পৃষ্ঠা:Chalachitra.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধন ব্যয় কৰি নিৰ্মাণ কৰিছিল ‘তিসৰী কসম' নামৰ ছবিখন। গুণগত দিশত সম্মান অৰ্জন কৰিলেও ছবিখন বক্স অফিচৰ দিশৰ পৰা আছিল অতি শোচনীয়ভাৱে ব্যৰ্থ। অৰ্থনৈতিকভাৱে বিধ্বস্ত হোৱা শৈলেন্দ্ৰই এই অৱস্থা পাহৰি থাকিবলৈ আশ্ৰয় লৈছিল মদৰ আৰু মদেই তেওঁৰ শেষ আশ্ৰয় হ’লগৈ।

 প্যাসা, কাগজ কে ফুলৰ গুৰুদত্তৰ পাৰিবাৰিক জীৱন আছিল অশান্তিৰে পূৰ্ণ। তথাপি তেওঁ মৰিবলৈ ইচ্ছা কৰা নাছিল। কামৰ মাজত বুৰ গৈ থাকিলেও তেওঁৰ টোপনি অহা নাছিল আৰু সেয়ে প্ৰতি নিশাই শান্তিৰে শুবলৈ তেওঁ আশ্ৰয় লৈছিল টোপনি অহা ঔষধৰ। এই ঔষধৰ অধিক সেৱনৰ বাবেই তেওঁ অকালতে চিৰনিদ্ৰাৰ কোলাত ঢলি পৰিছিল। গুৰুদত্ত-গীতাদত্তৰ পুত্ৰ তৰুণ দত্তৰ অকাল মৃত্যুও আছিল ৰহস্যজনক। তেওঁৰ মৃত্যুশয্যাৰ ওচৰত পোৱা গৈছিল টোপনি অহা ঔষধ।

 মদ্যপানৰ লগত অবিচ্ছেদ্য এটি নাম ঋত্বিক ঘটক। ভাৰতীয় ছবিৰ অন্যতম বিখ্যাত পৰিচালক ঋত্বিক ঘটকে অত্যাধিক মদ্যপান কৰি নিজৰ ওপৰতে অত্যাচাৰ চলাইছিল আৰু সেয়াই আছিল তেওঁৰ ভগ্ন স্বাস্থ্য আৰু অকাল মৃত্যুৰ অন্যতম কাৰণ।

 জীৱন যুদ্ধত পৰাজিত হোৱা সকলে আত্মহননৰ পথ এটা বাছি লোৱা কাৰ্যত এটা যুক্তি বিচাৰি পোৱা যায়। কিন্তু জীৱন যুদ্ধত যিসকল সফল, তেওঁলোকে এই পথত ভৰি দিয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এটাই;— সফলতাৰ সংজ্ঞা তেওঁলোকৰ বাবে বেলেগ;—বাহিৰৰ মানুহে সেই সংজ্ঞা উপলব্ধি কৰিব নোৱাৰাই স্বাভাৱিক।

 

দুই


 চিনেমা জগতৰ লগত জড়িত অধিকাংশ লোকেই ভাগ্যক বিশ্বাস কৰে। ছবি এখনৰ সফলতা বা বিফলতাৰ কাৰণ বিচাৰি বহু সময়ত দিশহাৰা হৈ যাবলগীয়া হয়। সেয়ে এটা সময়ত ভাগ্যৰ ওপৰত বিশ্বাস কৰাৰ বিকল্প নাথাকে।


১০৭