এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তোমাৰ যেনুৱা দশা মোৰো হ’ব তেনে,
তুমি যোৱা বনলই, ময়ো তাতে যাম!
কি কৰিম থাকি মই ইৰাজ-পুৰত?
কি সুখত? আৰু আই! কাৰ মুখ চাম?
নাগিনী ৰাখিবলই লাগে শৰ জাঠি
নগাক,-নাগিনী যদি নাই কিয়া তাৰ
কি কৰিব শৰ জাঠি? লাগিছে কেলেই
শৰ-জাঠি অকথাত, মিছা মিছি ভাৰ?
তোমাক ৰাখিবলই দিছিলে লিগিৰী
তোমাৰ লগত মোক, যদি তুমি যোৱাঁ
ইৰাজ পুৰত আৰু লাগিছে কেলেই
দখুনী বুৰীক? আই। ভাবি তুমি চোৱাঁ।
দুখ হক সুখ হক, তোমাৰ লগতে
যাম মই, আহা! মোক নেৰিবা বুৰীক।
অপুত্ৰকা মই, মোৰ কোনোৱেই নাই
যোৱা লগতেই লই বুৰী লিগিৰীক।
এই বুলি শোকে বুৰী কান্দিব . ধৰিলে
ইনাই-বনাই, হায়! মনৰ বেগত!
বুৰীলই চাই পুনু কলে কুঁৱৰীয়ে
ঠোকা-ঠোকি ধীৰে ধীৰে, বেজাৰ মনত,—
মাইকীৰো এনে স্নেহে, এনুৱা মৰম
জীয়েকত আছে নাই নাপালো বুজিব!
সৰুতে মৰিলে আই! মাউৰী ছোৱালী।