পৃষ্ঠা:Chalachitra.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈ পৰিছিল জনপ্ৰিয় অভিনেত্ৰী। তামিল ছবিত আত্মপ্ৰকাশ কৰা দিব্যাক হিন্দী ছবিজগতলৈ আনিছিল ‘বিশ্বাত্মা’ ছবিৰ পৰচালক ৰাজীৱ ৰায়ে। বক্স অফিচত বিশ্বাত্মাৰ আবেদন আছিল সীমিত; কিন্তু সুগঠিত দেহ আৰু সেই দেহৰ কৌশলী প্ৰদৰ্শনৰ বাবে দিব্যা প্ৰযোজক-পৰিচালক মহলত চৰ্চিত হৈছিল। তেওঁৰ হাতলৈ ছবি আহিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ‘শ্বোলে ঔৰ শ্ববনম’ আৰু ‘দীৱানা’। দুয়োখন ছবিয়েই বক্স অফিচত সফল হৈছিল; — বাণিজ্য মহলত আলোচনা কৰা হৈছিল যে দিব্যাৰ শৰীৰ খলাবমাবোৰেই দৰ্শকক আকৰ্ষণ কৰাৰ মূল ৰহস্য আছিল। সাফল্যৰ কাৰণ যিয়েই নহওক কিয়, দিব্যাৰ হাতলৈ অহা ছবিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। তাৰে ভিতৰত সৰ্বাধিক উল্লেখযোগ্য ছবিখন আছিল জে. পি. দত্তাৰ ‘ক্ষত্ৰিয়’। ফিল্ম ফেয়াৰ পত্ৰিকাৰ ৩৮তম প্ৰতিযোগিতাত দিব্যাক দিয়া হৈছিল উল্লেখযোগ্য নবাগতাৰ পুৰস্কাৰ।

 এই কেৰিয়াৰ গ্ৰাফ যিকোনো নতুন অভিনেত্ৰী এগৰাকীৰ বাবে অভাৱনীয় প্ৰাপ্তি। জুহি চাওলা, ৰবিনা টেণ্ডন, কৰিশ্মা কাপুৰ আৰু বহুতো সমসাময়িক আৰু প্ৰবীণা অভিনেত্ৰীক পাই পেলাই থৈ আগবাঢ়ি যোৱা দিব্যা ভাৰতীয়ে ঊনৈছ বছৰত ভৰি দিয়েই বিবাহ-পাশত আৱদ্ধ হয় তেওঁৰ প্ৰেমিক ছাজিদ নাদিৱালাৰ লগত।

 কেৰিয়াৰৰ আৰম্ভণিতেই কোনো অভিনেত্ৰীয়েই বিবাহ-পাশত আৱদ্ধ হ’বলৈ নিবিচাৰে। বিবাহে অভিনেত্ৰীৰ আকৰ্ষণ আৰু জনপ্ৰিয়তা হ্ৰাস কৰে বুলি ছবিজগতৰ লোকসকলে বিশ্বাস কৰে। সেইবোৰ জানিও দিব্যাই গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল; পাছত বিবাহৰ সংবাদো গোপনে ৰখা নাছিল; তথাপি ছবিজগতত তেওঁৰ জনপ্ৰিয়তা নিম্নগামী হোৱা নাছিল।

 অকলশৰে নিজৰ জন্মদিন পালন কৰা দিব্যা সৰুৰে পৰাই আছিল স্ফুৰ্তি-আনন্দ ভালপোৱা বিধৰ। নিজৰ নিসংগতা দূৰ কৰিবৰ বাবেই হয়তো দিব্যা কম বয়সতে বিবাহ-পাশত আবদ্ধ হৈছিল, কিন্তু বিয়াৰ

পাছৰ পৰাই দিব্যাৰ মদ্যপানৰ মাত্ৰা বৃদ্ধি পাইছিল আৰু নিচাগ্ৰস্ত দিব্যা

১০৫