াই খালত পেলাবৰ দিহা কৰিছে। এনে কথা শুনিলে ভয় লাগে, ভয় লাগিলে নাযাওঁ, নগলেই কিল-আসোঁৱাহ অশান্তি। কেতিয়াবা লুকাই থকা জনৰ হাকলৈ আওকাণ কৰি যাওঁ, তেতিয়া কিন্তু কথা আৰু টান হয়। লােভ-মােহ শাস্তি সহিব পাৰি, কিন্তু লুকাই থকা জনৰ শাস্তি সহিবলৈ টান। তাৰ শাস্তি জুই। কেনে জুই? যি জুয়ে কেৱল পােৰে,