চলচ্চিত্ৰ/হলিউডৰ আকাশত ভাৰতীয় তৰা

ৱিকিউৎসৰ পৰা
[ ১১৩ ]

হলিউডৰ আকাশত ভাৰতীয় তৰা

 

 খ্যাতনাম চিত্ৰনাট্যকাৰ শচীন ভৌমিকে লণ্ডনৰ পৰা নতুন কিতাপ এখন লৈ আহিছিল, নাম ‘মেন, ওমেন এও চাইল্ড’। লেখক ‘লাভষ্টৰি’ লেখি বিখ্যাত হোৱা এৰিক চেগাল। কিতাপখন পঢ়ি তেওঁ খুব ভাল পালে, স্মিতা পাতিলক কাহিনীটো ক’লে, হৃষিকেশ মুখাৰ্জীক ক’লে। ঠিক হ’ল সেই কাহিনীৰ অৱলম্বনত শচীন ভৌমিকৰ চিত্ৰনাট্য, গুলজাৰৰ সংলাপ আৰু গীত, ৰাহুল দেব বৰ্মনৰ সংগীত পৰিচালনাৰে ছবি এখন নিৰ্মাণ কৰা হ’ব, ছবিখন পৰিচালনা কৰিব হৃষিকেশ মুখাৰ্জীয়ে। মুখ্য চৰিত্ৰ তিনিটাত অভিনয় কৰিব স্মিতা পাটিল, ৰাজেশ খান্না আৰু শ্বাবানা আজমীয়ে। পৰিকল্পনা আগবাঢ়িল। এনেতে শ্বাবান আজমী গৈ এদিন হৃষিকেশ মুখাৰ্জীৰ ওচৰ পালে। শ্বাবানাই ক’লে যে তেওঁৰ বন্ধুজনে ছবি এখন পৰিচালনা কৰিব বিচাৰিছে। এই কাহিনীটো তেওঁৰ ভাল লাগিছে, যদি হৃষীকেশ মুখাৰ্জীয়ে কাহিনীটো বন্ধুজনক দিয়ে, তেন্তে তেনেদৰেই হৃষীকেশ মুখাৰ্জীয়ে পৰিচালনা কৰিবলৈ লোৱা ছবিখন এজন নতুন পৰিচালকে আৰম্ভ কৰিলে। ছবিৰ নাম ‘মাচুম’। পৰিচালক গৰাকীৰ নাম শেখৰ কাপুৰ। এই ছবিত পূৰ্বে পৰিকল্পনা কৰা ভূমিকালিপিৰ কিছু সলনি হ’ল, ৰাজেশ খান্নাৰ ঠাইত আহিল নাচিৰুদ্দিন শ্বাহ, স্মিতা পাটিলৰ ঠাইত আহিল সুপ্ৰিয়া পাঠক। স্মিতা-শ্বাবানাৰ অৰিয়াঅৰিৰ কথা সকলোৱে জানে। স্মিতাই গৈ পুনৰ হৃষীকেশ মুখাৰ্জীক জোৰ দিলে — শ্বাবানাক বাদ দি ছবিখন কৰাৰ বাবে। কিন্তু নতুন পৰিচালক এগৰাকীক উৎসাহ দিয়াৰ বাবেই হৃষীকেশ মুখাৰ্জীয়ে স্মিতাৰ প্ৰস্তাৱ সমৰ্থন নকৰিলে।

 ‘মাচুম’ৰ নিৰ্মাণ আৰম্ভ হ’ল। তেতিয়ালৈকে বোম্বাইৰ ছবিজগতত শেখৰ কাপুৰৰ কোনো স্থিতি নাছিল। দিল্লীৰ যুৱক লণ্ডনত থাকি চাৰ্টাড একাউন্টেন্টৰ জীৱিকা নিৰ্বাহ কৰিছিল। কাৰেন্সি নোটৰ চিকমিকনি, বিলাস বহুল বাংলো আৰু ভাৰতীয়-ইংৰাজ অলেখ বান্ধবীৰ [ ১১৪ ] মাজত তেওঁৰ জীৱন সুন্দৰভাবেই অতিবাহিত হৈছিল।

 কুন্দন শ্বাহে এবাৰ কৈছিল — মূৰৰ ভিতৰত এটা উন্মাদ পোক নাথাকিলে কোনেও চিত্ৰজগতৰ অনিশ্চিত জগতত ভৰি নিদিয়ে। শেখৰ কাপুৰৰ মূৰৰ ভিতৰতো তেনে এটা পোক আছিল, যিটোৱে তেওঁক কামুৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ তিনিজন মামাৱক হিন্দী ছবি জগতৰ বিশিষ্ট ব্যক্তি — আনন্দ, চেতন দেব আৰু বিজয়। এই তিনিওজনৰ সাফল্যই নিশ্চয় মগজুৰ পোকটোক বেছিকৈ কামুৰিবলৈ উৎসাহ যোগাইছিল। লণ্ডনৰ ব্যৱসায় এৰি তেওঁ আহি বোম্বাই পালেহি চিত্ৰ জগতত ভাগ্যৰ সন্ধান কৰিবলৈ।

 সেই সময়ত দেবানন্দে নিৰ্মাণ কৰি আছিল ‘ইক্স ইক্স ইক্স’ নামৰ ছবিখন। শ্বাবানা আজমী নায়িকা হিচাবে থকা এই ছবিখনত শেখৰ কাপুৰে সৰু চৰিত্ৰ এটিত অভিনয় কৰাৰ সুযোগ পালে, আৰু সুযোগ পালে পৰিচালনাৰ লগত জড়িত হোৱাৰ। ছবিখন বক্স অফিচত ব্যৰ্থ হ’ল। লাভৰ ভিতৰত হ’ল শেখৰ কাপুৰ আৰু শ্বাবানাৰ প্ৰেমৰ আৰম্ভণি। এই প্ৰেম কাহিনীয়ে দেবানন্দক ইমানেই বিৰক্ত কৰিছিল যে বহু প্ৰতিভাৰ পালন কেন্দ্ৰ বুলি বিখ্যাত ‘নবকেতন বেনাৰ’ৰ পিচৰ কোনো ছবিতেই শেখৰ আৰু শ্বাবানাৰ প্ৰৱেশ নঘটিল।

 শ্বাবানাৰ জোৰতেই শেখৰে পিচত এখন ছবিত নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে শ্বাবানাৰ বিপৰীতে। ‘টুটে খিলোনে’ নামৰ এই ছবিখনো বক্স অফিচত ব্যৰ্থ হ’ল। শেখৰ কাপুৰৰ অভিজাত চাল-চলন, প্ৰকাশ ভঙ্গিমা হিন্দী ছবিৰ প্ৰচলিত নায়কৰ লেখীয়া নহয়, ওচৰৰ চিনাকি মানুহৰ ৰূপত শেখৰ কাপুৰক কল্পনা কৰা কঠিন — দৰ্শকে তেওঁক আদৰি নল’লে।

 নবকেতনৰ দৰে বিখ্যাত আৰু শক্তিমান বেনাৰ তেওঁৰ ওচৰৰ পৰা আঁতৰি গ’ল, অভিনেতা হিচাবে দৰ্শকৰ ওচৰ চাপিব নোৱাৰিলে, হতাশা আৰু অস্থিৰতাত তেওঁ ভাগি পৰিল। এই সময়ত সাহস যোগাবলৈ ওচৰত থাকিল মাথোন শ্বাবানা আজমী। শ্বাবানা তেতিয়া দৰ্শকৰ মৰমেৰে ঐশ্চৰ্যময়ী আৰু বহু ভগ্ন প্ৰেমৰ দুখেৰে জৰ্জৰিত। শ্বাবানাই শেখৰৰ বাবে প্ৰযোজক গোটালে, হৃষীকেশ মুখাৰ্জীৰ পৰা [ ১১৫ ] কাহিনী সংগ্ৰহ কৰিলে, গুলজাৰ, আৰ. ডি. নাচিৰুদ্দিন আদিক একত্ৰিত কৰিলে। আৰম্ভ হ’ল ‘মাচুম’।

 মাচুমে সমালোচকৰ পৰা প্ৰশংসা পালে, দৰ্শকৰ পৰা মৰম পালে। মাচুমৰ বাবে গোট খাইছিল বহু প্ৰতিভা — সেই আটাইবোৰকেই সুন্দৰভাবে পৰিচালনা কৰিব পাৰিছিল নবীন পৰিচালক শেখৰ কাপুৰে।

 মাচুমৰ সাফল্যৰ পাছতো শেখৰ কাপুৰ বহু দিন বহি থাকিবলগীয়া হৈছিল। সেই সময়ত তেওঁ আত্মপ্ৰকাশ কৰিলে বিজ্ঞাপনৰ মডেল হিচাবে। ছফিচটিকিটেড চেহেৰাৰ বয়স্ক মডেল হিচাবে তেওঁ বহু যুৱতীৰ হৃদকম্পন হিচাবে চিহ্নিত হ’ল।

 এনেতে আহিল প্ৰযোজক বনি কাপুৰৰ অফাৰ ‘মিঃ ইণ্ডিয়া’ পৰিচালনাৰ বাবে। বনি কাপুৰে ছবিখনৰ প্ৰযোজনা কৰিছিল ভায়েক অনিল কাপুৰৰ ভৰিৰ তলৰ মাটি দৃঢ় কৰিবলৈ। গতিকে তেওঁক এনে এজন পৰিচালক লাগে যাৰ হাতত কামৰ ভিৰ নাই, ছবিখন পৰিচালনা কৰোঁতে যাৰ মনোযোগৰ অলপো অভাৱ নঘটে, যিয়ে ছবিৰ প্ৰতিটো শ্বটকেই সমান মনোযোগেৰে গ্ৰহণ কৰিবলৈ সক্ষম হয়। বনি কাপুৰৰ বাছনিত উঠিল শেখৰ কাপুৰ।

 বনি কাপুৰৰ আশা পূৰণ কৰি ‘মিঃ ইণ্ডিয়া’ বক্স অফিচত সফল হ’ল। ছেক্স ভায়োলেন্সৰ প্ৰাধান্য নথকা, এখন পুৰণি ছবিৰ ৰিমেকক ব্যৱসায় সফল কৰি তোলাৰ বাবে শেখৰ কাপুৰ ইণ্ডাষ্ট্ৰিৰ ধন্যবাদৰ পাত্ৰ হ’ল। মাচুমৰ অন্যতম আকৰ্ষণ আছিল শিশু চৰিত্ৰকেইটিমানৰ মনোগ্ৰাহী অভিনয়। মিঃ ইণ্ডিয়াৰো আকৰ্ষণ আছিল কেইটিমান শিশু চৰিত্ৰ। ‘শ্বোলে’ৰ আমজাদ খানৰ দৰে এই ছবিৰ ‘মোগাম্বো’ নামৰ খলনায়ক অমৰীশ পুৰীও দৰ্শকৰ প্ৰিয় ভিলেইন হৈ পৰিল।

 “মিঃ ইণ্ডিয়া”ৰ অভাৱনীয় সাফল্যয়ো শেখৰ কাপুৰৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব নোৱাৰিলে। শ্বাবানা আজমী তেওঁৰ জীৱনৰ পৰা আঁতৰি গ’ল, বনি কাপুৰৰ পৰৱৰ্তী ছবি ‘ৰূপ কা ৰাণী চোৰোঁ কা ৰাজা’ৰ পৰিচালনাৰ দায়িত্বও পালে তেওঁৰ সহকাৰী সতীশ কৌশিকে [ ১১৬ ] (‘মিঃ ইণ্ডিয়া’ৰ ‘কেলেণ্ডাৰ’), বিবতে হাসান বিজবীৰ প্ৰযোজনাত ‘শ্বোলে’ৰ ৰি-মেক ‘জোচিলে’ৰ নিৰ্মাণ কাম আৰম্ভ কৰিও আধাতেই কম বাদ দিবলগীয়া হ’ল। ধৰ্মেন্দ্ৰৰ প্ৰযোজনাত নিৰ্মাণ কৰিব খোজা ‘টাইম মেচিন’ ছবিৰ কামো আগনবঢ়া হ’ল।

 এনে সময়তে তেওঁ পুনৰ আত্মপ্ৰকাশ কৰিলে শ্ৰীধৰ ক্ষীৰসাগৰৰ বিখ্যাত টি ভি ছিৰিয়েল ‘খানদান’ত। ডাঙৰ পৰ্দাত অভিনেতাৰ ৰূপত বিফল হোৱা শেখৰ কাপুৰ এইবাৰ সফল হ’ল। খানদানৰ পিচত আহিল ‘স্বয়ংসিদ্ধা’, ‘মহানগৰ’ৰ দুটি খণ্ড আৰু ‘উড়ান’। শেখৰ কাপুৰে অভিনয় কৰা এই প্ৰতিটো চৰিত্ৰই দৰ্শকৰ পৰা সমাদৰ পোৱাৰ মূলতে আছিল চিত্ৰনাট্যকাৰৰ সহযোগীতা, পৰিচালকৰ কৌশলী হাতৰ পৰশ আৰু তেওঁৰ নিজৰ ব্যক্তিত্ব। এই আটাইকেইটি চৰিত্ৰতে তেওঁৰ বেশভূষা একেই, কথা কোৱাৰ ভংগিমা একেই, অভিনয় শৈলী একেই। তথাপিতো দৰ্শকে তেওঁক আদৰি লৈছিল চৰিত্ৰৰ লগত খাপ খাই পৰা তেওঁৰ ব্যক্তিত্বৰ বাবেই। ‘মহানগৰ’ ধাৰাবাহিকৰ এটি খণ্ডত তেওঁ এনে এটি চৰিত্ৰত অভিনয় কৰিছিল যিটো চৰিত্ৰই এজন মানুহৰ পৰা কোম্পানী এটা কিনি লয়। বিক্ৰেতাজনৰ পৰা পূৰ্বতে এই চৰিত্ৰটোৱে অপমানৰ সোৱাদ পাইছিল। সমালোচকসকলৰ মতে শেখৰ কাপুৰে এই ক্ৰেতাজনৰ চৰিত্ৰত কৰা অভিনয়ে আছিল সৰু-বৰ উভয় পৰ্দাতেই তেওঁ কৰা সকলো অভিনয়ৰ ভিতৰতে শ্ৰেষ্ঠ। শেখৰ কাপুৰে নিজেও এই কথাৰ সত্যতা স্বীকাৰ কৰিছিল। তেওঁ কৈছিল: ‘এই চৰিত্ৰটিত অভিনয় কৰোঁতে মোৰ মনৰ মাজৰ সেইজন শেখৰ কাপুৰ জাগ্ৰত হৈ উঠিছিল যিজন বোম্বাইৰ চিত্ৰজগতৰ প্ৰযোজকসকলৰ দ্বাৰা বাৰে বাৰে প্ৰত্যাখ্যাত হৈছিল। মোৰ মনত ইমান দিনে থূপ খাই থকা সকলো জেদ, সকলো বিৰক্তি, সকলো ঘৃণা এই চৰিত্ৰটিৰ অভিনয়ৰ মাজেৰে উজাৰি দিছিলোঁ। ’

 দূৰদৰ্শন ধাৰাবাহিকৰ সাফল্যৰ পাছত তেওঁ পুনৰ ডাঙৰ পৰ্দাৰ অভিনয়ৰ আমন্ত্ৰণ পাবলৈ ধৰিলে। অৱশ্যেই মূল সুঁতিৰ ছবিৰ বাবে নহয়, অন্য ধাৰাৰ ছবিৰ বাবেহে। তেনে দুখন ছবি হ’ল গোবিন্দ নিহলানীৰ ‘দৃষ্টি’ আৰু মনি কউলৰ ‘নজৰ’। দুয়োখন ছবিতেই তেওঁৰ চৰিত্ৰ দুটি আছিল তেওঁৰ নিজৰেই শৰীৰিক আৰু মানসিক অবয়বৰ। [ ১১৭ ] দুয়োখন ছবিতেই তেওঁ কৰা অভিনয় দৰ্শক-সমালোচলৰ দ্বাৰা প্ৰশংসিত হৈছিল।

 হাজাৰ বাধা-বিপত্তি থাকিলেও, অৱশেষত তেওঁ সফল অভিনেতাৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু পৰিচলাক হিচাবে ব্যৱসায়িক দিশত সফল হোৱাৰ পিচতো তেওঁ ধাৰবাহিকভাবে ছবি নিৰ্মাণ কৰি যাৰ পৰা নাছিল। বনি কাপুৰৰ প্ৰযোজনাত নিৰ্মাণ কৰিবলৈ লোৱা ‘প্ৰেম’ৰ অংকুৰণেই নঘটিল, ‘টাইম মেচিন’-এ ইমান সময় ল’লে যে ছবিখনক মানুহে ধেমালিতে ‘টাইম পাছ মেচিন’ বুলি আখ্যা দিবলৈ আৰম্ভ কৰিলে।

 এদিন হঠাৎ ভাগ্যই আহি শেখৰ কাপুৰৰ দুৱাৰত টুকুৰিয়াবলৈ আৰম্ভ কৰিলে। ‘বি বি চি’ৰ ‘চেনেল ফোৰ’ৰ বাবে ছবি এখন নিৰ্মাণ কৰিব লাগে; বাজেট সীমিত; বিষয়বস্তু ভাৰতৰ নাৰী দস্যু ফুলন দেবী। শেখৰ কাপুৰে এই আমন্ত্ৰণ গ্ৰহণ কৰিলে। মালা সেনে লেখা ‘বেণ্ডিট কুইন’ নামৰ ফুলনৰ জীৱনীখনৰ ভেঁটিত দুয়ো চিত্ৰনাট্য সাজু কৰিলে, শ্বুটিং কৰিলে, ছবি সম্পূৰ্ণ হ’ল, বিদেশত মুক্তি লাভ কৰিলে, প্ৰশংসা পালে, স্বদেশত বিতৰ্কৰ সূচনা হ’ল।

 ফুলনকলৈ পূৰ্বতে এখন তৃতীয় শ্ৰেণীৰ হিন্দী ছবি নিৰ্মাণ কৰা হৈ গৈছিল। কলাগত দিশত সেই ছবি উল্লেখৰ অকণো যোগ্যই নহয়। শেখৰৰ ফুলন দেবীৰ কলাগত দিশত উচ্চমানৰ বুলি বিদেশৰ সমালোচকসকলে মন্তব্য কৰিছে। ভাৰতৰ সমাজ জীৱনৰ কদৰ্য ৰূপ দাঙি ধৰা ছবিয়ে বিদেশত প্ৰায়ে সমাদৰ অৰ্জন কৰি আহিছে। বৰ্ণ বৈষম্য, নাৰীৰ ওপৰত অত্যাচাৰ, ইত্যাদি উপাদানেৰে পূৰ্ণ ‘বেণ্ডিট কুইন’— এও যে বিদেশত সমাদৰ পাব তাক বহুতেই পূৰ্বতে অনুমান কৰিছিল। তাকে ছবিখন নিৰ্মাণ কৰা হৈছে ‘বি বি চি’ৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ বাবে।

 ‘বেণ্ডিট কুইন’-এ শেখৰ কাপুৰৰ ভাগ্যৰ দুৱাৰ ভালদৰেই খুলি দিলে। অকল এই ছবিৰ সাফল্য আৰু সুনামেই তেওঁলৈ কঢ়িয়াই আনিলে হলিউড প্ৰযোজকৰ ছবি পৰিচালনাৰ অফাৰ। সীমিত বাজেটত, সীমিত সা-সুবিধাৰে ছবি কৰি অহা শেখৰৰ সন্মুখত এতিয়া অৰ্থৰ [ ১১৮ ] কোনো অভাৱ নাই, যান্ত্ৰিক সুবিধাৰ কোনো সমস্যা নাই।

 বিদেশৰ নিলাস-বহুল জীৱন এৰি যিগৰাকী ভাগ্যলক্ষ্মীৰ সন্ধানত শেখৰে বলিউডৰ ৰহস্যময় অনিশ্চিত অৰণ্যত জপিয়াই পৰিছিল, ক্ৰান্তি আৰু হতাশাৰ মাজেৰে ইমান কেইটি বছৰ অতিবাহিত কৰিছিল সেই শেখৰে এতিয়া ইমান দিনৰ সাধনাৰ মূল্য পাবলৈ আৰম্ভ কৰিছে। অহা বছৰৰ প্ৰথম ভাগতে শেখৰৰ পৰিচালনাত ইংৰাজী ছবিৰ কাম আৰম্ভ হোৱাৰ কথা। এই ছবি শেষ হ’লেই নিশ্চয় হলিউডৰ আকাশত উজ্বলি উঠিব প্ৰথমটো ভাৰতীয় তৰা।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।