পৃষ্ঠা:Chalachitra.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সূত্ৰই এতিয়াও প্ৰকাশ কৰা নাই। সঞ্জয়ৰ পিতৃ কংগ্ৰেছী নেতা সুনীল দত্তৰ প্ৰভাৱী হাতেও তেওঁক আৰক্ষীৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা নাই।

 বোম্বাইৰ বোমা বিস্ফোৰণৰ লগত জড়িত মেমনভাতৃ আৰু সেই ঘটনাৰ মূল মস্তিষ্ক ডুবাইৰ অন্ধকাৰ জগতৰ ৰজা ডাউড ইব্ৰাহিমৰ লগত যে সঞ্জয়ৰ ঘনিষ্ঠ সম্পৰ্ক আছে, সেই কথা প্ৰকাশ পোৱাৰ লগে লগেই সঞ্জয়ক ‘দেশদ্ৰোহী’ আখ্যাৰে বিভূষিত কৰি বহুলোকে সঞ্জয় বিৰূদ্ধে খড়গ হস্ত হৈ উঠে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশিত হয় দেশৰ বিভিন্ন অঞ্চলত প্ৰদৰ্শিত হৈ থকা ‘ক্ষত্ৰিয়’ ছবিখনৰ ওপৰত। ৰাইজৰ হেঁচাত ছবিখনৰ প্ৰদৰ্শন স্থগিত কৰি দিয়া হয়, প্ৰেক্ষাগৃহৰ সন্মুখত প্ৰচাৰৰ বাবে লগোৱা সঞ্জয় দত্তৰ বিশাল বিশাল ছবিবোৰ আঁতৰাই পেলোৱা হয়। সঞ্জয় অভিনীত আন যিবোৰ ছবিৰ প্ৰদৰ্শন চলি আছিল, সেইবোৰৰ প্ৰদৰ্শনো বন্ধ ৰখা হয়। সঞ্জয়ৰ লগতে প্ৰায় একে অপৰাধতে বোম্বাইৰ পুলিচে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰে। সেই দুজন হ’ল মেগনাম ভিডি’অৰ মালিক হানিফ কাদাওৱালা আৰু সমীৰ হিংগোৰো। সমীৰ হিংগোৰা প্ৰযোজিত ‘সনম’ ছবিখনৰো নায়ক আছিল সঞ্জয় দত্ত।

 সঞ্জয় দত্ত অভিনীত আৰু নিৰ্মাণ কাৰ্য বিভিন্ন পৰ্যায়ত থকা ছবিৰ সংখ্যা তেৰখন। মোটা পৰিমাণৰ আগধন লৈ চুক্তিবদ্ধ হৈ থকা ছবি সংখ্যাও বিছখনৰ অধিক। নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত থকা ছবিবোৰৰ বাজেট আছিল গড়ে তিনি কোটি টকা। অৰ্থাৎ পোনপটীয়াভাৱে প্ৰায় চল্লিছ কোটি টকাৰ ভৱিষ্যত এতিয়া অনিশ্চয়তাৰ গৰ্ভত। ১৪ মে’ত মুক্তি পাবলগীয়া ছবি এখন আছিল সুভাষ ঘাইৰ ‘খলনায়ক’? চাৰিকোটি টকীয়া এই ছবিৰ মুক্তিৰ দিনো এতিয়া অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে। মুঠতে প্ৰায় পঞ্চাছ কোটি টকা বিনিয়োগৰ ব্যৱসায় এজন অভিনেতাই বন্ধ কৰি দিলে। অকল ইমানেই নহয়, সঞ্জয় অভিনীত পূৰ্বৰ ছবিবোৰৰ এতিয়া বাকছত বন্দী। সুনীল দত্ত অভিনীত ছবিৰো মুত্তিৰ দিন পিছুৱাই দিয়া হৈছে।

 বিভিন্ন সংগঠনে সঞ্জয়ক ছবিজগতৰ পৰা বয়কট কৰাৰ বাবে দাবী

১০৯