পৃষ্ঠা:Chalachitra.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মস্তানৰ ভৰিৰ ওচৰত বহি আছে হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা- পৰিচালক-প্ৰযোজক ৰাজকাপুৰ। সেই সময়তে প্ৰচাৰিত এটা সংবাদ আছিল— মেৰা নাম জোকাৰ ব্যৱসায়িক দিশত বিধ্বস্ত হোৱাৰ পাছত ৰাজকাপুৰ অৰ্থবল যেতিয়া শূন্য হৈ পৰিছিল, তেতিয়া হাজী মস্তানৰ অৰ্থ সাহায্যৰে ৰাজকাপুৰে নিৰ্মাণ কৰিছিল ‘ববি’। আনপিনে প্ৰযোজক গুলশ্বন ৰায়ে হাজী মস্তানৰ জীৱনৰ ভেটিত নিৰ্মাণ কৰা অমিতাভ অভিনীত ‘দীৱাৰ’ ছবিখনৰ প্ৰযোজনাৰ ব্যয় হাজী মস্তানে বহন কৰিছিল বুলি সংবাদ প্ৰচাৰিত হৈছিল। এই সংবাদবোৰৰ সত্যতা প্ৰমাণিত হোৱাৰ আগতেই এই সংবাদবোৰ বতাহৰ লগত মিলি গৈছিল যদিও এটা সন্দেহ চৌদিশে বিয়পি থাকিল; —বোম্বাইৰ ছবিজগতৰ লোকৰ লগত অন্ধকাৰ জগতৰ লোকে ওচৰ সম্পৰ্কে স্থাপন কৰিছে।

 হিন্দী ছবিত এনে বহু অভিনেত্ৰী আছে— যি সকলে এখন বা দুখন ছবিৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু পাছত লাহে-লাহে ৰূপালী পৰ্দাৰ প্ৰথম শাৰীৰ পৰা আঁতৰি গৈ থাকে। এনে অভিনেত্ৰীবোৰে বিলাসী আৰু ব্যয়বহুল জীৱনেই অতিবাহিত কৰে আৰু কামৰ ভিতৰত কৰে ডুবাইত মঞ্চ প্ৰদৰ্শন। ছবিজগতৰ লগত জৰিত লোকৰ ধাৰণা,— ডুবাইৰ মঞ্চ প্ৰদৰ্শন মাথোন মানুহক দেখুৱাবৰ বাবেহে;— তেওঁলোকৰ আচল জীৱিকা হ’ল ডুবাইৰ ধনীলোকৰ ৰক্ষিতা হৈ থকাটোহে। কথাটোৰ সত্যতা প্ৰমাণ কৰা সহজ নহয়, কিন্তু মন্দাকিনী আৰু ডাউড ইব্ৰাহিমৰ সম্পৰ্কই সেই ইংগিতেই দিয়ে।

 অভিনেত্ৰীসকলৰ লগত দৈহিক সম্পৰ্ক স্থাপনৰ বাবে অন্ধকাৰ জগতৰ লোকসকলৰ আগ্ৰহ বা ইচ্ছাৰ যুক্তি এটা বিচাৰি পোৱা যায়। কিন্তু অভিনেতাসকলৰ লগত সম্পৰ্কৰ কাৰণ? ছবিজগতৰ লগত জড়িত এজন লোকৰ মতে— যিহেতু সাধাৰণ ৰাইজ আৰু আনকি আৰক্ষী বিভাগৰ কিছুমান লোকেও অভিনেতাসকলক সমীহৰ দৃষ্টিৰে চায়, গতিকে অন্ধকাৰ জগতৰ গোপন খবৰ সৰবৰাহ কৰা বাবে এই অভিনেতাসকলক ব্যৱহাৰ কৰা হয়। নিজৰ ৰক্ষিতাক ছবিব নায়িকাৰ ৰূপত দেখা পোৱাৰ

বাবে আৰু প্ৰিয়পাত্ৰ অভিনেতাক পুৰস্কাৰ হিচাপে নায়কৰ চৰিত্ৰত অভিনয়

১১১