পৃষ্ঠা:Chalachitra.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যোৱা পাঁচ এপ্ৰিলৰ নিশা আন্ধেৰিৰ তুলসী এপাৰ্টমেণ্টৰ ছয় মহলাৰ ফ্লেটৰ পৰা তললৈ সৰি পৰিছিল। দিব্যাৰ মৃত্যুৰ লগে লগে দিব্যাই কাম কৰি থকা চৈধ্যখন ছবি আৰু সেই ছবিত বিনিয়োগ কৰা বহুকোটি টকাৰ ভৱিষ্যত অনিশ্চয়তাৰ গভীৰতাত ডুবি গৈছিল। আঠখন ছবি আছিল প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত; —যিকেইখন অতি কমেও এক কোটি টকাকৈ পুনৰ খৰচ কৰিব লাগিব— ছবিকেইখন সম্পূৰ্ণ কৰি উলিওৱাৰ বাবে। দিব্যাৰ ঠাইত নতুন অভিনেত্ৰী ঠিক কৰা, সেই অভিনেত্ৰীৰ পৰা ডেট লৈ পুনৰ দৃশ্যগ্ৰহণ কৰা, দিব্যাৰ পূৰ্বৰ সহশিল্পীসকলৰ পুনৰ একত্ৰিত কৰা, —এইবোৰ কৰাৰ বাবে প্ৰয়োজন হ’ব বহু সময়ৰ। এইবোৰেও ছবিবোৰৰ ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰাই গৈ থাকিব। এই ছবিবোৰৰ দুখনমান আছিল অকল দিব্যাকেই সম্বল হিচাপে লৈ নিৰ্মাণ কৰা। এই কেইখনৰ ভবিষ্যত বেছি অন্ধকাৰ।

 দিব্যাৰ এই আকস্মিক বিয়োগ হত্যা নে দুৰ্ঘটনা নে আত্মহত্যা সেই বিষয়ে স্পষ্ট কথা এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু মদ্যপানৰ আধিক্যই যে দিব্যাক ক্ৰমশঃ আত্মহত্যাৰ পথলৈ লৈ গৈছিল সেই বিষয়ে সন্দেহৰ অৱকাশ নাই।

 মানুহৰ মন সঁচাকৈয়ে ব্যাখ্যাতীত। বাহিৰৰ পৰা দেখাত দিব্যা আছিল সকলো দিশৰ পকাই সফল। কিন্তু কোনে জানিছিল, —তেওঁৰ মনৰ গভীৰত আছিল এনে শূন্যতা বা অতৃপ্তি যাৰ বাবে তেওঁ নিজকে পাহৰিবলৈ মদৰ নিচাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।

 দিব্যাই প্ৰথম উদাহৰণ নহয়। কেইদিনমানৰ আগতে আত্মহত্যাৰ চেষ্টা কৰি বিফল হৈছিল আন এক জনপ্ৰিয় অভিনেত্ৰী জয়াপ্ৰদা। ৰেখাৰ আত্মহত্যাৰ একাধিক প্ৰচেষ্টাৰ সংবাদ কাৰো অবিদিত নহয়। এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী পাৰবীন বাবিয়েও আত্মহত্যাৰ চেষ্টা চলাইছিল খ্যাতিৰ চূড়াত থকা অৱস্থাতেই।

 অত্যাধিক মদ্যপানেই মীনা কুমাৰীক মৃত্যুৰ মুখলৈ আগবঢ়াই নিছিল। নিসংগ সঞ্জীৱ কুমাৰৰ অকাল মৃত্যুৰ অন্যতম কাৰণ আছিল অধিক

মদ্যপান। গীতিকাৰ হিচাপে সুপ্ৰতিষ্ঠিত শৈলেন্দ্ৰই জীৱনৰ সমস্ত সঞ্চিত

১০৬