চলচ্চিত্ৰ/বিপৰ্যস্ত বলিউড

ৱিকিউৎসৰ পৰা
[ ১০৪ ]

বিপৰ্যস্ত বলিউড
এক

 

 পুৰুষ-শাসিত সমাজত যি নাৰীতে কম সময়ৰ ভিতৰতে সাফল্যৰ জখলাৰে ওপৰলৈ যাবলৈ বিচাৰে, তেওঁৰ হাতবেগত দুবিধ টেবলেট সদায় মজুত থাকে; —এবিধ টোপনি অহা টেবলেট, আনবিধ হ’ল গৰ্ভ-নিৰোধক টেবলেট। এই মন্তব্য আছিল এগৰাকী বিখ্যাত মহিলা সাংবাদিকৰ। তেওঁ এই মন্তব্য কৰিছিল চিত্ৰাভিনেত্ৰী ৰেখাৰ বিষয়ে লিখা এটি প্ৰবন্ধত।

 এই টেবলেট দুবিধক আক্ষৰিক অৰ্থত নলৈ প্ৰতীকী অৰ্থত গ্ৰহণ কৰিব পাৰি। গৰ্ভ-নিৰোধক টেবলেটৰ কথাটো আঁতৰাই থৈ টোপনি অহা টেবলেটৰ কথাকে প্ৰথমে আলোচনা কৰোঁ। ৰূপালী পৰ্দাত মায়াময় জীৱনৰ সপোন বিক্ৰী কৰা অভিনেতা-অভিনেত্ৰীসকলৰ বেছিভাগেই ব্যক্তিগত জীৱনতো এক সপোন-সপোন লগা ৰাজ্যতেই বসবাস কৰে। অলেখ গুণমুগ্ধ বা ৰূপমুগ্ধ স্তাবকৰ ভিৰ, প্ৰচাৰ মাধ্যমৰ উদাৰ সহযোগ, বিলাস-বহুল বাংলো, দেশী-বিদেশী গাড়ী, বিদেশত প্ৰমোদ ভ্ৰমণ আদিৰ মাজত থকা অভিনেতা-অভিনেত্ৰীসকল কিন্তু ব্যক্তিগত জীৱনত হৈ পৰে অতি নিসংগ। অৰ্থ আৰু খ্যাতিয়ে তেওঁলোকৰ ওচৰলৈ যিমান মানুহক টানি আনে, প্ৰতিষ্ঠাৰ আসনৰ পৰা সামান্য পিছলি পৰিলেই সেই গুণমুগ্ধসকল তেওঁলোকৰ ওচৰৰ পৰা অদৃশ্য হৈ যায়। এই বাস্তৱক সহ্য কৰিব নোৱাৰি, বাস্তৱক পাহৰিবলৈ তেওঁলোকে আশ্ৰয় লয় নিচা উদ্ৰেককাৰী সামগ্ৰীৰ। বিলাসবহুল জীৱনৰ মাজত থাকিও ৰাতি টোপনি যাবলৈ ব্যৱহাৰ কৰিবলগীয়া হয় —নিচা। আৰু কিছুমান আছে, —সাফল্যৰ মাজতো তেওঁলোকে নিসংগ অনুভৱ কৰে; হাজাৰ লোকৰ ভিৰৰ মাজতে মনৰ কথা পাতিবলৈ মানুহ এজনক কাষত নাপাই, নিচাগ্ৰস্থ হৈ নিজকে পাহৰি থাকিবলৈ চেষ্টা কৰে।

 দিব্যা ভাৰতী আছিল পিছৰ বিধৰ। মাত্ৰ দুবছৰৰ ভিতৰতেই দিব্যা [ ১০৫ ] হৈ পৰিছিল জনপ্ৰিয় অভিনেত্ৰী। তামিল ছবিত আত্মপ্ৰকাশ কৰা দিব্যাক হিন্দী ছবিজগতলৈ আনিছিল ‘বিশ্বাত্মা’ ছবিৰ পৰচালক ৰাজীৱ ৰায়ে। বক্স অফিচত বিশ্বাত্মাৰ আবেদন আছিল সীমিত; কিন্তু সুগঠিত দেহ আৰু সেই দেহৰ কৌশলী প্ৰদৰ্শনৰ বাবে দিব্যা প্ৰযোজক-পৰিচালক মহলত চৰ্চিত হৈছিল। তেওঁৰ হাতলৈ ছবি আহিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ‘শ্বোলে ঔৰ শ্ববনম’ আৰু ‘দীৱানা’। দুয়োখন ছবিয়েই বক্স অফিচত সফল হৈছিল; — বাণিজ্য মহলত আলোচনা কৰা হৈছিল যে দিব্যাৰ শৰীৰ খলাবমাবোৰেই দৰ্শকক আকৰ্ষণ কৰাৰ মূল ৰহস্য আছিল। সাফল্যৰ কাৰণ যিয়েই নহওক কিয়, দিব্যাৰ হাতলৈ অহা ছবিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। তাৰে ভিতৰত সৰ্বাধিক উল্লেখযোগ্য ছবিখন আছিল জে. পি. দত্তাৰ ‘ক্ষত্ৰিয়’। ফিল্ম ফেয়াৰ পত্ৰিকাৰ ৩৮তম প্ৰতিযোগিতাত দিব্যাক দিয়া হৈছিল উল্লেখযোগ্য নবাগতাৰ পুৰস্কাৰ।

 এই কেৰিয়াৰ গ্ৰাফ যিকোনো নতুন অভিনেত্ৰী এগৰাকীৰ বাবে অভাৱনীয় প্ৰাপ্তি। জুহি চাওলা, ৰবিনা টেণ্ডন, কৰিশ্মা কাপুৰ আৰু বহুতো সমসাময়িক আৰু প্ৰবীণা অভিনেত্ৰীক পাই পেলাই থৈ আগবাঢ়ি যোৱা দিব্যা ভাৰতীয়ে ঊনৈছ বছৰত ভৰি দিয়েই বিবাহ-পাশত আৱদ্ধ হয় তেওঁৰ প্ৰেমিক ছাজিদ নাদিৱালাৰ লগত।

 কেৰিয়াৰৰ আৰম্ভণিতেই কোনো অভিনেত্ৰীয়েই বিবাহ-পাশত আৱদ্ধ হ’বলৈ নিবিচাৰে। বিবাহে অভিনেত্ৰীৰ আকৰ্ষণ আৰু জনপ্ৰিয়তা হ্ৰাস কৰে বুলি ছবিজগতৰ লোকসকলে বিশ্বাস কৰে। সেইবোৰ জানিও দিব্যাই গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল; পাছত বিবাহৰ সংবাদো গোপনে ৰখা নাছিল; তথাপি ছবিজগতত তেওঁৰ জনপ্ৰিয়তা নিম্নগামী হোৱা নাছিল।

 অকলশৰে নিজৰ জন্মদিন পালন কৰা দিব্যা সৰুৰে পৰাই আছিল স্ফুৰ্তি-আনন্দ ভালপোৱা বিধৰ। নিজৰ নিসংগতা দূৰ কৰিবৰ বাবেই হয়তো দিব্যা কম বয়সতে বিবাহ-পাশত আবদ্ধ হৈছিল, কিন্তু বিয়াৰ পাছৰ পৰাই দিব্যাৰ মদ্যপানৰ মাত্ৰা বৃদ্ধি পাইছিল আৰু নিচাগ্ৰস্ত দিব্যা [ ১০৬ ] যোৱা পাঁচ এপ্ৰিলৰ নিশা আন্ধেৰিৰ তুলসী এপাৰ্টমেণ্টৰ ছয় মহলাৰ ফ্লেটৰ পৰা তললৈ সৰি পৰিছিল। দিব্যাৰ মৃত্যুৰ লগে লগে দিব্যাই কাম কৰি থকা চৈধ্যখন ছবি আৰু সেই ছবিত বিনিয়োগ কৰা বহুকোটি টকাৰ ভৱিষ্যত অনিশ্চয়তাৰ গভীৰতাত ডুবি গৈছিল। আঠখন ছবি আছিল প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত; —যিকেইখন অতি কমেও এক কোটি টকাকৈ পুনৰ খৰচ কৰিব লাগিব— ছবিকেইখন সম্পূৰ্ণ কৰি উলিওৱাৰ বাবে। দিব্যাৰ ঠাইত নতুন অভিনেত্ৰী ঠিক কৰা, সেই অভিনেত্ৰীৰ পৰা ডেট লৈ পুনৰ দৃশ্যগ্ৰহণ কৰা, দিব্যাৰ পূৰ্বৰ সহশিল্পীসকলৰ পুনৰ একত্ৰিত কৰা, —এইবোৰ কৰাৰ বাবে প্ৰয়োজন হ’ব বহু সময়ৰ। এইবোৰেও ছবিবোৰৰ ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰাই গৈ থাকিব। এই ছবিবোৰৰ দুখনমান আছিল অকল দিব্যাকেই সম্বল হিচাপে লৈ নিৰ্মাণ কৰা। এই কেইখনৰ ভবিষ্যত বেছি অন্ধকাৰ।

 দিব্যাৰ এই আকস্মিক বিয়োগ হত্যা নে দুৰ্ঘটনা নে আত্মহত্যা সেই বিষয়ে স্পষ্ট কথা এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু মদ্যপানৰ আধিক্যই যে দিব্যাক ক্ৰমশঃ আত্মহত্যাৰ পথলৈ লৈ গৈছিল সেই বিষয়ে সন্দেহৰ অৱকাশ নাই।

 মানুহৰ মন সঁচাকৈয়ে ব্যাখ্যাতীত। বাহিৰৰ পৰা দেখাত দিব্যা আছিল সকলো দিশৰ পকাই সফল। কিন্তু কোনে জানিছিল, —তেওঁৰ মনৰ গভীৰত আছিল এনে শূন্যতা বা অতৃপ্তি যাৰ বাবে তেওঁ নিজকে পাহৰিবলৈ মদৰ নিচাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।

 দিব্যাই প্ৰথম উদাহৰণ নহয়। কেইদিনমানৰ আগতে আত্মহত্যাৰ চেষ্টা কৰি বিফল হৈছিল আন এক জনপ্ৰিয় অভিনেত্ৰী জয়াপ্ৰদা। ৰেখাৰ আত্মহত্যাৰ একাধিক প্ৰচেষ্টাৰ সংবাদ কাৰো অবিদিত নহয়। এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী পাৰবীন বাবিয়েও আত্মহত্যাৰ চেষ্টা চলাইছিল খ্যাতিৰ চূড়াত থকা অৱস্থাতেই।

 অত্যাধিক মদ্যপানেই মীনা কুমাৰীক মৃত্যুৰ মুখলৈ আগবঢ়াই নিছিল। নিসংগ সঞ্জীৱ কুমাৰৰ অকাল মৃত্যুৰ অন্যতম কাৰণ আছিল অধিক মদ্যপান। গীতিকাৰ হিচাপে সুপ্ৰতিষ্ঠিত শৈলেন্দ্ৰই জীৱনৰ সমস্ত সঞ্চিত [ ১০৭ ] ধন ব্যয় কৰি নিৰ্মাণ কৰিছিল ‘তিসৰী কসম' নামৰ ছবিখন। গুণগত দিশত সম্মান অৰ্জন কৰিলেও ছবিখন বক্স অফিচৰ দিশৰ পৰা আছিল অতি শোচনীয়ভাৱে ব্যৰ্থ। অৰ্থনৈতিকভাৱে বিধ্বস্ত হোৱা শৈলেন্দ্ৰই এই অৱস্থা পাহৰি থাকিবলৈ আশ্ৰয় লৈছিল মদৰ আৰু মদেই তেওঁৰ শেষ আশ্ৰয় হ’লগৈ।

 প্যাসা, কাগজ কে ফুলৰ গুৰুদত্তৰ পাৰিবাৰিক জীৱন আছিল অশান্তিৰে পূৰ্ণ। তথাপি তেওঁ মৰিবলৈ ইচ্ছা কৰা নাছিল। কামৰ মাজত বুৰ গৈ থাকিলেও তেওঁৰ টোপনি অহা নাছিল আৰু সেয়ে প্ৰতি নিশাই শান্তিৰে শুবলৈ তেওঁ আশ্ৰয় লৈছিল টোপনি অহা ঔষধৰ। এই ঔষধৰ অধিক সেৱনৰ বাবেই তেওঁ অকালতে চিৰনিদ্ৰাৰ কোলাত ঢলি পৰিছিল। গুৰুদত্ত-গীতাদত্তৰ পুত্ৰ তৰুণ দত্তৰ অকাল মৃত্যুও আছিল ৰহস্যজনক। তেওঁৰ মৃত্যুশয্যাৰ ওচৰত পোৱা গৈছিল টোপনি অহা ঔষধ।

 মদ্যপানৰ লগত অবিচ্ছেদ্য এটি নাম ঋত্বিক ঘটক। ভাৰতীয় ছবিৰ অন্যতম বিখ্যাত পৰিচালক ঋত্বিক ঘটকে অত্যাধিক মদ্যপান কৰি নিজৰ ওপৰতে অত্যাচাৰ চলাইছিল আৰু সেয়াই আছিল তেওঁৰ ভগ্ন স্বাস্থ্য আৰু অকাল মৃত্যুৰ অন্যতম কাৰণ।

 জীৱন যুদ্ধত পৰাজিত হোৱা সকলে আত্মহননৰ পথ এটা বাছি লোৱা কাৰ্যত এটা যুক্তি বিচাৰি পোৱা যায়। কিন্তু জীৱন যুদ্ধত যিসকল সফল, তেওঁলোকে এই পথত ভৰি দিয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এটাই;— সফলতাৰ সংজ্ঞা তেওঁলোকৰ বাবে বেলেগ;—বাহিৰৰ মানুহে সেই সংজ্ঞা উপলব্ধি কৰিব নোৱাৰাই স্বাভাৱিক।

 

দুই


 চিনেমা জগতৰ লগত জড়িত অধিকাংশ লোকেই ভাগ্যক বিশ্বাস কৰে। ছবি এখনৰ সফলতা বা বিফলতাৰ কাৰণ বিচাৰি বহু সময়ত দিশহাৰা হৈ যাবলগীয়া হয়। সেয়ে এটা সময়ত ভাগ্যৰ ওপৰত বিশ্বাস কৰাৰ বিকল্প নাথাকে।
[ ১০৮ ]  সেই দশাই এতিয়া হৈছেগৈ জে. পি. দত্তাৰ। চিত্ৰ পৰিচালক হিচাপে ঈৰ্ষণীয় দক্ষতা প্ৰদৰ্শন কৰাৰ পাছতো জে. পি. দত্তাৰ কেইবাখনো ছবিয়ে বক্স-অফিছত কোনো আলোড়নৰ সৃষ্টি কৰিব পৰা নাছিল। এওঁৰ শেহতীয়া ছবি পাঁচ কোটি টকা ব্যয়ৰ ‘ক্ষত্ৰিয়’ই লাভৰ মুখ দেখুৱাবলৈ আৰম্ভ কৰিছিল। ছবি ৰিলিজ হোৱাৰ আগতেই পৰিবেশকৰ লগত হোৱা লেনদেনতেই ছবিখনে অৰ্থনৈতিক সফলতাৰ প্ৰতিশ্ৰুতি বহন কৰিছিল।

 ছবিখনে মুত্তিলাভ কৰাৰ পাছতো দৰ্শকৰ প্ৰতিক্ৰিয়া আছিল আশাব্যঞ্জক। বিদ্যা ভাৰতীৰ অকাল বিয়োগে ছবিখনৰ সাফল্যৰ গতি ক্ষিপ্ৰ কৰিব বুলি ভবা হ’ল। ‘ক্ষত্ৰিয়’ত দিব্যাই এটি ‘ফুলদানি চৰিত্ৰ’ত অভিনয় কৰিছিল। দিব্যাৰ মৃত্যুৰ লগে-লগে ‘ক্ষত্ৰিয়’ৰ নতুন পোষ্টাৰ ছপাই বিতৰণ কৰা হ’ল।

 কিন্তু! ইয়াকেই হয়তো ভাগ্য বোলে। অবৈধভাৱে এ.কে. ৫৬ নামৰ আগ্নেয়াস্ত্ৰ এটা লগত ৰখা বাবে সঞ্জয় দত্তক টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ লগে-লগেই ‘ক্ষত্ৰিয়’ৰ ভাগ্যপাট হঠাৎ সলনি হৈ গ’ল। ‘ক্ষত্ৰিয়’ৰ মূল চৰিত্ৰত অভিনয় কৰিছিল সঞ্জয় দত্তই। ছল্লিছ লাখ টকা পাৰিশ্ৰমিক লোৱা সঞ্জয় দত্তই এই ছবিৰ সাফল্যত সহায় কৰিব বুলি ভাবি সকলো ধৰণৰ প্ৰচাৰত তেওঁৰ ছবি বিশেষভাৱে প্ৰচাৰ কৰা হৈছিল। কিন্তু সঞ্জয়ৰ ওপৰত উঠা সকলো খং প্ৰকাশৰ বাবে ‘ক্ষত্ৰিয়’কে বাছি লোৱাৰ ফলত সঞ্জয়ৰ কুকৰ্মৰ ফল বহন কৰিবলগীয়া হ’ল জে. পি. দত্তাই; সফলতাৰ সলনি সাময়িক ক্ষতি আৰু অনিশ্চিত ভৱিষ্যতক আমন্ত্ৰণ কৰি আনিলে সঞ্জয় দত্তই। ইয়াৰ পাছতো ভাগ্যৰ ওচৰত আত্মসমৰ্পণ নকৰি উপায় কি?

 সঞ্জয় দত্তক গ্ৰেপ্তাৰ কৰা হয় বেআইনী অস্ত্ৰ নিজৰ লগত ৰখাৰ বাবে আৰু বোম্বাইৰ বোমা বিস্ফোৰণৰ লগত জড়িত লোকৰ বিষয়ে তথ্য উদ্ধাৰৰ বাবে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে বোমা বিস্ফোৰণেৰে বোম্বাইক ধ্বংস কৰিবলৈ ওলোৱা দলটোৰ লগত সঞ্জয় দত্তৰ সম্পৰ্ক আছে। বোমা বিস্ফোৰণৰ লগত সঞ্জয়ৰ কি সম্পৰ্ক তাক আৰক্ষী [ ১০৯ ] সূত্ৰই এতিয়াও প্ৰকাশ কৰা নাই। সঞ্জয়ৰ পিতৃ কংগ্ৰেছী নেতা সুনীল দত্তৰ প্ৰভাৱী হাতেও তেওঁক আৰক্ষীৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা নাই।

 বোম্বাইৰ বোমা বিস্ফোৰণৰ লগত জড়িত মেমনভাতৃ আৰু সেই ঘটনাৰ মূল মস্তিষ্ক ডুবাইৰ অন্ধকাৰ জগতৰ ৰজা ডাউড ইব্ৰাহিমৰ লগত যে সঞ্জয়ৰ ঘনিষ্ঠ সম্পৰ্ক আছে, সেই কথা প্ৰকাশ পোৱাৰ লগে লগেই সঞ্জয়ক ‘দেশদ্ৰোহী’ আখ্যাৰে বিভূষিত কৰি বহুলোকে সঞ্জয় বিৰূদ্ধে খড়গ হস্ত হৈ উঠে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশিত হয় দেশৰ বিভিন্ন অঞ্চলত প্ৰদৰ্শিত হৈ থকা ‘ক্ষত্ৰিয়’ ছবিখনৰ ওপৰত। ৰাইজৰ হেঁচাত ছবিখনৰ প্ৰদৰ্শন স্থগিত কৰি দিয়া হয়, প্ৰেক্ষাগৃহৰ সন্মুখত প্ৰচাৰৰ বাবে লগোৱা সঞ্জয় দত্তৰ বিশাল বিশাল ছবিবোৰ আঁতৰাই পেলোৱা হয়। সঞ্জয় অভিনীত আন যিবোৰ ছবিৰ প্ৰদৰ্শন চলি আছিল, সেইবোৰৰ প্ৰদৰ্শনো বন্ধ ৰখা হয়। সঞ্জয়ৰ লগতে প্ৰায় একে অপৰাধতে বোম্বাইৰ পুলিচে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰে। সেই দুজন হ’ল মেগনাম ভিডি’অৰ মালিক হানিফ কাদাওৱালা আৰু সমীৰ হিংগোৰো। সমীৰ হিংগোৰা প্ৰযোজিত ‘সনম’ ছবিখনৰো নায়ক আছিল সঞ্জয় দত্ত।

 সঞ্জয় দত্ত অভিনীত আৰু নিৰ্মাণ কাৰ্য বিভিন্ন পৰ্যায়ত থকা ছবিৰ সংখ্যা তেৰখন। মোটা পৰিমাণৰ আগধন লৈ চুক্তিবদ্ধ হৈ থকা ছবি সংখ্যাও বিছখনৰ অধিক। নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত থকা ছবিবোৰৰ বাজেট আছিল গড়ে তিনি কোটি টকা। অৰ্থাৎ পোনপটীয়াভাৱে প্ৰায় চল্লিছ কোটি টকাৰ ভৱিষ্যত এতিয়া অনিশ্চয়তাৰ গৰ্ভত। ১৪ মে’ত মুক্তি পাবলগীয়া ছবি এখন আছিল সুভাষ ঘাইৰ ‘খলনায়ক’? চাৰিকোটি টকীয়া এই ছবিৰ মুক্তিৰ দিনো এতিয়া অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে। মুঠতে প্ৰায় পঞ্চাছ কোটি টকা বিনিয়োগৰ ব্যৱসায় এজন অভিনেতাই বন্ধ কৰি দিলে। অকল ইমানেই নহয়, সঞ্জয় অভিনীত পূৰ্বৰ ছবিবোৰৰ এতিয়া বাকছত বন্দী। সুনীল দত্ত অভিনীত ছবিৰো মুত্তিৰ দিন পিছুৱাই দিয়া হৈছে।

 বিভিন্ন সংগঠনে সঞ্জয়ক ছবিজগতৰ পৰা বয়কট কৰাৰ বাবে দাবী [ ১১০ ] তুলিছে যদিও চলচ্চিত্ৰ প্ৰযোজক সংস্থাই এই বিষয়ে খাটাং সিদ্ধান্ত ল’ব পৰা নাই। এই ছবিবোৰত বিনিয়োগ হোৱা টকাৰ পৰিমাণ, প্ৰযোজক- সহশিল্পী আদিৰ স্বাৰ্থলৈ চাই প্ৰযোজক সংস্থাই কোনো সিদ্ধান্ত লোৱা নাই যদিও বিচাৰ শেষ নোহোৱা পৰ্যন্ত আত্মপ্ৰকাশ কৰিব পাৰিব তাত সন্দেহ আছে। বোম্বাইৰ বোমা বিস্ফোৰণৰ ঘটনাত সঞ্জয় জৰিত বুলি প্ৰমাণিত হ’লে চলচিত্ৰ প্ৰযোজক সংস্থাই সঞ্জয়ক বয়কট কৰাটো প্ৰায় খাটাং। লগে লগে বিভিন্ন প্ৰযোজকৰ প্ৰায় পঞ্চাছ কোটি টকা আৰব সাগৰৰ তলিলৈ নিক্ষেপিত হ’ব।

 সঞ্জয় গ্ৰেপ্তাৰ হোৱাৰ পাছতে আন এটা কথা পোহৰলৈ আহে। অভিনেত্ৰী মন্দাকিনীৰ লগত ডাউড ইব্ৰাহিমৰ সম্পৰ্ক থকাৰ কথা বোমা বিস্ফোৰণৰ লগত মন্দাকিনীৰ সংযোগ নাই বুলি আৰক্ষী মহলে প্ৰকাশ কৰিছে। লগতে এই সংবাদো পৰিবেশন কৰিছে যে ডাউড ইব্ৰাহিমৰ লগত থকা সম্পৰ্কৰ ফলত মন্দাকিনী এটা সন্তানৰ মাতৃ হৈছিল।

 সঞ্জয় বোমা বিস্ফোৰণৰ লগত কিমান জড়িত সেই কথা এতিয়াও স্পষ্ট নহ’লেও, আন এটা কথা সকলোৰে বাবে স্পষ্ট হৈ পৰিছে যে অন্ধকাৰ জগতৰ সম্ৰাটসকলৰ লগত বোম্বাই ছিনেমা জগতৰ বৰ ঘনিষ্ঠ সম্পৰ্ক। অকল ডাউড ইব্ৰাহিমেই নহয়, বোম্বাই আৰু ডুবাইৰ বহু ধনী আৰু শক্তিশালী লোকে বোম্বাইৰ ছবিজগতৰ বিভিন্ন ব্যক্তি আৰু ঘটনাক নিয়ন্ত্ৰণ কৰে। অলপতে এটা সাক্ষাৎকাৰত মিথুন চক্ৰবৰ্তীয়ে কৈছে যে বোম্বাইৰ প্ৰায় নব্বৈ শতাংশ লোকেই অন্ধকাৰ জগতৰ ব্যক্তিৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত। বাকী দহ শতাংশৰ মাজত থকা এজন লোক হ’ল অমিতাভ বচ্চন। কংগ্ৰেছ চৰকাৰৰ উৰ্দ্ধতন মহলৰ লগত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই ডাউড ইব্ৰাহিম অমিতাভৰ ওচৰ চপা নাই বুলি মিথুন চক্ৰবৰ্তীয়ে ভাবে। সঞ্জয়ৰ ক্ষেত্ৰত কিন্তু এই কথাটো নাখাটে। ইয়াৰ বিপৰীতটোহে হোৱাৰ সম্ভাৱনা অধিক। কংগ্ৰেছ এম. পিৰ পুত্ৰ হোৱা বাবেই হয়তো সঞ্জয়ৰ প্ৰতি ডাউড অধিক আগ্ৰহী হ’ব পাৰে।

 বহু বছৰৰ আগতে প্ৰকাশিত এখন ছবিয়ে ভাৰতৰ চিত্ৰপ্ৰেমী ৰাইজৰ চকু থিয় কৰাই দিছিল। ছবিখনত আছিল কুখ্যাত চোৰাংকাৰবাৰী হাজী [ ১১১ ] মস্তানৰ ভৰিৰ ওচৰত বহি আছে হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা- পৰিচালক-প্ৰযোজক ৰাজকাপুৰ। সেই সময়তে প্ৰচাৰিত এটা সংবাদ আছিল— মেৰা নাম জোকাৰ ব্যৱসায়িক দিশত বিধ্বস্ত হোৱাৰ পাছত ৰাজকাপুৰ অৰ্থবল যেতিয়া শূন্য হৈ পৰিছিল, তেতিয়া হাজী মস্তানৰ অৰ্থ সাহায্যৰে ৰাজকাপুৰে নিৰ্মাণ কৰিছিল ‘ববি’। আনপিনে প্ৰযোজক গুলশ্বন ৰায়ে হাজী মস্তানৰ জীৱনৰ ভেটিত নিৰ্মাণ কৰা অমিতাভ অভিনীত ‘দীৱাৰ’ ছবিখনৰ প্ৰযোজনাৰ ব্যয় হাজী মস্তানে বহন কৰিছিল বুলি সংবাদ প্ৰচাৰিত হৈছিল। এই সংবাদবোৰৰ সত্যতা প্ৰমাণিত হোৱাৰ আগতেই এই সংবাদবোৰ বতাহৰ লগত মিলি গৈছিল যদিও এটা সন্দেহ চৌদিশে বিয়পি থাকিল; —বোম্বাইৰ ছবিজগতৰ লোকৰ লগত অন্ধকাৰ জগতৰ লোকে ওচৰ সম্পৰ্কে স্থাপন কৰিছে।

 হিন্দী ছবিত এনে বহু অভিনেত্ৰী আছে— যি সকলে এখন বা দুখন ছবিৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু পাছত লাহে-লাহে ৰূপালী পৰ্দাৰ প্ৰথম শাৰীৰ পৰা আঁতৰি গৈ থাকে। এনে অভিনেত্ৰীবোৰে বিলাসী আৰু ব্যয়বহুল জীৱনেই অতিবাহিত কৰে আৰু কামৰ ভিতৰত কৰে ডুবাইত মঞ্চ প্ৰদৰ্শন। ছবিজগতৰ লগত জৰিত লোকৰ ধাৰণা,— ডুবাইৰ মঞ্চ প্ৰদৰ্শন মাথোন মানুহক দেখুৱাবৰ বাবেহে;— তেওঁলোকৰ আচল জীৱিকা হ’ল ডুবাইৰ ধনীলোকৰ ৰক্ষিতা হৈ থকাটোহে। কথাটোৰ সত্যতা প্ৰমাণ কৰা সহজ নহয়, কিন্তু মন্দাকিনী আৰু ডাউড ইব্ৰাহিমৰ সম্পৰ্কই সেই ইংগিতেই দিয়ে।

 অভিনেত্ৰীসকলৰ লগত দৈহিক সম্পৰ্ক স্থাপনৰ বাবে অন্ধকাৰ জগতৰ লোকসকলৰ আগ্ৰহ বা ইচ্ছাৰ যুক্তি এটা বিচাৰি পোৱা যায়। কিন্তু অভিনেতাসকলৰ লগত সম্পৰ্কৰ কাৰণ? ছবিজগতৰ লগত জড়িত এজন লোকৰ মতে— যিহেতু সাধাৰণ ৰাইজ আৰু আনকি আৰক্ষী বিভাগৰ কিছুমান লোকেও অভিনেতাসকলক সমীহৰ দৃষ্টিৰে চায়, গতিকে অন্ধকাৰ জগতৰ গোপন খবৰ সৰবৰাহ কৰা বাবে এই অভিনেতাসকলক ব্যৱহাৰ কৰা হয়। নিজৰ ৰক্ষিতাক ছবিব নায়িকাৰ ৰূপত দেখা পোৱাৰ বাবে আৰু প্ৰিয়পাত্ৰ অভিনেতাক পুৰস্কাৰ হিচাপে নায়কৰ চৰিত্ৰত অভিনয় [ ১১২ ] সুযোগ দিয়াৰ বাবে অন্ধকাৰ জগতৰ এই লোকসকল ছবি প্ৰযোজনাৰ বাবে আগবাঢ়ি আহে। তেওঁলোকে নিজৰ নামত ছবি প্ৰযোজনা নকৰিলেও অইন এজেন্টৰ হতুৱাই ছবি প্ৰযোজনা কৰে। ইয়াৰ সুন্দৰ উদাহৰণ হল ডাউড ইব্ৰাহিমৰ সহযোগী সমীৰ হিংগোৰাই প্ৰযোজনা কৰা ছবি ‘চনম’,— যাৰ নায়ক সঞ্জয় দত্ত।

 লেখক-প্ৰযোজক-পৰিচালক সুভাষ ঘায়ে স্পষ্ট ভাষাৰে অভিযোগ কৰিছে যে এই মানুহবোৰৰ সংযোগ আৰু অৰ্থবলৰ বাবে যিকোনো লোক ৰাতিৰ ভিতৰতে পৰিচালকৰ আসনত বহিছে; অভিনেতা- অভিনেত্ৰীৰ পাৰিশ্ৰমিকৰ নিৰিখ যুক্তিহীনভাৱে উঠোৱা নমোৱা কৰিছে, ব্যৱসায়িক শৃংখলাবোধ নোহোৱা হৈ গৈছে।

 দুই-তিনিখন ছবি হিট হোৱাৰ পাছতে সঞ্জয় দত্তৰ পাৰিশ্ৰমিক পৰিমাণ বৃদ্ধি হৈ চল্লিছ লাখ টকা পাইছিলগৈ, —যিটো বোম্বাইৰ ছবিজগতত অভিনেতাই পোৱা দ্বিতীয় সৰ্বোচ্চ পৰিমাণ। প্ৰথম স্থান অৱশ্যেই অমিতাভ বচ্চনৰ। সঞ্জয়ৰ এই উত্থানৰ নেপথ্যত ডাউড ইব্ৰাহিমৰ হাত থকা বুলি বহুতেই অনুমান কৰে।

 বোম্বাইৰ বোমা বিস্ফোৰণৰ আঁত ধৰি বোম্বাইৰ চিনেমা জগতৰ যিবোৰ সংবাদ পোহৰলৈ আহিছে, তাৰ প্ৰতিক্ৰিয়া যে সুদুৰপ্ৰসাৰী হ’ব তাত কোনো সন্দেহ নাই। টেলিভিছন, কেৱল টিভি, ভিডিঅ’ আদিৰ আক্ৰমণত দুৰ্বল হৈ পৰা বোম্বাইৰ হিন্দী ছবিজগতক সজীব কৰি ৰাখিছিল অন্ধকাৰ জগতৰ পৰা অহা অৰ্থভাণ্ডাৰে। কিন্তু ৰক্ষকৰ ভূমিকাৰে আগবাঢ়ি অহা এই ভয়াবহ অক্টোপাছৰ বাহুৰ মাজৰ পৰা আঁতৰি অহাৰ লগে- লগে ছবিজগত পুনৰ, অৰ্থনৈতিক সংকটৰ মুখামুখি হ’ব। সুভাষ ঘায়ে কোৱাৰ দৰে,— এয়া হ’ব বোম্বাইৰ ছবিজগতৰ মংগলৰ বাবেহে। তেতিয়া ছবিজগত পুনৰ ঘূৰি আহিব ছবিজগতৰ নিষ্ঠাবান মানুহৰ হাতলৈকে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।