পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
কমতাপুৰ ধ্বংস কাব্য।


ৰাখিলে ৰাখিব তেওঁ মাৰিলে মাৰিব
ৰখা মৰা সকলোটী তেঁওৰ হাতত!
কেলেই লাগিছে বাই! মিছা-মিছি কই
যাব তুমি মোৰে সতে নিশা দুপৰত?
মোত লাগি কিয় খাবা এনুৱা কেলেশ?
চকুৰে নমনা তুমি, বুৰী হলা বাই।
অকলে অকলে যাম নালাগে তোমাক
নাই ভয় বাই! মোৰ ঈশ্বৰ সহায়।৷”
এই বুলি শোকে ৰাণী ওলালে বাহিৰ
শোৱণী কোঠাৰ পৰা অকলে অকলে
সাজু হল যাবলই বেজাৰ মনত
চকুৰ চকুলো টুকি নীৰলে নীৰলে।৷
“অকলে নালাগে যাব, ময়ো যাওঁ আই।”
কান্দি কান্দি অতি অতি শোকে পমিলীয়ে কয়,
এই মহা নিশা হায়! অকলে তোমাক
কিরূপে পঠাওঁ? মোৰ পৰাণে নসয়।।
আজলী ছোৱালী তুমি ৰজাৰ কুঁৱৰী
সজাৰ মইনা ষেন থাকা ভিতৰত’
দেখা নাই বাট পথ, যাবা কেনেকই
অকলে অকলে তুমি এই এন্ধাৰত?
ময়ো যাম, আই মোৰ! তোমাৰ লগত,
কাৰ মুখ চাই আৰু ইয়াত থাকিম?
কোনেনো কৰিব আৰু বুৰীক মৰম
তোমাদৰে? এই শোক কিরূপে সহিম?