পৃষ্ঠা:গল্পাঞ্জলি.pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
পখী

সঁজাটো সজাইছোঁ; ইয়াত সদায় তোমাক বননিত পাবলৈ নাইকিয়া সোৱাদ ফল মূল খাবলৈ দিম। মোৰ মৰমৰ পখি! তুমি ইয়ালৈ আহা; মই তোমাৰ গীত শুনি শান্ত হওঁ।” কিন্তু এদিনো এটি পখীও মোৰ ওচৰলৈ নাহিল। দিনে দিনে মাতোঁ, আৰু দিনে দিনে দেখিবলৈ পাওঁ, পখীবোৰে মোৰ মাত শুনি দীঘলকৈ এটি শুহৰি মাৰি হাঁহি গুচি যায়। নিতে উদাস মনেৰে ঘৰলৈ উলটি আহোঁ।

  ৰাতি শুই থাকোঁতে এদিনাখন এটি সপোন দেখিলোঁ। দেখিলোঁ,— কুমলীয়া পাতেৰে শুৱনি এজুপি ফুলৰ গছ। ৰাতি জোনৰ কিৰণ আৰু নিয়ৰৰ টোপাল পৰাৰ বাবে ফুলকেইটি চকচকীয়া হৈ উঠিছে। তাতে বহি এটি শুৱনি পখীয়ে শুৱলা তানেৰে গীত ধৰিছে। গান শুনি বৰ ভাল লাগিল। সাৰ পাই শুনিলোঁ, যেন দূৰৈত ললিত সুৰৰ গীত; খিৰিকীৰ মুখেৰে কেছাটিমান জোনাকৰ ৰেখা আহি ধপধপীয়া বিছনাত পৰিছে। লাহেকৈ উঠি খিৰিকীৰ ওচৰলৈ আহিলোঁ; আহি দেখিলোঁ, দেখি তবধ মানিলো। দেখিলোঁ,— সৰু বৰ গছেৰে ভৰা ফুলনি ওপৰত দিগন্ত-প্ৰসাৰিত সুনীল গগন; তাতে ৰূপহী জোন; চাৰিওপিনে অসংখ্য তৰাৰ থুল; লাহে লাহে সমীৰণে পুখুৰীৰ পানীত ললিত হিল্লোল তুলি ফুলৰ কোমল শৰীৰ অলপকৈ কঁপাই দিয়াত, ৰূপালী কিৰণৰ আলিঙ্গনত অৱশ হৈ নিয়ৰ পৰি চিকণ হৈ থকা ফুলে জিকিমিকি মৰাৰ ছলতে এটি অফুট হাঁহি মাৰি লৈছে;