পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
গল্পাঞ্জলি


চাৰিওপিনে মধুৰ শোভা, চাৰিওপিনে সৌন্দৰ্য্য; চাই চাই বৰ ভাল লাগিল। তাতে আকৌ শুনিলোঁ এটি গীত পুৱতি জোনাক নিশা দূৰৈৰ বননিত শুনা বাঁহীৰ সুৰৰ নিচিনাকৈ লাহে লাহে বায়ু বিকম্পিত কৰি বতাহৰ সুৰে সুৰে নাচি নাচি উঠি অনন্ত আকাশত সুমধুৰে বিলীন হৈ গৈছে। চাৰিওপিনে মধুৰ তান, চাৰিওপিনে সৌন্দৰ্য্য, শুনি শুনি বৰ ভাল লাগিল। প্ৰকৃতিৰ সুখোন্মাদি সৌন্দৰ্য্যত মানৱ মন ডুবি গল। আকৌ যেতিয়া চেতনা পালোঁ, শুনিলোঁ মোৰ ওচৰতে সেই শুৱলা সুৰ, ললিত তান, সেই মধুৰ গীত। লাহেকৈ চকু মেলিলোঁ; দেখিলোঁ মোৰ পখী, যাক ইমান দিনে বিচাৰি পোৱা নাছিলোঁ, যাক মাতি মাতি অনিব নোৱাৰিছিলোঁ, মোৰ সেই পখী মোৰ ওচৰতে বহি মধুৰ তানেৰে গীত ধৰিছে। দুই হাতেৰে পখীটিক সাবটি ধৰি কলোঁ, “পখি! মোৰ আদৰৰ ধন! তোমাক ইমান দিন বিচাৰি ফুৰিছোঁ; ইমান দিন পিছে পিছে খেদিছোঁ; এতিয়া আৰু তোমাক যাবলৈ নিদিওঁ, এই সোণৰ সজাত সুমাই থম।” মোৰ কথা শুনি পখীয়ে আকৌ মধুৰ তানেৰে দীঘলকৈ সুৰ এটি মাৰিলে। কলে যেন, “মৰমৰ বিত! তোমাক এৰি মই কলৈ। যাম!”

 তেতিয়াৰপৰা যেতিয়াই সংসাৰৰ হাই-উৰুমি সহিব নোৱাৰা হওঁ, যেতিয়াই সংসাৰৰ বেমেজালিৰ ভিতৰত পৰি মূৰৰ ঘিউ ধুনাধুন হয়, তেতিয়াই পখীৰ এটি সুমধুৰ গীত শুনো; আৰু সুকলোপিনে দেখিবলৈ পাওঁ—স্নিগ্ধ সৌন্দৰ্য্য; নতুন উৎসাহত