পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৩
পখী

কামত ধৰোঁ। যেতিয়া শোকে দুখে মন কাতৰ হয়, তেতিয়া পখীৰ এটি মধুৰ গীত শুনো, শুনো আৰু তাতে মোহ যাওঁ। এদিনাখন পখীটিক লগত লৈ মনৰ উদগণিতে পৰ্ব্বতলৈ গলোঁ। দূৰৈৰপৰা প্ৰকৃতিৰ গাম্ভীৰ্য্যৰ প্ৰতিকৃতি দেখি মূৰ দোৱালোঁ। মনে মনে কলোঁ, “পৰ্ব্বত! তুমি ধন্য।” ঘূৰণি-মেৰণি থকা সুৰসুৰীয়া বাটেৰে পৰ্ব্বতৰ ওপৰলৈ উঠিলোঁ, আৰু এড়োখৰ শুৱনি ঠাই পাই তাতে বহিলোঁ। চাৰিওপিনে ঘন বননিৰ মাজতে দূবৰিৰ কোমল দলিচা পতা। ওপৰত আকাশ-ছুই-থকা গছৰ শান্ত গম্ভীৰ মূৰতি; অলপ দূৰৈত অম্বৰ-চুম্বি গিৰি-শৃঙ্গ ডুব- যাওঁ ডুব-যাওঁ হোৱা বেলিৰ একতীয়া কিৰণৰ ৰক্তিম ৰাগেৰে ৰঞ্জিত। ওচৰেদি কুল কুল গীত গাই নিজৰা অবিৰাম গতিৰে বৈ গৈছে। তাৰে ওচৰতে ঘনপতীয়া লতাৰ নিকুঞ্জৰ তলতে বহিলোঁ। এনে ঠাইত পখীৰ গীত শুনিবলৈ বৰ ইচ্ছা হল। পৰ্থীক কলোঁ, ‘পখি, মোৰ সোণ, এটি গীত গোৱা।” পখীয়ে গীত ধৰিলে, — সেই গীত মধুৰভাৱে নিজৰাৰ কুলুকুলু গীতৰ লগত মিহলি হৈ অপাৰ আকাশ ভেদি অনন্তত মিলি গল; অনন্ত সেই গীতৰ প্ৰতিধ্বনি তুলি মুখৰিত হল। পৰ্ব্বতৰ টিঙে, পাটত বহা চকাই, সেই গীত শুনি শুনি মোহন আবেশত বিভোৰ হৈ বিলীন হল। কৃষ্ণা তৃতীয়াৰ আন্ধাৰে সেই গীত শুনি শুনি তমোগুণ এৰি শুৱনি জোনাকৰ বখলাৰ নিচিনা হৈ যেন লাহে লাহে ঘূৰি ঘূৰি ওপৰলৈ উঠি গল। গহীন গছৰ শ্যামল পাতৰ মাজেদি, শুৱনি লতাৰ কোমল পল্লবৰ ভিতৰেদি, মিঠা জোনাকৰ ৰেখা আহি