পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
গল্পাঞ্জলি

চাৰিওপিনে বিয়পি পৰিল। মৃদুমন্দ বতাহৰ চুমা পাই কিৰণ- বেখাৰে হাঁহি নিজৰাৰ জল চেৱে চেৱে কঁপি উঠিল। পখীয়ে আকৌ এটি গীত ধৰিলে,-গীতৰ সুৰ চেৱে চেৱে বতাহত ঢৌ খেলাই আকাশ ভেদি ওপৰলৈ উধালে, উধাই উধাই কিৰণোদ্ভাসিত নীল জগতত পমি গল। গীত শুনি মোহ গলোঁ; বিমোহন গীত শুনি পশু-পক্ষীৰে সৈতে বননি বিমোহিত হল, নিতাল মাৰি গম্ভীৰভাৱে শুনি থাকিলো। এনেতে যেন দেখিলোঁ নীল আকাশত অতি উজ্জ্বল এটি ফোট; উলাহতে যেন উজ্জ্বল জোনাকৰ মাজেদি সি গহীনভাৱে নামি আহিছে। লাহে লাহে সেই ফোট তললৈ আহে মানে দেখিলোঁ, ফোট গুচি এডালি সুন্দৰ মালা হল। মালাৰ ফুলৰ গগন্ধেৰে জগত উপচি পৰিল, সেই শোভাত সেই সৌৰভ মিহলি হৈ মন মুহি পেলালে; দেখিলোঁ যেন মালাধাৰি মোৰ পখীৰ মূৰৰ ওপৰতে পৰিল। তাৰপৰা আৰু কি হল কব নোৱাৰোঁ। কিমান সময়ৰ পিছত কব নোৱাৰোঁ, সাৰ পাই দেখিলোঁ, পখী মোৰ ওচৰতে। কিন্তু ই কি! প্ৰাণহীন! মই মাতিলোঁ, “পখি! উঠা, মই তোমাক ইমান আদৰ কৰিছোঁ, মই মাতিলেও নাহিবা নে?” চাৰিওপিনৰ পৰা যেন আন্ধাৰৰ আবৰণী-লোৱা পৰ্ব্বত, বননি আৰু প্ৰকৃতিয়ে গম্ভীৰ প্ৰতিধ্বনি তুলি উত্তৰ দিলে— “নাহিব।”