পৃষ্ঠা:Chalachitra.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুলিছে যদিও চলচ্চিত্ৰ প্ৰযোজক সংস্থাই এই বিষয়ে খাটাং সিদ্ধান্ত ল’ব পৰা নাই। এই ছবিবোৰত বিনিয়োগ হোৱা টকাৰ পৰিমাণ, প্ৰযোজক- সহশিল্পী আদিৰ স্বাৰ্থলৈ চাই প্ৰযোজক সংস্থাই কোনো সিদ্ধান্ত লোৱা নাই যদিও বিচাৰ শেষ নোহোৱা পৰ্যন্ত আত্মপ্ৰকাশ কৰিব পাৰিব তাত সন্দেহ আছে। বোম্বাইৰ বোমা বিস্ফোৰণৰ ঘটনাত সঞ্জয় জৰিত বুলি প্ৰমাণিত হ’লে চলচিত্ৰ প্ৰযোজক সংস্থাই সঞ্জয়ক বয়কট কৰাটো প্ৰায় খাটাং। লগে লগে বিভিন্ন প্ৰযোজকৰ প্ৰায় পঞ্চাছ কোটি টকা আৰব সাগৰৰ তলিলৈ নিক্ষেপিত হ’ব।

 সঞ্জয় গ্ৰেপ্তাৰ হোৱাৰ পাছতে আন এটা কথা পোহৰলৈ আহে। অভিনেত্ৰী মন্দাকিনীৰ লগত ডাউড ইব্ৰাহিমৰ সম্পৰ্ক থকাৰ কথা বোমা বিস্ফোৰণৰ লগত মন্দাকিনীৰ সংযোগ নাই বুলি আৰক্ষী মহলে প্ৰকাশ কৰিছে। লগতে এই সংবাদো পৰিবেশন কৰিছে যে ডাউড ইব্ৰাহিমৰ লগত থকা সম্পৰ্কৰ ফলত মন্দাকিনী এটা সন্তানৰ মাতৃ হৈছিল।

 সঞ্জয় বোমা বিস্ফোৰণৰ লগত কিমান জড়িত সেই কথা এতিয়াও স্পষ্ট নহ’লেও, আন এটা কথা সকলোৰে বাবে স্পষ্ট হৈ পৰিছে যে অন্ধকাৰ জগতৰ সম্ৰাটসকলৰ লগত বোম্বাই ছিনেমা জগতৰ বৰ ঘনিষ্ঠ সম্পৰ্ক। অকল ডাউড ইব্ৰাহিমেই নহয়, বোম্বাই আৰু ডুবাইৰ বহু ধনী আৰু শক্তিশালী লোকে বোম্বাইৰ ছবিজগতৰ বিভিন্ন ব্যক্তি আৰু ঘটনাক নিয়ন্ত্ৰণ কৰে। অলপতে এটা সাক্ষাৎকাৰত মিথুন চক্ৰবৰ্তীয়ে কৈছে যে বোম্বাইৰ প্ৰায় নব্বৈ শতাংশ লোকেই অন্ধকাৰ জগতৰ ব্যক্তিৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত। বাকী দহ শতাংশৰ মাজত থকা এজন লোক হ’ল অমিতাভ বচ্চন। কংগ্ৰেছ চৰকাৰৰ উৰ্দ্ধতন মহলৰ লগত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই ডাউড ইব্ৰাহিম অমিতাভৰ ওচৰ চপা নাই বুলি মিথুন চক্ৰবৰ্তীয়ে ভাবে। সঞ্জয়ৰ ক্ষেত্ৰত কিন্তু এই কথাটো নাখাটে। ইয়াৰ বিপৰীতটোহে হোৱাৰ সম্ভাৱনা অধিক। কংগ্ৰেছ এম. পিৰ পুত্ৰ হোৱা বাবেই হয়তো সঞ্জয়ৰ প্ৰতি ডাউড অধিক আগ্ৰহী হ’ব পাৰে।

 বহু বছৰৰ আগতে প্ৰকাশিত এখন ছবিয়ে ভাৰতৰ চিত্ৰপ্ৰেমী ৰাইজৰ

চকু থিয় কৰাই দিছিল। ছবিখনত আছিল কুখ্যাত চোৰাংকাৰবাৰী হাজী

১১০