কনফুচিয়াছ/চীনৰ সাংস্কৃতিক আৰু ঐতিহাসিক পটভূমি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[  ]
 

চীনৰ সাংস্কৃতিক আৰু ঐতিহাসিক পটভূমি

(১)

ভৌগোলিক পৰিবেশ

বিশ্বৰ দৃষ্টি আজি ক্ৰমশঃ বেছি পৰিমানে চীনৰ প্ৰতি আকৃষ্ট হৈছে। পৃথিবীৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে চীনত বাস কৰে। চীনদেশ আজি এটা বিৰাট পৰিবৰ্ত্তনৰ দুৱাৰদলিত। চীনৰ জাগৰণ আৰু শক্তিয়ে গোটেই বিশ্বৰ পৰিস্থিতিতে প্ৰভাৱ বিস্তাৰ কৰিব লাগিছে। পৃথিবীৰ জাতিসমূহৰ ভিতৰত চীনে আৰু ভাৰতে সুদূৰ অতীতৰ পৰা নিৰবচ্ছিন্ন ভাবে ঐতিহ্য ৰক্ষা কৰি আহিছে। চীনৰ সংস্কৃতি অকল চীনৰ ৫০ কৌটি মানুহৰ বাসভূমিতে আৱদ্ধ হৈ থকা নাই। ই জাপান, মঙ্গোলিয়া, মাঞ্চুৰিয়া, তিব্বত আদিলৈকো বিস্তীৰ্ণ হৈছে।

 ভৌগোলিক অৱস্থিতি আৰু প্ৰাকৃতিক সম্পদ-ৰাজিয়ে চীনক এটা মহাজাতি গঠনত আৰু এটা মহান সভ্যতাৰ বিস্তাৰত সহায় কৰিছে। চীনৰ ভূভাগৰ শতকৰা দহ অংশহে প্ৰকৃত সমতল আৰু এই সমতল ভূভাগ নদীবিলাকৰ উপত্যকাত অৱস্থিত। এইখিনি মাটি অতি সাৰুৱা। চীনদেশ অসংখ্য নদীনলাৰে ধৌত আৰু এই নদীবিলাকে পানী যোগানৰ [  ] ব্যৱস্থাৰ উপৰিও যাতায়াতৰ পথ আৰু সংযোগ ব্যৱস্থাতো সহায় কৰিছে। ৰেলগাড়ী প্ৰচলন হোৱাৰ পিচতো চীনদেশত নদীৰ জৰিয়তে চলি থকা পৰিবহন ব্যবস্থা অটুট আছে। সহজ সংযোগ আৰু যাতায়াতৰ সুচল থকাৰ এটা প্ৰধান কাৰণ হৈছে চীনদেশৰ মূল ভূভাগত অলঙ্ঘ্য পৰ্বতমালাৰ বাধা নাই। বৰ্ত্তমান চীনদেশত ২৮ খন প্ৰদেশ। তাৰ ভিতৰত ১৮ খন মুল চীনদেশত আৰু বাকী ১০ খন পিচত লগ লগোৱা হৈছে। ভৌগোলিক অৱস্থিতিয়ে চীনদেশক এটা সংগঠিত জাতিৰ আবাসভূমি হবলৈ বাধ্য কৰিছে। দক্ষিণ আৰু পশ্চিম অঞ্চল দুটা পৰ্ব্বত পাহাৰে পৃথক কৰি ৰখাৰ কাৰণে এই অঞ্চল দুটাৰ লগত মধ্যচীনৰ সংহতি নাছিল আৰু ৰাজনৈতিক সংঘৰ্ষৰ উপৰিও ভাষাগত আৰু জাতিগত বৈষম্যও কিছু পৰিমাণে পৰিলক্ষিত হৈছিল। এতিয়াও দক্ষিণ আৰু পূব-দক্ষিণ অঞ্চলৰ ভাষা মধ্যচীনৰ ভাষাতকৈ অলপ পৃথক। এই অঞ্চল দুটাত উত্তৰ চীনৰ বিৰুদ্ধে বিপ্লৱ, সংঘৰ্ষ আৰু বিদ্ৰোহ অনেকবাৰ হৈছিল।

 চীন খনিজ সম্পদতো পিছ পৰা নহয়। বহুমূলীয়া ধাতু অবশ্যে বেচি পোৱা নাযায় কিন্তু উদ্যোগৰ আৱশ্যকীয় খনিজ বস্তু, যেনে লো, কয়লা, টিন আদি যথেষ্ট পৰিমাণে পোৱা যায়। মূল চীনৰ ১৮ খন প্ৰদেশৰ প্ৰায় প্ৰত্যেক খনতে লো আৰু কয়লা যথেষ্ট আছে আৰু বৰ্ত্তমান যুগৰ বৃহৎ উদ্যোগৰ অত্যাৱশ্যকীয় এই সামগ্ৰী দুটাই জাতীয় সম্পদ বৃদ্ধিৰ বাবে [  ] উদ্যোগীকৰণত চীনক যথেষ্ট সহায় কৰিছে আৰু সকাহ দিছে। কেচামাল আৰু খাদ্যসামগ্ৰীও চীনত যথেষ্ট উৎপন্ন হয় আৰু সেয়েহে পৃথিৱীৰ তথাকথিত সভ্যজাতিসকলৰ লোলুপ দৃষ্টিত পৰি প্ৰচুৰ প্ৰাকৃতিক সম্পদৰাজিৰ মাজতো সিদিনালৈকে চীনদেশ শ্ৰীহীন অবস্থাত পৰি থাকিব লগা হৈছিল। বৰ্ত্তমান জাগৰণ-মুখৰ চীনে আত্ম-সচেতন হৈ দেশৰ শ্ৰীবৃদ্ধিৰ কাৰণে জনশক্তি আৰু মেধা উৎপাদনৰ কামত আত্ম নিয়োগ কৰিছে। লোকচীন চৰকাৰে চীন মহাদেশৰ ৰূপ ইতিমধ্যেই বদলি কৰি পেলাবলৈ সক্ষম হৈছে। প্ৰকৃতি-প্ৰদত্ত সম্পদৰাজি জনগণৰ মঙ্গলত নিয়োজিত কৰিবলৈ প্ৰচেষ্টা চলিছে।

 প্ৰকৃতিৰ এনে উদাৰ দানৰ পৰিবেশত প্ৰকৃত চীন এটা কৰ্ম্মঠ জাতিৰ বাসস্থান হৈছিল আৰু চীনাসকল জাগতিক দৃষ্টিসম্পন্ন আছিল। চীনাসকল মুখ্যতঃ কামৰ লোক। তেওঁলোকৰ ভিতৰত ভাল শাসক, বণিক, বাঢ়ৈ, খেতিয়ক আদি যথেষ্ট আছিল। তেওঁলোকৰ মেধা, সংস্কৃতি, ধৰ্ম্ম সকলোতে ব্যৱহাৰিক দৃষ্টিভঙ্গী নিহিত আছে। চীনৰ প্ৰাকৃতিক সীমা বা আৱেষ্টনী আৰু ভৌগোলিক অৱস্থিতি তাৰ অধিবাসী সকলৰ জাতীয় চৰিত্ৰ গঠনত আৰু ব্যৱহাৰ-ধৰ্ম্মী হোৱাত প্ৰভাৱ বিস্তাৰ কৰিছে। পূবে অৱস্থিত প্ৰশান্ত মহাসাগৰে অতীত কালত চীনক বেহা-বেপাৰৰ প্ৰেৰণা যোগাওক চাৰি বাধাৰহে সৃষ্টি কৰিছিল। প্ৰশান্ত মহাসাগৰৰ দাঁতি কাষৰীয়া জাতিবোৰৰ মাজত বেহা-বেপাৰৰ বৰ প্ৰচলন নাছিল। আনকি অতীতত [  ] জাপানৰো বেপাৰৰ সামগ্ৰী বিশেষ নাছিল। দক্ষিণ আৰু পশ্চিম প্ৰান্তত থকা ভাৰতবৰ্ষৰ লগত সাময়িক অহাযোৱা থাকিলেও ৰীতিমত বেহা-বেপাৰৰ সুচল নাছিল। চীনদেশৰ ইতিহাসৰ আৰম্ভণিৰ বহুকাল পিচতহে দক্ষিণ অঞ্চলৰ ভাবধাৰা আৰু সংস্কৃতি চীনাসকলৰ মাজত বিৰিঙিবৰ সুবিধা পাইছিল। আজিৰ যুগত অৱশ্যে প্ৰশান্ত মহাসাগৰে নতুন নতুন বাণিজ্য-পথ মোকলাই দিছে আৰু চীনদেশেও অতীতৰ দৰে মাটিতে খামুচি নাথাকি বাণিজ্য প্ৰসাৰৰ সুযোগ লৈছে আৰু দেশৰ মাটিতে নানা উদ্যোগ আৰম্ভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই শতাব্দীৰ আৰম্ভণৰ আগলৈকে চীনে মহাসাগৰৰ বাধা অতিক্ৰম কৰি বাণিজ্যত আগবাঢ়িব পৰা নাছিল, বৰং সমুদ্ৰপথে চীনদেশলৈ নতুন সভ্যতা আৰু আক্ৰমণকাৰী শোষকদলহে আমদানী কৰিছিল।

 পশ্চিম, উত্তৰ-পশ্চিম আৰু দক্ষিণ-পশ্চিম প্ৰান্তত থকা অতি উচ্চ পৰ্ব্বতমালাই চীনদেশক পৃথিবীৰ বাকী অঞ্চলৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিল। কিন্তু এই সীমান্তবৰ্ত্তী অঞ্চলৰ মালভূমিত থকা অঘৰী জনজাতিৰ হেচা চীনৰ সাৰুৱা উপত্যকাত প্ৰবলভাবে পৰিছিল আৰু ইয়াৰ প্ৰভাৱ চীনৰ ইতিহাসতো যথেষ্ট পৰিছিল। এনে ভৌগোলিক পৰিস্থিতিত অৱস্থিত চীন প্ৰায় অকলশৰীয়া আছিল। পিচত লাহে লাহে পশ্চিম, উত্তৰ-পশ্চিম আৰু দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা স্থলপথ ওলাল আৰু এই পথেদি তুৰ্কীস্থান, পাৰস্য, মধ্য-এছিয়া আনকি ভূমধ্যসাগৰৰ [  ] পাৰলৈকে যাতায়াত সংযোগ স্থাপিত হ’ল। এই পথেদি চীনত ভাৰতবৰ্ষৰ পৰা বৌদ্ধধৰ্ম্ম সোমাল। এই পথেদি ইউৰোপৰ ভ্ৰমণকাৰীৰ দল, ভেনিচৰ মাৰ্কপলো আৰু এই পথেদিয়েই ত্ৰয়োদশ আৰু চতুৰ্দ্দশ শতাব্দীত কেথলিক খৃষ্টিয়ান পাদুৰীসকল চীনদেশ পাইছিলগৈ। গ্ৰীক, নেষ্টৰিয়ান, খৃষ্টিয়ান আদি কৰি পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱ এই পথেদি চীনদেশত সোমাইছিল। এই পথেদি যদিও পশ্চিমীয়া প্ৰভাৱ সোমাবলৈ আৰম্ভ কৰিছিল, সি অতি সামান্য আছিল। চীনৰ লোক আৰু প্ৰাকৃতিক আৱেষ্টনীয়ে এই পশ্চিমীয়া সোঁতৰ অবাধ গতিৰ বিৰুদ্ধে বাধা দিয়াত সহযোগ কৰিছিল। মধ্য এছিয়াৰ যুজাৰু অঘৰীবোৰৰ প্ৰাদুৰ্ভাবৰ বাবে বণিক আৰু ভ্ৰমণকাৰী সকলৰ কাৰণে এই পথ ভয়ানক বিপদসঙ্কুল আৰু একপ্ৰকাৰ অসম্ভবেই আছিল। মাজে সময়ে চীনৰ দুই এজন ৰজাই এই দুৰ্দান্ত জনজাতি সকলক বশ্যতালৈ আনিছিল আৰু তেতিয়া সাময়িক ভাবে বেপাৰ বাণিজ্য চলিছিল। তথাপিও এই পথ কেতিয়াও নিৰাপদ নাছিল। মৰুপ্ৰদেশ আৰু পৰ্ব্বত পাহাৰ ভাঙ্গি অতিক্ৰম কৰিব লগা হোৱাত এই সুদীৰ্ঘ পথ জনপ্ৰিয় নাছিল।

 জলপথেদিও পশ্চিমৰ লগত চীনৰ বিশেষ সংযোগ নাছিল। অতীতত চীনদেশে বাহিৰৰ পৰা খুব কম বস্তুহে পাইছিল। মধ্য-এছিয়া আৰু টাইগ্ৰীছ, ইউফ্ৰেটিছ উপত্যকাৰ লগত অলপ অচৰপ ভাবৰ আদান প্ৰদান হৈছিল আৰু আলেকজেণ্ডাৰৰ [  ] সাম্ৰাজ্য বিস্তাৰ কালত গ্ৰীচৰ প্ৰভাব চীনদেশত অলপ অচৰপ পৰিছিল। আৰব সকলেও কেণ্টন আৰু দক্ষিণৰ বন্দৰবিলাকলৈ বেহা-বেপাৰৰ সামগ্ৰী অনা-নিয়া কৰিছিল, কিন্তু চীনৰ সাংস্কৃতিক জীৱনত তেওঁলোকে কোনো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল।

 বৌদ্ধধৰ্মৰ জৰিয়তে ভাৰতবৰ্ষৰ পৰা ধৰ্ম্ম, কলা, দৰ্শন চীনদেশত প্ৰবেশ কৰে আৰু বৌদ্ধধৰ্মৰ বাহিৰে আন কোনো বিদেশী প্ৰভাৱে চীনৰ জাতীয় জীৱনত স্থায়ী সাঁচ বহুৱাব পৰা নাই। পৃথিবীৰ বিভিন্ন জাতিৰ সভ্যতাৰ ক্ৰমবিকাশত আন আন দেশৰ বা সভ্যতাৰ সংমিশ্ৰণ বা সমন্বয় হৈছে। আনকি ভাৰতবৰ্ষৰ সভ্যতা আৰু সংস্কৃতিতো আন আন সভ্যতাৰ প্ৰভাব আৰু অৱদান যথেষ্ট আছে। কিন্তু চীনদেশৰ সভ্যতা আৰু সংস্কৃতিত একমাত্ৰ বৌদ্ধধৰ্ম্মৰ বাহিৰে আন কোনো বিশেষ বাহিৰা প্ৰভাৱ পৰা নাই। ই একপ্ৰকাৰ কাৰো সহায় নোলোৱাকৈ বা কাবো প্ৰভাৱত নপৰাকৈ এটা মহান জাতিৰ স্বতঃবিকশিত সভ্যতা। চীনাসভ্যতা এটা মহান জাতিৰ চিন্তা আৰু কৰ্ম্মশক্তিৰ উদ্ভাৱন। চীনৰ জাতীয় জীৱনৰ সংস্কৃতি আৰু ভাবধাৰাত বিদেশী প্ৰভাৱ বেচি নপৰাৰ কাৰণে ই বেচি ৰক্ষণশীল হৈ পৰিছিল আৰু এই কাৰণেই প্ৰাচীন চীনত পৰিবৰ্তনৰ গতি আছিল বৰ মন্থৰ।

 জগতৰ অন্যান্য সভ্যতাৰ ধাৰাৰ লগত ঘনিষ্ঠ সম্পৰ্ক নথকা বাবে চীনাসকলে গৌৰৱ অনুভৱ কৰে। চীনৰ উপকণ্ঠত থকা [  ] অঞ্চলবোৰে মধ্যচীনৰ সভ্যতা আৰু সংস্কৃতি গ্ৰহণ কৰিছে। জাপান, কোৰিয়া আদি দেশবোৰেও চীনৰ ধৰ্ম্ম, কলা, সাহিত্য আৰু শাসন-পদ্ধতি গ্ৰহণ কৰিছিল। চীনদেশৰ লোকসকলে, বিশেষকৈ শিক্ষিতসকলে, নিজৰ বৈশিষ্ট্যপূৰ্ণ প্ৰাচীন সভ্যতাৰ কাৰণে গৌৰৱ অনুভব কৰি বিদেশীসকলক অলপ হেয় চকুৰে চাইছিল। বহুদিনলৈকে চীনাসকলে বাহিৰৰ পৰা আমদানী হোৱা আচাৰ, ব্যৱহাৰ, শিক্ষা আদি গ্ৰহণ কৰা নাছিল। জাপানীসকলে সহজে পশ্চিমীয়া শিক্ষা-দীক্ষা গ্ৰহণ কৰি নিজকে খাপ খুৱাই লব পাৰিছিল কিন্তু চীনাসকলে অতীতৰ গৌৰৱময় সভ্যতাৰ লগত খাপ নোখোৱা পশ্চিমীয়া সভ্যতা গ্ৰহণ কৰিবলৈ টান পাইছিল আৰু সৰ্ব্বসাধাৰণে এই অচিনাকী সভ্যতা ঘিণহে কৰিছিল। সেইকাৰণে বহুত দিনলৈকে চীনাসকলে পশ্চিমীয়া শিক্ষা, আচাৰ, ব্যৱহাৰ গ্ৰহণ কৰা নাছিল আৰু এই কাৰণেই বৰ্ত্তমান যুগৰ যান্ত্ৰিক সভ্যতাৰ উন্নতিৰ মাপকাঠিত চীন পিছ পৰি থাকিছিল। জাপানীসকলে পশ্চিমীয়া সভ্যতা গ্ৰহণ কৰাত টান নাপাইছিল কাৰণ তেওঁলোকে আগেও চীন সভ্যতা সংস্কৃতিহে গ্ৰহণ কৰিছিল। নিজৰ সুকীয়া বৈশিষ্ট্য আৰু গৌৰৱ নথকাত জাপানে অতি সোনকালে নতুন জাগৰণত গা ঢালি দিব পাৰিছিল, কিন্তু চীনে গৌৰৱময় ঐতিহ্যৰ খোপনি সহজে এৰিব নোৱাৰাত নৱজাগৰণৰ ধাৰাই অতি মন্থৰ গতিতহে জনসাধাৰণক আকৃষ্ট কৰিব পাৰিছিল।

 

[  ]
 

(২)

সাংস্কৃতিক বৈশিষ্ট্য

 চীনৰ বৰ্ত্তমান জাগৰণ আৰু ক্ৰমোন্নতি অতীত চীনৰ পটভূমিত হে ভালকৈ উপলব্ধি কৰিব পাৰি। নতুন চীন পুৰণি চীনৰ বুকুতহে বিকশিত হৈছে আৰু ইয়াৰ পৰিবৰ্ত্তন চকুত লগা হলেও পুৰণি অৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক নহয়। চীন সভ্যতা আৰু জীৱনৰ গতি আজিৰ যুগে নিয়ন্ত্ৰণ কৰা নাই। ই অতীতৰ লগত নিৰবচ্ছিন্নভাবে মেৰ খাই আছে আৰু নতুন পৰিস্থিতিত নতুন বেশত ৰূপায়িত হৈছে।

 চীনা সংস্কৃতিৰ প্ৰধান লক্ষণ জাগতিক দৃষ্টিভঙ্গীৰ প্ৰাধান্য বুলিয়েই কব পাৰি। ব্যৱহাৰিক জগতৰ প্ৰতি অধিক গুৰুত্ব চীনা চিন্তাধাৰাৰ এটা বিশেষ লক্ষণ। পাৰলৌকিক চিন্তাত প্ৰাধান্য দি ইহজগতৰ অলীকতা প্ৰতিপাদনত চীনাসকলৰ ঐতিহ্যই আগ্ৰহৰ আতিশয্য নেদেখুৱায়। ইহজীৱনত কেনেকৈ প্ৰকৃত সুখ শান্তি পাব পাৰি, জীৱন কেনেকৈ সম্পূৰ্ণাঙ্গ কৰিব পাৰি, তাৰ আদৰ্শ আৰু উপায় উদ্ভাৱনতহে চীনা চিন্তাধাৰাই অধিক গুৰুত্ব আৰোপ কৰিছিল। আধ্যাত্মিক চিন্তা বা শিক্ষা এই জাগতিক দৃষ্টিভঙ্গীৰ পৰিবেশক হিচাপেহে লোৱা হৈছিল। অৱশ্যে দৰ্শনৰ ক্ষেত্ৰত লাওৎছে আৰু তেওঁৰ শিষ্যসকলে অতীন্দ্ৰিয়বাদ, অধ্যাত্মবাদ আদি প্ৰচলন কৰিছিল। কিন্তু ইয়াৰ প্ৰভাৱ শিক্ষিতসকলৰ মাজতহে আৱদ্ধ আছিল। [  ] জনসাধাৰণৰ মাজত নৈতিক শিক্ষা আৰু ব্যৱহাৰিক শিক্ষাইহে বেচি সমাদৰ পাইছিল।

 জনগণৰ সমৃদ্ধি বৃদ্ধি কৰি জীবনৰ সুখ স্বাচ্ছন্দ্যত সহায় কৰাটোৱেই আছিল চীনৰ ৰাজনৈতিক অনুস্থানসমূহৰ মুখ্য উদ্দেশ্য। জাতিৰ সম্পদ-সমৃদ্ধি বৃদ্ধি কৰাৰ ওপৰতেই প্ৰশাসনৰ কৃতকাৰ্য্যতা নিৰ্ভৰ কৰিছিল। দেশৰ শ্ৰীবৃদ্ধিৰ পৰিমাণেই সুশাসনৰ মাপকাঠি আছিল। দেশৰ অৱস্থা বেয়া হলেই শাসকে জনগণৰ আস্থা হেৰুৱাইছিল আৰু অশান্তিৰ কাৰণে ৰাজ্যত বিপ্লৱ আদিৰ সূচনা হৈছিল। ৰজা বা শাসকক ঈশ্বৰৰ প্ৰতিনিধি বুলি চীনাসকলে মানিছিল আৰু দেশত কুশাসন জনিত অশান্তি বা দুৰ্য্যোগ উপস্থিত হলে সেই ৰজাই ঈশ্বৰৰ আদেশ অবমাননা কৰা বুলি ধৰিছিল আৰু তেনে ৰজা বা শাসকক পদচ্যুত কৰা কৰ্ত্তব্য বুলি বিবেচনা কৰিছিল।

 চীনাসকলৰ ধৰ্ম্ম বাস্তব-অভিমুখী। নৈতিকতাৰ পিনৰ পৰাও ঈশ্বৰৰ প্ৰতি কৰ্ত্তব্যতকৈ মানুহৰ প্ৰতি কৰ্ত্তব্যপালনতহে অধিক গুৰুত্ব দিয়া হৈছিল। ধৰ্ম্মানুস্থানবিলাকৰো অন্তৰালত চীনাসকলৰ ব্যৱহাৰিক মনোবৃত্তি প্ৰকট আছিল। ইহজীৱনৰ সাফল্য, স্বাস্থ্য, সন্তান আদিৰ কামনা কৰিহে ধৰ্ম্মকৃত্য কৰিছিল। ভগবৎ-প্ৰেমত মজি পাৰলৌকিক মোক্ষ কামনাত আত্মনিবেদনমূলক ধৰ্ম্মানুস্থানৰ বৰ সমাদৰ নাছিল। চীনাসকলৰ মতে এই জগত আৰু জীৱন মায়াময় বা অলীক নহয়; সত্য আৰু বাস্তৱ জীৱনৰ সুখ-সম্পদৰ বাবেহে ধৰ্ম্মৰ প্ৰয়োজন।
[ ১০ ]  চীনাসকলে ব্যক্তিতকৈ সমাজক বেচি প্ৰাধান্য দিয়ে। পাৰিবাৰিক জীৱনতো ব্যক্তিগত পৰিয়াল জনতকৈ সামূহিক ঘৰখনৰহে গুৰুত্ব বেচি। গোটেই পৰিয়ালটোৰ মঙ্গল বা সুখৰ কাৰণে ব্যক্তিগত সুখ বা স্বাৰ্থক বিসৰ্জ্জন দিয়াই আছিল চীনৰ গৃহস্থিৰ আদৰ্শ। ৰাষ্ট্ৰ পৰিয়ালৰ বৃহৎ সংস্কৰণ হিচাবে লোৱা হৈছিল। ব্যক্তিবিশেষৰ ইচ্ছাতকৈ সামূহিক ইচ্ছাৰহে প্ৰাধান্য বেচি আছিল। শিক্ষা, সংস্কৃতি সকলোৰে মূলত সমাজ কল্যাণ আৰু সমাজ-সেৱাই আদৰ্শ আছিল। সমাজৰ শৃঙ্খলা ৰক্ষণ আৰু শ্ৰীবৃদ্ধি আনয়নত ন্যায়পৰায়ণতা একান্ত প্ৰয়োজনীয় আৰু এই উদ্দেশ্য সাধনৰ সহায়ক হিচাবেহে নৈতিক শিক্ষাৰ সমাদৰ আৰু প্ৰয়োজন আছিল।

 ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীবিলাকলৈ দৃষ্টি ৰাখিলেও চীনাসকল সুক্ষ্ম অনুভূতিৰ উৎকৰ্ষণতো পিচ পৰা নাছিল। সাহিত্য, কবিতা, সুকুমাৰ কলা, সঙ্গীত আদি বিষয়ত তেওঁলোকে প্ৰাচীন কালতে যথেষ্ট আগ বাঢ়িছিল। কোনো কোনো ক্ষেত্ৰত অতীন্দ্ৰিয় অনুভূতিৰো যথেষ্ট বিকাশ পাইছিল। কিন্তু ভাৰতবৰ্ষ, গ্ৰীচ, ঈজিপ্ত আদি দেশৰ দৰে চীনৰ সভ্যতা আৰু সংস্কৃতিত প্ৰগাঢ় ধৰ্ম্মভাৱৰ প্ৰশান্ত প্ৰভাৱ পৰিলক্ষিত নহয়। পাৰলৌকিক সদ্গতিতকৈ ইহজগতত সুখ শান্তিৰে থাকিবলৈহে তেওঁলোকে বেচি চিন্তা কৰিছিল। এই উদ্দেশ্যেৰেই বাণিজ্য, ব্যবসায়, সামাজিক অনুস্থান, শাসন-প্ৰণালী আদিত বেচি মনোনিবেশ কৰিছিল।
[ ১১ ]  চীনৰ প্ৰাচীন সভ্যতাৰ আন এটা মন কৰিবলগীয়া কথা হৈছে যে কোনো যুগতে চীনা সভ্যতা-সংস্কৃতি ধ্বংসমুখী হোৱা নাই। মাজে সময়ে সাময়িক বিপৰ্য্যয়ত পৰিলেও পুনৰ গা টঙ্গাই ই ক্ৰমশঃ আগবাঢ়ি গৈ আছে আৰু ইয়াৰ সুতি নিৰবচ্ছিন্ন প্ৰবাহত চলি আছে। পৃথিৱীৰ বুকুত কেইবাটাও প্ৰাচীন সভ্যতাই জাকত জিলিকা হৈ ওলাইছিল কিন্তু সেই গৌৰৱময় প্ৰাচীন সভ্যতা আজি ভূগৰ্ভত বিলীন হৈ গৈছে। সেই সভ্যতাৰ অৱদান, অস্তিত্ব আৰু প্ৰামান্যতা মাটি খান্দি গবেষণা কৰিহে নিৰ্ণয় কৰিব লগা হৈছে। কিন্তু চীনৰ সভ্যতাৰ প্ৰবাহ কোনো দিনেই ৰুদ্ধ হোৱা নাই আৰু ই উদ্দীপ্ত জীৱন্ত শক্তি হিচাবেই চীনৰ জনসাধাৰণক প্ৰেৰণা যোগাই আহিছে। জাতীয় জীৱনৰ বহুমুখী সৃষ্টি-শক্তি নতুন নতুন ক্ষেত্ৰত প্ৰসাৰিত হৈছে যদিও, কোনো যুগতে চীনে পুৰণি আচাৰ-ব্যৱহাৰ ৰীতি-নীতি হঠাতে ত্যাগ কৰি আকৰ্ষণীয় হলেও নতুনক আঁকোৱালি লোৱা নাই। এনে ৰক্ষণশীল মনোবৃত্তিৰ কাৰণেই চীনৰ সাংস্কৃতিক পৰিবৰ্তনৰ গতি অতি মন্থৰ আছিল।

 ব্যৱহাৰিক জীৱনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কাৰণে চীনাসকলে অৰ্থনৈতিক ব্যৱস্থাত মন দিছিল। কৃষিয়েই আছিল তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ মেৰুদণ্ড। চীনৰ সভ্যতাই মূলতঃ কৃষি-সভ্যতা। কৃষিত তেওঁলোকে বেচ দক্ষতা অৰ্জ্জন কৰিছিল। মাটিৰ উৰ্ব্বৰতা সংৰক্ষণ ব্যৱস্থাত বৰ্ত্তমান নিয়োজিত পশ্চিমীয়া বিজ্ঞান-সন্মত পদ্ধতিকো [ ১২ ] তেওঁলোকে চেৰ পেলাইছিল। মানুহৰ মলমূত্ৰ পেলনীয়া আৰু ঘৃণিত বস্তু বুলি নাভাবি তেওঁলোকে তাক খেতিকৰা মাটিৰ সাৰ যোগানত ব্যৱহাৰ কৰিছিল। উদ্ভিদৰ প্ৰয়োজনীয় সাৰ এই মলমূত্ৰত খুব বেচি পৰিমাণে থাকে আৰু এই সত্য চীনাসকলে অতি প্ৰাচীনকালতেই উপলব্ধি কৰি এই পেলনীয়া বিষ্ঠাকো উৎপাদনৰ কামত খটাইছিল। একেডৰা মাটিতে তেওঁলোকে কেইবাটাও শস্য উৎপাদন কৰিছিল আৰু যাতে এনে ওপৰা-উপৰিকৈ খেতি কৰা বাবে মাটিৰ উৎপাদিকা আৰু উৰ্ব্বৰা শক্তি কমি নাযায় তাৰ বাবে শস্য বাছি খেতি কৰিছিল। মুঠতে চীনাসকলে সেই যুগতেই কৃষি বিষয়ত বৰ্ত্তমানৰ বিজ্ঞানসম্মত প্ৰণালী কামত খটুৱাইছিল।

 প্ৰশাসন ক্ষেত্ৰতো অতি প্ৰাচীনকালৰ পৰাই চীন প্ৰসিদ্ধ। চীনৰ ইতিহাসত কেইবা শতাব্দী ধৰি প্ৰচলিত বিভিন্ন প্ৰশাসনীয় অনুস্থানৰ বিশদ বিৱৰণ পোৱা যায়। পৃথিবীৰ বোধহয় আন কোনো জাতিৰে এনে নিৰবচ্ছিন্ন প্ৰশাসনৰ ইতিহাস পোৱা নাযায়। কোন শাসকৰ ৰাজত্বত কেনে ধৰণৰ শাসন চলিছিল, কি কি নতুন সংস্কাৰ প্ৰবৰ্ত্তিত হৈছিল, সেইবিলাকৰ ফলাফল বা পৰিণাম কেনে হৈছিল ইত্যাদি বিৱৰণ চীনৰ ইতিহাসত পোৱা যায়। শাসক প্ৰজাৰ বাবেহে কিন্তু প্ৰজা শাসকৰ বাবে নহয়— এয়ে আছিল চীনৰ শাসন পদ্ধতিৰ মূল নীতি। জনগণৰ সেৱা আৰু সমৃদ্ধি বৃদ্ধি কৰাই চীনৰ ৰাজনৈতিক জীৱনৰ আদৰ্শ আছিল। সমগ্ৰ জাতিৰ [ ১৩ ] কল্যাণেই শাসকৰ ব্ৰত। দেশৰক্ষা আৰু আভ্যন্তৰীণ শান্তি ৰক্ষাৰ বাবেহে অকল সৈন্য ব্যৱহাৰ কৰা হৈছিল। চীনত সৈনিকৰ বৰ সমাদৰ নাছিল। সামাজিক ক্ষেত্ৰত পুৰণি চীনত সৈনিকৰ মৰ্যাদা নিম্নতম পৰ্য্যায়ৰহে আছিল। চীনৰ ইতিহাসত অৱশ্যে সৈনিকৰ অৰিহণা কম নহয়, আনকি অনেক ৰাজ্যত কোনো বংশৰ লোকৰ শাসন প্ৰতিষ্ঠা কৰোঁতে সুদক্ষ সেনানায়কৰ কাৰণেই তেওঁলোকে সেই সুচল পাইছিল। তথাপি জাপান বা পশ্চিমীয়া দেশবোৰত মানুহে সৈনিক হিচাবে যি সন্মান বা সমাদৰ পায় চীনত পুৰণিকালত সৈনিকে সমাজত সেই সন্মান নাপাইছিল। সৈনিক সকলক প্ৰাণ আৰু ধন সংহাৰী বুলি হেয় চকুৰেহে চাইছিল। সামাজিক মৰ্য্যাদা বা প্ৰতিষ্ঠাৰ ক্ৰম আছিল পণ্ডিত, কৃষক, বণিক, ৰাজবিষয়া, আৰু শেহতহে আছিল সৈনিক। চীনৰ সমাজ ব্যৱস্থাত সৈনিকতকৈ কৃষকৰহে বেচি সমাদৰ আছিল।

 চীনসাম্ৰাজ্যৰ প্ৰাচীন শাসনতন্ত্ৰৰ কেন্দ্ৰস্থানত আছিল সম্ৰাট। সম্ৰাটক “স্বৰ্গৰ পুত্ৰ”[১] বুলি অভিহিত কৰিছিল। স্বৰ্গৰ পুত্ৰ আখ্যাই ৰজাৰ দৈবিক অধিকাৰ (ডিভাইন ৰাইট্ অফ কিংচ্) বুজোৱা নাছিল। ইয়াৰ তাৎপৰ্য্য আছিল এই যে ৰজাই স্বৰ্গৰ পুত্ৰ হিচাপে সকলো প্ৰজাকে সমভাবে চাব [ ১৪ ] লাগিব আৰু ৰাইজৰ হিতকামনাই তেওঁৰ মুখ্য উদ্দেশ্য হব লাগিব। সম্ৰাট প্ৰজাৰঞ্জক হব লাগিব। যদি সম্ৰাটে দেশৰ সুশাসন কৰিবলৈ অক্ষম হয়, যদি প্ৰজাৰ মঙ্গল চিন্তাত অৱহেলা কৰি নিজৰ ভোগবিলাসত গা ঢালি দিয়ে, তেন্তে সেই সম্ৰাট স্বৰ্গৰ পুত্ৰ হৈ নাথাকে। এনে অক্ষমতা আৰু কৰ্ত্তব্যবিমুখতাৰ বাবে সম্ৰাট ঈশ্বৰপ্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হয় আৰু প্ৰজাই ঈশ্বৰৰ আদেশ উলঙ্ঘন কৰা বাবে তেনে সম্ৰাটৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সেই সম্ৰাটক পদচ্যুত কৰি সেই বংশৰে বা আন বংশৰ উপযুক্ত লোকক সম্ৰাট পাতিবলৈ অধিকাৰ পায়। চীনৰ ইতিহাসত এইদৰে প্ৰজাৰ সমৰ্থনত বেলেগ বেলেগ বংশৰ লোক ক্ষমতাত প্ৰতিষ্ঠিত হোৱাৰ পটন্তৰ আছে। ৰাজবংশৰ লোকে পুৰুষানুক্ৰমে ৰাজপাট খাই থকা প্ৰথা আছিল আৰু সম্ৰাট যে স্বৰ্গৰ পুত্ৰ এই বিশ্বাসৰ ওপৰতেই এই নীতি প্ৰচলিত আছিল। সম্ৰাটৰ ক্ষমতা অসীম আছিল। সাম্ৰাজ্যৰ আইন, ন্যায়, প্ৰশাসন আদি সকলোৰে মূল উৎস আছিল সম্ৰাট। যেতিয়ালৈকে সম্ৰাটে প্ৰজাৰ সুখ, শান্তি, সমৃদ্ধিলৈ চকু ৰাখে তেতিয়ালৈকে তেওঁৰ ক্ষমতা আৰু প্ৰভাৱ অটুত থাকে।

 সাম্ৰাজ্যৰ অধিনায়ক হলেও প্ৰাচীন চীনৰ শাসনতন্ত্ৰত সম্ৰাট স্বেচ্ছাচাৰী একনায়কত্ববাদী নাছিল। সম্ৰাটৰ তলত পাত্ৰ-মন্ত্ৰী, পৰিষদ, সৈন্যবিভাগৰ বিষয়া, ন্যায়াধীশ, উন্নয়নমূলক কামৰ বিষয়া, আইন প্ৰণেতা আদি নানা বিভাগৰ ভাৰপ্ৰাপ্ত [ ১৫ ] বহুত বিষয়া আছিল আৰু তেওঁলোকৰ লগত আলোচনা আৰু পৰামৰ্শ কৰিছে ৰাজকাৰ্য্য চলাইছিল। এইবিলাক বিষয়াৰ উপৰিও ৰাজকাৰ্য্য আৰু ৰাজবিষয়াসকলৰ কাৰ্য্যকলাপ নিৰ্ভীক ভাবে সমালোচনা কৰিবলৈ এক শ্ৰেণীৰ মৰ্য্যাদাসম্পন্ন বিষয়া নিযুক্ত হৈছিল। এই বিষয়াসকলে দুৰ্ম্মুখ, চি-আই-ডি, বা বৰ্ত্তমান গণতান্ত্ৰিক শাসনতন্ত্ৰৰ বিৰোধীদলৰ কাম কৰিছিল। কিন্তু এওঁলোক ৰাজবিষয়া আছিল। গতিকে দেখা যায় প্ৰাচীন চীনত প্ৰবৰ্ত্তিত শাসনতন্ত্ৰ অতি আধুনিক আৰু প্ৰগতিমূলক চিন্তাধাৰাৰ সমৰ্থিত আৰু সমাদৃত শাসনপদ্ধতিতকৈ কোনো গুণে পিচপৰা নাছিল। বৰং ই বেচি কাৰ্য্যকৰা আৰু উন্নত ধৰণৰ হে আছিল। সম্ৰাটৰ কাৰ্য্যকলাপ আৰু তেওঁৰ ৰাজত্বকালত হোৱা বিশেষ বিশেষ ঘটনাবিলাক লিপিবদ্ধ কৰিবলৈ ইতিহাস লিখা ৰাজকৰ্ম্মচাৰীও নিযুক্ত হৈছিল।

 সম্ৰাটৰ তলত প্ৰদেশবিলাকত একোজন ৰাজপ্ৰতিনিধি বা ভাইচৰয়ে প্ৰদেশৰ শাসনকাৰ্য্য চলাইছিল। এনে ৰাজ্যিক ৰাজপ্ৰতিনিধি বা গৱৰ্ণৰৰ তলত কোষাধ্যক্ষ, লোণ-নিয়ন্ত্ৰণ আয়ুক্ত, প্ৰাদেশিক ন্যায়াধীশ, শিক্ষাধিকাৰ, সেনাধ্যক্ষ আদি আৰু কিছুমান উচ্চ ক্ষমতাপন্ন বিভাগীয় ৰাজকৰ্মচাৰী আছিল আৰু এই বিষয়াসকলৰ লগত পৰামৰ্শ কৰি গৱৰ্ণৰে প্ৰদেশৰ শাসনকাৰ্য্য চলাইছিল। এই বিষয়াসকলে মতাৰ অপব্যৱহাৰ কৰিব খুজিলে ইজনে সিজনৰ প্ৰতিবন্ধক হৈছিল আৰু ক্ষমতাৰ অপপ্ৰয়োগ বন্ধ কৰিছিল।
[ ১৬ ]  এই চৰকাৰী বিষয়াসকলক নিয়োগ কৰোতে আমাৰ চিভিল চাৰ্ভিচ পৰীক্ষাৰ দৰে কেইবাটাও পৰীক্ষা লৈ নিৰ্ব্বাচন কৰা হৈছিল। পৰীক্ষাৰ কৃতকাৰ্য্যতাৰ গুণানুসৰি জাতিবৰ্ণ নিৰ্ব্বিশেষে যোগ্য প্ৰাৰ্থী বিষয়বাব দিয়া হৈছিল। চীনদেশৰ শাসনতন্ত্ৰ আদৰ্শ অনুযায়ী গুণী, ক্ষমতাশালী আৰু পাৰদৰ্শিতা থকা লোকসকলৰ পৰামৰ্শত সম্ৰাটে দেশৰ শাসনকাৰ্য্য চলোৱা নিয়ম আহিল। এতেকে পৰীক্ষাৰ মাজেদি যোগ্য লোকক বাছি লোৱা হৈছিল। অতি নিকৃষ্ট পৰিয়ালৰ লোকেও যোগ্যতা থাকিলে ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ বিষয়বৰীয়া হব পাৰিছিল। শাসনপদ্ধতি সম্পূৰ্ণ গণতান্ত্ৰিক আছিল।

 কেন্দ্ৰীয় চৰকাৰে দেশৰক্ষা, শান্তিৰক্ষা আৰু কৰ-কাটল আদায় কৰাৰ ভাৰ লৈছিল। এই কেইটাই কেন্দ্ৰীয় বিষয় আছিল আৰু বাকী বিষয়বোৰত প্ৰদেশবিলাকৰ স্বায়ত্বশাসন আছিল। আজিৰ যুগৰ আদৰ্শ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ চীনত কেইবাহাজাৰ বছৰৰ আগতেই প্ৰবৰ্ত্তিত হৈছিল। প্ৰদেশবিলাকৰ প্ৰশাসন ক্ষেত্ৰতো গাওঁবিলাকেই আছিল একোটা গোট আৰু প্ৰত্যেকখন গাৱেঁই আভ্যন্তৰীণ বিষয়ত স্বাৱলম্বী আছিল। গাৱঁৰ শাসনকাৰ্য্য গণতান্ত্ৰিক আছিল আৰু গাওঁবুঢ়া বা মুখীয়াল লোকে এই শাসনৰ ভাৰ লৈছিল।

 কেন্দ্ৰীয় চৰকাৰৰ হাতত শাসনক্ষমতা বেচি নথকাত প্ৰদেশ আৰু গাওঁবিলাক এক প্ৰকাৰ স্বাধীন হিচাবেই চলিছিল। কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা শিথিল হৈ অহাৰ লগে লগে [ ১৭ ] প্ৰদেশবিলাকে মূৰ ভাঙ্গি উঠিছিল, আৰু অনেক সময়ত প্ৰদেশবিলাকৰ মাজত অৰিয়াঅৰি, বিদ্বেষ আৰু শেহতগৈ স্বাধীন ৰাজ্যৰ দৰে যুদ্ধ-বিগ্ৰহ হৈছিল। ক্ষমতাৰ বেচি বিকেন্দ্ৰীকৰণ হোৱাৰ কাৰণেই চীনসাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবিলাকে সময়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি থকা আনুগত্য পাহৰি গৈছিল আৰু সকলো পিনৰ পৰাই স্বাধীন ৰাজ্য হিচাবেই চলিছিল। ইয়াৰ পৰিণামস্বৰূপে চীনত প্ৰগাঢ় জাতীয়তাবাদ বা একান্ত দেশপ্ৰেম গঢ়ি উঠা নাছিল আৰু চীনাসকলক একসূত্ৰত আৱন্ধ কৰি জাতীয় প্ৰেমত উদ্বুদ্ধ কৰিব পৰা নাছিল। জাপানত থকা তীব্ৰ জাতীয়তাবাদৰ দৰে ভাবৰ চীনত অভাৱ আছিল। বোধহয় আয়তন বিশালতা আৰু কেন্দ্ৰীয় চৰকাৰৰ অক্ষমতাৰ কাৰণেই প্ৰাচীন কালত সমগ্ৰ চীনদেশ একেখন দেশ আৰু সকলো চীনা একেদেশৰ নাগৰিক— এনে জাতীয়তাবোধ জাগিবলৈ সুচল নাছিল। এইকাৰণেই চীনসাম্ৰাজ্যত সকলো অঞ্চলতে একে শাসন নচলিছিল আৰু মূলত একেখন দেশ হলেও দেখাত অসংখ্য সৰু সৰু ৰাজ্যত বিভক্ত হৈ পৰিছিল। সম্ৰাটৰ দুৰ্ব্বলতাৰ সুযোগ লৈ এই ৰাজ্যবোৰে কেন্দ্ৰৰ অধীনতা দলিয়াই পেলাই স্বাধীন হৈ উঠিছিল। আকৌ সম্ৰাট পৰাক্ৰমী হলে বিদ্ৰোহী প্ৰদেশ বিলাকক কেন্দ্ৰৰ শাসনৰ তললৈ আনি পুনৰ একত্ৰীকৰণ কৰিছিল।

 প্ৰাচীন চীনৰ শিক্ষাপদ্ধতিৰ মূল উদ্দেশ্য আছিল জনগণৰ সেৱাত আত্মনিয়োগ কৰিব পৰা বিষয়াশ্ৰেণী গঢ়ি তোলা। [ ১৮ ] শিক্ষাৰ উদ্দেশ্য শাসন-অনুগামী আছিল। ৰাজকৰ্ম্মচাৰী হোৱাটোৱেই শিক্ষিত লোকসকলৰ উদ্দেশ্য আছিল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজেদি নিজৰ কৃতিত্ব দেখুৱাই নিৰ্বাচনৰ যোগ্যতা অৰ্জ্জন কৰাৰ ওপৰতেই শিক্ষাৰ কৃতকাৰ্য্যতা নিৰ্ভৰ কৰিছিল। কিন্তু চীনত শিক্ষাদান ব্যৱস্থাৰ ভাৰ চৰকাৰে গ্ৰহণ নকৰিছিল। প্ৰাথমিক শিক্ষাদান আৰু নিৰ্ব্বাচনী পৰীক্ষাৰ কাৰণে যোগ্যতা অৰ্জ্জন কৰোৱাৰ ভাৰ বেচৰকাৰী অনুস্থান বিলাকৰ হাততহে আছিল। চৰকাৰে পৰীক্ষা লৈছিল আৰু পৰীক্ষাৰ কৃতকাৰ্য্যতা অনুসৰি প্ৰাৰ্থীসকলক চৰকাৰী বিষয়বাব দিছিল। চৰকাৰে অৱশ্যে সাহিত্য, শব্দকোষ, বিশ্বকোষ, আদি প্ৰণয়ন আৰু সম্পাদনাত সহায় কৰিছিল আৰু উৎসাহ দিছিল কিন্তু পোনপটীয়াভাবে শিক্ষাদান ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেই কাৰণে চাকৰী পূৰণৰ কাৰণে লোৱা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱাই শিক্ষাৰ উদ্দেশ্যত পৰিণত হৈছিল। আমাৰ দেশত প্ৰচলিত টোল প্ৰথাৰ দৰে প্ৰাচীন কালত চীনতো ব্যক্তিবিশেষে ছাত্ৰক পাঠ পঢ়াইছিল আৰু পৰীক্ষাৰ বিষয়বোৰৰ অধ্যাপনা কৰিছিল। চীনদেশত অধ্যাপনা পৰীক্ষা-উদ্দেশ্যমূলক আছিল আৰু পৰীক্ষা লোৱা বিষয়বোৰ ছাত্ৰই মুখস্থ কৰিছিল। সেই কাৰণে মেধাবী ছাত্ৰৰো মৌলিক আৰু সুকীয় চিন্তাধাৰাৰ উৎকৰ্ষ নহৈছিল। ইতিহাস, নীতিশাস্ত্ৰ আৰু শাসনপদ্ধতি পৰীক্ষাৰ বিষয় আছিল আৰু পৰীক্ষাৰ্থীসকলে পাৰেমানে এই বিষয়ৰ পুথিবোৰ মুখস্থ [ ১৯ ] কৰিছিল। অতি কমসংখ্যক লোকেহে প্ৰকৃত শিক্ষা লাভ কৰি মৌলিক চিন্তা কৰিবলৈ সমৰ্থ হৈছিল। স্ত্ৰীশিক্ষা সম্পূৰ্ণ অৱহেলিত আছিল আৰু সমাজতো তিৰোতাৰ স্থান নিম্নতম পৰ্য্যায়ত আছিল। জনসংখ্যাৰ বৃহত্তম অংশই নিৰক্ষৰ আছিল আৰু শতকৰা ৫ জন লোকেহে কথমপি আখৰ চিনিছিল। শিক্ষিত সকলৰ ভিতৰতো মৌলিক চিন্তা বা গবেষণাৰ অভাৱ আছিল আৰু চাকৰী পূৰণৰ বাবে লোৱা পৰীক্ষাত কৃতিত্ব লাভ কৰিবলৈ কৰা যৎপৰোনাস্তি চেষ্টাত শিক্ষাৰ প্ৰকৃত আদৰ্শ ভ্ৰষ্ট হৈছিল। শিক্ষিত লোকৰ সংখ্যা কম হলেও শিক্ষাৰ বৰ সমাদৰ আছিল আৰু সমাজত পণ্ডিতসকলৰ প্ৰতিষ্ঠা আৰু সন্মান সকলোৰে ওপৰত আছিল। ৰাজকাৰ্য্য চলাবলৈ গোটেই দেশৰ পৰাই শিক্ষিত লোক সকলক বিচাৰ কৰি নিয়া হৈছিল আৰু সেই উদ্দেশ্যেই পৰীক্ষাৰ প্ৰথা প্ৰবৰ্ত্তন কৰিছিল।

 আয়তনত চীন এখন অতি বৃহৎ দেশ। ভৌগোলিক অৱস্থিতি আৰু প্ৰাকৃতিক পৰিবেশে ইয়াক বিভিন্ন খণ্ডত বিভক্ত কৰিছে। বিভিন্ন অঞ্চলবোৰত বেলেগ বেলেগ আঞ্চলিক কথিত ভাষা চলিছিল। কিন্তু গোটেই চীনতে একে লিপিৰ প্ৰচলন আছিল আৰু ই গোটেই চীনকে এখন দেশ বুলি ভবাত সহায় কৰিছিল। চীনৰ বিৰাট সাহিত্যৰাজি এই লিপিতেই লিখিত।

 চীন সাহিত্য যথেষ্ট চহকী। নীতিশাস্ত্ৰ, দৰ্শন, ইতিহাস, [ ২০ ] কবিতা, ধৰ্ম্মসাহিত্য, গণিত, নাটক আদি সকলো বিষয়তেই চীনা সাহিত্য প্ৰাচীন কালতে যথেষ্ট আগবঢ়া আছিল। চৰকাৰী উচ্চপদত অধিস্থিত বিষয়ববীয়াসকল শিক্ষিত লোক আছিল আৰু চীনৰ সাহিত্যত এই ৰাজবিষয়াসকলৰ বৰঙণিয়েই বেচি। ইতিহাস সাহিত্যত চীন পৃথিবীৰ ভিতৰতে শ্ৰেষ্ঠ আৰু খৃঃ পূঃ প্ৰায় আঢ়ৈহাজাৰ বছৰৰ পৰাই চীনৰ ইতিহাস পোৱা যায়। এই কালছোৱাৰ ইতিহাসত পৌৰাণিক আখ্যান, জনশ্ৰুতি আদি সংমিশ্ৰণ হোৱাত পণ্ডিত সকলে ইয়াত ঐতিহাসিক প্ৰামাণ্যৰ গুৰুত্ব দিব নোখোজ। কিন্তু খৃঃ পূঃ আঠশ বছৰৰ পৰা চীনৰ প্ৰকৃত ইতিহাস নিৰৱচ্ছিন্নভাবে লিপিবদ্ধ হৈ চলি আহিছে। পৃথিৱীৰ ভিতৰত কোনো জাতিৰেই নিয়মিত ভাবে লিখা প্ৰামাণিক ইমান প্ৰাচীন ইতিহাস পোৱা নাযায়। আমাৰ আহোম স্বৰ্গদেউ সকলেও চীনদেশৰ ঐতিহ্যৰ পৰাই ইতিহাস লিখা প্ৰথা আৰু প্ৰেৰণা লগত লৈ আহিছিল।

 পৃথিৱীৰ ভিতৰত চীনতেই প্ৰথমে কিতাপ চপোৱা ব্যৱস্থা আবিষ্কাৰ হয়। তাৰ বহুকাল পিচতহে ইউৰোপত চপাখানা আবিষ্কাৰ হয়। ইউৰোপতকৈ বহুত দিন আগেয়ে কাগজ তৈয়াৰ কৰা প্ৰণালীও চীনত ওলায়। চিত্ৰকলাতো অতি পুৰণি কালতে চীনাসকলে উৎকৰ্ষ লাভ কৰিছিল। চিত্ৰশিল্পী সকল প্ৰায়েই কবি আছিল আৰু কবিতাৰ ভাব চিত্ৰত ফুটাই তুলিছিল। মাটিৰ ববানৰ বাবে চীন জগতত [ ২১ ] প্ৰসিদ্ধ। চীনামাটিৰ বস্তু বৰ্ত্তমান সভ্যজগতৰ অপৰিহাৰ্য্য ব্যবহাৰ্য্য বস্তু।

 ধৰ্ম্মসম্পৰ্কে চীনাসকল সদায় সহিষ্ণু আছিল। একেসময়তে কেইবাটাও ধৰ্ম্ম একেলগে চীনত প্ৰচাৰিত হৈছিল। কিন্তু সেই বিভিন্ন ধৰ্ম্মাৱলম্বী সকলৰ মাজত বেয়াভাব, হিংসা দ্বেষ বৰ নাছিল আৰু শান্তিপূৰ্ণ ভাবেই আটাই কেইটা ধৰ্ম্মই সহাৱস্থানৰ সুযোগ পাইছিল। মাজে সময়ে অৱশ্যে অলপ অচৰপ ধৰ্ম্মৰ নামত উৎপীড়ন হৈছিল। কিন্তু তেনে উৎপীড়নে চৰকাৰৰ পৰা প্ৰশ্ৰয় পোৱা নাছিল বৰং বাধাহে পাইছিল। গতিকে সেই যুগতে চীন একপ্ৰকাৰ ধৰ্ম্মনিৰপেক্ষ ৰাষ্ট্ৰ আছিল। ধৰ্ম্মৰ নামত চীনত যুদ্ধবিগ্ৰহ হোৱা নাছিল। কনফুচিয়াছৰ প্ৰচাৰিত ধৰ্ম্ম, তাওধৰ্ম্ম আৰু বৌদ্ধধৰ্ম্ম— এই তিনিটাই চীনৰ প্ৰধান ধৰ্ম্ম আৰু চীনাসকলে তিনিওটা ধৰ্ম্মকে গ্ৰহণ কৰিছে।

  1. এই একে ঐতিহ্যৰ কাৰণেই আমাৰ আহোম ৰজাসকলক স্বৰ্গদেউ বোলা হৈছিল। চীনৰ শাসনব্যৱস্থাৰ লগত আহোমসকলৰ শাসনব্যৱস্থা বহুত মিল আছিল।

[ ২১ ]

 

(৩)

ঐতিহাসিক পটভূমি

 ইতিহাস সাহিত্যৰ সম্পদত চীন বৰ চহকী। চীনাসকলৰ চলিত প্ৰবাদ মতে চীনৰ ইতিহাস ছুইজেন (Sui Jen) নামৰ ৰজা এজনৰ পৰা আৰম্ভ হয়। এইজনা প্ৰাক-ঐতিহাসিক যুগৰ ৰজা আৰু এইজন ৰজাৰ বৰ্ণনা পৌৰাণিক আখ্যান বুলিহে ধৰিব লাগে। এইজন ৰজাক জুই আবিষ্কাৰক বুলি কোৱা [ ২২ ] হয়। আকাশৰ উজ্জ্বল নক্ষত্ৰবিলাক নিৰীক্ষণ কৰি ছুইজেনে জুইৰ জ্ঞান পাইছিল আৰু এদিন এটা চৰায়ে এডাল টান কাঠত খুঁটি থাকোতে স্ফুৰ্লিঙ্গ ওলোৱা দেখি দুডাল টান কাঠ ঘঁহি ঘঁহি জুই উলিয়াবলৈ শিকে। এইদৰে জুই উলিয়াই ছুইজেনে জুইৰ ব্যৱহাৰ প্ৰচলন কৰে। চীনৰ পৌৰাণিক আখ্যানত প্ৰচলিত তিনিজনা দেৱৰাজ বা স্বৰ্গৰ ৰজা আৰু পাঁচজন সম্ৰাটৰ ভিতৰত ছুইজেনেই প্ৰথমজনা দেৱৰজা।

 দ্বিতীয়জনা দেৱৰজা আছিল ফুছি (Fu Hsi)। তেওঁৰ ৰাজত্বকাল খৃঃ পূঃ ২৮৫২ চনৰ পৰা খৃঃ পূঃ ২৭৩৮ চনলৈকে বুলি কোৱা হয়। এইজনা ৰজাক ঐতিহাসিক ব্যক্তি বুলি ধৰা হয়। চীনৰ সাংস্কৃতিক ইতিহাসত এইজন ৰজাৰ অৱদান প্ৰচুৰ কাৰণে এওঁক চীনৰ সংস্কৃতিৰ জনক হিচাবে স্থান দিয়ে। এই জন ৰজাই সমাজ ব্যৱস্থাৰ প্ৰবৰ্ত্তন কৰে। তেওঁৰ আগতে হেনো মানুহে হাবি জঙ্গলে বন্যপশুৰ দৰে বাস কৰিছিল। এওঁ মানুহক সমাজত মিলাপ্ৰীতিৰে থাকিব শিকায় আৰু বিয়াৰ প্ৰথা প্ৰচলন কৰে। বাদ্যযন্ত্ৰ তৈয়াৰ কৰি সঙ্গীতৰ প্ৰচলন কৰে, ছবিৰ সহায়ত আখৰ লিখি ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। চোম গছ ৰুই পাট পলু পুহিবলৈ শিকায়। পশু পালন আৰু গৃহস্থীৰ কামত পশুক ব্যৱহাৰ কৰিবলৈ শিকায়। তেওঁ এক প্ৰকাৰৰ পঞ্জিকা বা সময়নিৰূপক ব্যৱস্থাৰো চিন্তা কৰিছিল আৰু পৰমপুৰুষ শ্বাং টিৰ (Shang Ti) পূজা প্ৰচলন কৰিছিল।
[ ২৩ ]  ফুছিৰ পিচৰজনা ৰজাৰ নাম আছিল শ্বেন নুঙ। এওঁ খৃঃ পূঃ ২৭৩৭ চনৰ পৰা খৃঃ পূঃ ২৭০৫ চনলৈকে ৰাজত্ব কৰে। এইজনা ৰজাই কৃষি আৰু দৰৱজাতি প্ৰচলন কৰে। চীন ইতিহাস পৰম্পৰাত ছুইজেন, ফুছি আৰু শেন নুঙ— এই তিনিজনাই দেৱৰাজ বা স্বৰ্গৰ ৰজাই মৰতলৈ আহি চীনদেশত ৰাজত্ব কৰে আৰু সভ্যতা আৰু সংস্কৃতিৰ বীজ মৰতত ৰোপণ কৰে।

 শ্বেন নুঙৰ পিচৰ ৰজাসকল বৰ পৰাক্ৰমী নাছিল আৰু এওঁলোকে দাঁ‌তি কাষৰীয়া দুৰ্দ্দান্ত জনজাতি সকলৰ আক্ৰমণত বৰ বিব্ৰত হৈ পৰিছিল। সেই কাৰণে এই ৰজাসকলৰ দিনত বিশেষ উল্লেখযোগ্য ঘটনা নোহোৱাত ইতিহাসত তেওঁলোকৰ বিষয়ে বিশেষ জনা নাযায়। ইয়াৰ পিছৰ জন প্ৰখ্যাত ৰজা আছিল হুৱেং টি। এওঁৰ ৰাজত্বকাল খৃঃ পূঃ ২৬৯৭ চনৰ পৰা খৃঃ পূঃ ২৫৯৭ চনলৈকে এশবছৰ আছিল। হুৱেং টি চীনৰ পাঁচজনা ৰাজচক্ৰবৰ্ত্তীৰ প্ৰথম আছিল। হুৱেং টিৰ পূৰ্ব্ববৰ্ত্তী ৰজাসকলৰ দুৰ্ব্বলতাৰ সুযোগ লৈ ইতিমধ্যে চীনত সৰু ৰাজ্য কেইবাখনো গঢ়ি উঠিছিল আৰু দাঁ‌তিকাষৰীয়া পৰাক্ৰমী জনজাতীয় নেতা কিছুমানে কিছু অংশত তেওঁলোকৰ আধিপত্য চলাইছিল। হুৱেং টিয়ে এই সকলোবোৰ ৰজাক নিজৰ বশ্যতালৈ আনিছিল আৰু সেইকাৰণেই তেওঁক ৰাজচক্ৰবৰ্তী বোলা হৈছিল। হুৱেং টি এজন প্ৰসিদ্ধ যোদ্ধা আছিল আৰু চো লু সমৰে তেওঁৰ নাম চিৰস্মৰণীয় কৰি [ ২৪ ] ৰাখিছে। চিহ্ ইউ (Chih Yu) নামেৰে এজন অসভ্য জনজাতীয় নেতা প্ৰবল পৰাক্ৰমী হৈ উঠিছিল আৰু তাক কোনোৱে পৰাজয় কৰিব নোৱাৰিছিল। দেৱতাৰ বৰত এই ৰজা জনে যুদ্ধত কুঁৱলীৰ ডাঠ আৱৰণ সৃষ্টি কৰি শত্ৰুপক্ষক মাৰি কাটি সাং কৰিছিল। অৱশেষত হুৱেং টিয়ে কম্পাছ বা দিকনিৰ্ণয় যন্ত্ৰ আবিষ্কাৰ কৰি চিহ্ ইউৰ অৱস্থান নিৰ্ণয় কৰিছিল আৰু যুদ্ধত ঘটুৱাই হত্যা কৰিছিল। এইজন ৰজাই যানবাহন, আদান-প্ৰদানৰ মাধ্যম প্ৰচলন কৰিছিল। এওঁৱেই লিপি প্ৰণালীৰ উন্নতি কৰিছিল আৰু প্ৰণালীবদ্ধ ইতিহাস লিখিবলৈ ইতিহাস লিখকৰ বোৰ্ড স্থাপন কৰিছিল। এই বোৰ্ডৰ সদস্য সকল ৰাজকৰ্ম্মচাৰী আছিল আৰু দেশৰ ইতিহাস সঙ্কলন কৰিছিল। শাসনকাৰ্য্যত তেওঁ এজন জনহিতকৰ সম্ৰাট আছিল। তেওঁ বিদ্ৰোহীসকলৰ প্ৰতি অতি কঠোৰ আৰু ৰাজভক্ত প্ৰজাৰ প্ৰতি অতি দয়ালু আছিল। তেওঁৰ ৰাজমহিষী লেইছু বৰ দয়ালু তিৰোতা আছিল আৰু প্ৰজাৰ মঙ্গলৰ বাবে সদায় চেষ্টা কৰিছিল। তেওঁ প্ৰজাসকলক পাটপলুৰ পৰা পাটৰ সূতা কাটি কাপোব ব’ব শিকাইছিল। তেওঁক আজিও পাট শিল্পৰ অধিস্থাত্ৰী দেৱী হিচাবে পূজা কৰা হয়।

 চীনৰ প্ৰথম ৰাজাধিৰাজ হুৱেং টিৰ পিচৰ দুজন ৰজা চুৱান ছু আৰু কু বৰ প্ৰখ্যাত নাছিল। কিন্তু চতুৰ্থজন ৰজা য়াও অতি বিখ্যাত আছিল। য়াওৰে খৃঃ পূঃ ২৩৫৭ চনৰ পৰা খৃঃ পূঃ ২২৫৮ চনলৈ ৰাজত্ব কৰে। সকলো গুণৰ অধিকাৰী হৈও তেওঁ [ ২৫ ] নিৰহঙ্কাৰী আছিল আৰু প্ৰবল প্ৰতাপী হৈও তেওঁ অত্যাচাৰী নাছিল। তেওঁৰ ৰাজপ্ৰাসাদৰ সমুখত এচটা বহল কাঠ পাতি থৈছিল। বোৰ্ডৰ নিচিনা এই কাঠডোখৰত প্ৰশাসনীয় ব্যৱস্থা সম্পৰ্কে যি কোনোৱে নিজৰ মন্তব্য বা পৰামৰ্শ লিখি ৰজাক জনাব পাৰিছিল। এই কাঠ চটাৰ ওচৰতে এটা ঢোল ৰাখিছিল আৰু কোনো মানুহৰ কিবা গোচৰ বা অভিযোগ থাকিলে এই ঢোল বজাই ৰজাৰ দৃষ্টি আকৰ্ষণ কৰি ৰাজচৰাত গোচৰ উত্থাপন কৰিব পাৰিছিল। প্ৰজাৰ মঙ্গল সাধনেই আছিল তেওঁৰ ব্ৰত। সেই কাৰণে তেওঁৰ উত্তৰাধিকাৰী নিৰ্ব্বাচনত যোগ্যতালৈ লক্ষ্য কৰি তেওঁৰ আত্মীয় কাকো ৰাজ-সিংহাসনৰ বাবে মনোনীত নকৰি শ্বুন নামেৰে এজন সাধাৰণ প্ৰজাকহে ৰজা পাতিবলৈ মনোনীত কৰিছিল। গুণ আৰু দক্ষতাকহে তেওঁ সমাদৰ কৰিছিল আৰু সঁচাকৈ শ্বুনক মনোনীত কৰি তেওঁ উদাৰ মন আৰু দূৰদৰ্শিতাৰ পৰিচয় দিছিল। য়াওৱে চীনত বহুত সংস্কাৰ প্ৰবৰ্ত্তন কৰিছিল আৰু আজিও চীনাসকলে তেওঁৰ স্মৃতিত শ্ৰদ্ধা জনায়। য়াওৰ পিছত তেওঁৰ মনোনয়ন অনুযায়ী শ্বুন ৰজা হয় আৰু খৃঃ পূঃ ২২৫৮ চনৰ পৰা খৃঃ পূঃ ২২০৫ চনলৈকে ৰাজত্ব কৰে। শ্বুনেও তেওঁৰ পূৰ্ব্ববৰ্ত্তী সম্ৰাট য়াওৰ পটন্তৰ সাৰোগত কৰি নিজৰ বংশৰ কাকো ৰাজপদৰ বাবে মনোনীত নকৰি যোগ্যতালৈ লক্ষ্য কৰি ইউ নামেৰে এজন পাকৈত পানী নিয়ন্ত্ৰণ কৰা ইঞ্জিনিয়াৰক মনোনীত কৰে। এই ইউয়ে বিখ্যাত ছিয়া বংশৰ প্ৰৱৰ্ত্তক। এই ছিয়া বংশৰ [ ২৬ ] ৰজাসকলে খৃঃ পূঃ ২২০৫ চনৰ পৰা খৃঃ পুঃ ১৭৬৬ চনলৈ ৰাজত্ব কৰে।

 এই সম্ৰাটসকল প্ৰকৃততে ঐতিহাসিক ব্যক্তি বুলি গৃহীত নহলেও চীনৰ সাংস্কৃতিক ইতিহাসত এওঁলোকক ঐতিহাসিক ৰূপ দিয়া হৈছে। আচলতে এই পৌৰাণিক সম্ৰাটসকলে চীনৰ সভ্যতা আৰু সংস্কৃতিৰ ক্ৰমবিকাশৰ গতিত বিভিন্ন স্তৰৰ নিৰ্দ্দেশক হিচাবেহে স্বীকৃতি পাইছে। এওঁলোক প্ৰত্যেকে একো একোটা স্তৰৰ প্ৰতীক। ফুছি চীনৰ অঘৰী যুগৰ প্ৰতীক। সেই যুগত মানুহ সমাজৰ স্তৰলৈ অহা নাই। ধেনুকাঁ‌ড় আদিৰ সহায়ত মানুহ চিকাৰজীবী হৈ আছিল। শ্বেন নুঙ কৃষি প্ৰবৰ্ত্তন যুগৰ প্ৰতীক। মানুহে লাহে লাহে কৃষিজীবনলৈ আহিব লাগিছে কিন্তু আগৰ অৱস্থাৰ অবসান হোৱা নাই। হুৱেং টিৰ যুগত সমাজ ব্যৱস্থাৰ পত্তন হৈছে আৰু য়াও, শ্বুন, ইউৰ যুগত সমাজ, শাসন ক্ৰমে আদৰ্শৰ ওপৰত স্থাপিত হৈছে।

 খৃঃ পূঃ ১১২২ চনৰ পৰা খৃঃ পূঃ ২৫৫ চনলৈকে চীনত বিখ্যাত চৌ-বংশৰ ৰজা সকলে ৰাজত্ব কৰে। চৌ-বংশৰ আৰম্ভণিৰ পৰাই চীনৰ বিশ্বাসযোগ্য প্ৰকৃত ইতিহাস পোৱা যায়। তাৰ আগলৈকে চীনৰ ইতিহাস পৌৰাণিক আখ্যান আৰু প্ৰকৃত ইতিহাসৰ সংমিশ্ৰণ হৈ অহা কাৰণে পণ্ডিতসকলে প্ৰামাণিক ইতিহাস বুলি মানি লবলৈ টান পায়। চৌ-বংশৰ ৰজাসকলৰ দিনৰ পৰা চীনৰ প্ৰামাণিক নিৰবচ্ছিন্ন ইতিহাস [ ২৭ ] চলি আহিছে। এই যুগত চীনৰ জীৱনৰ গতি আৰু অনুস্থানবিলাক এটা স্থায়ী পৰ্য্যায়লৈ আহে আৰু নিৰ্দিষ্ট ৰূপ লয়। চীনা সভ্যতাই এই যুগত যি গঢ় ললে সিয়েই সামান্য পৰিবৰ্ত্তিত বা সংশোধিত হৈ আজিলৈকে চলি আহিছে আৰু চীনৰ জাতীয় জীৱনত তাৰ প্ৰভাৱ অপ্ৰত্যাহত ভাবে চলি আছে।

 চীনৰ সভ্যতা প্ৰধানতঃ কৃষি সভ্যতা। চীনৰ কাঞ্চু, শ্বঞ্চি, শ্বাঞ্চি আৰু হোনান আদি পলসুৱা ভূভাগত এই সভ্যতা গঢ়ি উঠিছিল। চীনৰ পৰিয়াল পিতৃ-প্ৰধান। পৰিয়ালটোৰ ভিতৰত বাপেকৰ কৰ্ত্তৃত্ব সকলোৱে মানি চলিছিল। এই অঞ্চলবোৰত কৃষি কৰিবলৈ পানীৰ যোগান ব্যৱস্থা নিজে কৰিব লগা হৈছিল আৰু তাৰ বাবেই খেতিৰ কামত গোটেই পৰিয়ালটোৰ সক্ৰিয় সহযোগৰ আৱশ্যক হৈছিল। এতেকে পৰিয়ালটোৱেই একোটা গোট হিচাবে সমাজ ব্যৱস্থাত স্বীকৃতি পাইছিল আৰু বাপেকেই পৰিয়ালটোৰ মূৰব্বী আছিল। পানীযোগান ব্যৱস্থাৰ কাৰণে কেইবাটাও পৰিয়ালে মুঠ বান্ধিছিল আৰু সেই পৰিয়ালবৰ্গৰ ভিতৰত সন্মানী একোজনক মূৰব্বী পাতি তেওঁৰ দিহামতে কাম কৰিছিল। এইদৰে ক্ৰমাৎ পৰিয়ালৰ সংখ্যা বৃদ্ধিহোৱাত আৰু খেতিৰ মাটিৰ আয়তন বাঢ়ি যোৱাত একো একোখন সৰু সুৰা ৰাজ্যত পৰিণত হৈছিল আৰু পৰিয়ালৰ আৰ্হিৰে এই ৰাজ্যবোৰতো পিতৃ-প্ৰধান ৰীতি প্ৰবৰ্ত্তিত হৈছিল। ৰাজ্যখনেই এটা বিৰাট পৰিয়ালত ৰূপান্তৰিত হৈছিল।
[ ২৮ ]  চীনৰ সভ্যতা কৃষিপ্ৰধান হোৱা কাৰণেই চীন কেতিয়াও প্ৰসিদ্ধ যুজাৰু জাতি নাছিল। দাতি কাষৰীয়া ঠাইবিলাক অস্ত্ৰৰ পৰিবৰ্ত্তে সংস্কৃতিৰেহে চীনে জয় কৰিছিল। চীনৰ বীৰপুৰুষ সকলৰ সামৰিক প্ৰতিপত্তিতকৈ সাংস্কৃতিক অৱদানহে বেচি আছিল। চীনত অৱশ্যে যুদ্ধবিগ্ৰহ হৈছিল আৰু চীনৰ প্ৰজাসকলেও সেই যুদ্ধবোৰত অংশ লৈছিল কিন্তু চীনৰ সাংস্কৃতিক আদৰ্শ সমৰ-নৈপুণ্য নহয় আৰু সেই কাৰণেই সমাজত সৈনিক সকলৰ সমাদৰ নাছিল। যুদ্ধবিগ্ৰহ নোহোৱাকৈ শান্তিৰে থকাটোৱেই চীনৰ জাতীয় জীৱনৰ আদৰ্শ আছিল আৰু শান্তি প্ৰণোদক মনোবৃত্তি, যৌক্তিকতা, সাধুতা আদিত অধিক গুৰুত্ব আৰোপ কৰিছিল। ফলত শান্তিপ্ৰিয় আৰু সহিষ্ণু সমাজ চীনত গঢ়ি উঠিছিল।

 পিতৃপ্ৰধান পৰিয়ালৰ ভেঁটিত লাহে লাহে সৰু সৰু ৰাজ্য কিছুমান গঠিত হল। এই অকণি অকণি ৰাজ্যবোৰত সেই বংশৰ ক্ষমতাপন্ন মূৰীজনে শাসন ভাৰ গ্ৰহণ কৰিছিল আৰু সেই বংশৰ বিদ্বান আৰু জ্ঞানীলোক সকলে প্ৰশাসন কাৰ্য্যত দিহা পৰামৰ্শ দিছিল। ৰাজ্যৰ মূৰীজন এক প্ৰকাৰ নিৰ্ব্বাচন পদ্ধতিত পাতি লৈছিল আৰু তেওঁৱেই ৰজা, পিতৃ আৰু সমাজৰ ধৰ্ম্মকৰ্ম্ম আদিৰ পুৰোহিতো আছিল। ৰজাৰ উত্তৰাধিকাৰী পুৰুষানুক্ৰমে নাপাতি যোগ্য ব্যক্তিক নিৰ্ব্বাচন কৰি লৈছিল। ৰজাৰ পুতেকৰ যোগ্যতা থাকিলে সৰ্ব্বসম্মতিক্ৰমে তেওঁকেই ৰাজপাটত তুলিছিল [ ২৯ ] কিন্তু ই জন্মগত স্বত্ব নহৈ ৰাইজৰ ইচ্ছাৰ ওপৰতহে নিৰ্ভৰ কৰিছিল।

 ৰাজ্যৰ সংখ্যা বাঢ়িলত চৌ বংশৰ সম্ৰাট সকলে এই ৰাজ্যবোৰক কেন্দ্ৰীয় চৰকাৰত প্ৰতিনিধিত্ব কৰিবলৈ একোজন কৃতিত্ব-সম্পন্ন, বিদ্বান আৰু চৰিত্ৰবান পুৰুষক মনোনীত কৰিবলৈ নিৰ্দ্দেশ দিছিল আৰু এই মনোনীত সদস্য সকলক লৈ সম্ৰাটৰ কেন্দ্ৰীয় চৰকাৰ গঠিত হৈছিল। লাহে লাহে ৰাজ্যৰ জনসংখ্যা অনুপাতে এই সদস্য সকলৰ সংখ্যা বৃদ্ধি হৈছিল। অবশেষত ছুই বংশৰ ৰজাসকলৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজেদি নিৰ্ব্বাচন কৰি লোৱা হৈছিল।

 চৌবংশৰ সম্ৰাট সকলৰ যুগটো চীনৰ ইতিহাসৰ সামন্তযুগ বুলি কোৱা হয়। চৌবংশৰ সম্ৰাটেই জমিদাৰী পদ্ধতিত চীনৰ সম্ভ্ৰান্ত পৰিয়াল সকলক পাঁ‌চ ভাগত ভগায় আৰু প্ৰত্যেক শ্ৰেণীকে একো একোটা বিশেষ মৰ্য্যাদা দিয়ে। সাধাৰণ প্ৰজাসকলক সামাজিক প্ৰতিষ্ঠা অনুযায়ী চাৰি ভাগত বিভক্ত কৰিছিল, যেনে বিদ্বান পণ্ডিত কৃষক, শিল্পী আৰু বণিক সকল। অকল বিদ্বান সকলেহে ৰাজবিষয়া পাব পাৰিছিল আৰু জমিদাৰ সকলক লৈ তেওঁলোকেই সমাজত বিশেষ প্ৰতিপত্তি পাইছিল। সাধাৰণ প্ৰজা সকলে এই জমিদাৰ সকলৰ খেম-খাটনি কৰিব লাগিছিল আৰু তেওঁলোকৰ তলত খেতি-বাতি কৰি জীবিকা নিৰ্ব্বাহ কৰিব লাগিছিল। সেইকালত খেতিয়ক [ ৩০ ] সকলৰ জীৱন নিৰ্ব্বাহ সহজ নাছিল। কনফুচিয়াছৰ কবিতাপুথিত সঙ্কলিত কবিতাবোৰত সেইযুগৰ খেতিয়কৰ দুৰবস্থা বৰ্ণাই লিখা কবিতাবোৰেই তাৰ সাক্ষী। বৰষুণ হৈ খেতিৰ উপযোগী বতৰ হলেও প্ৰথমে খেতিয়কে জমিদাৰৰ মাটিহে চহাব লাগিব। জমিদাৰৰ মাটিৰ খেতি লগোৱা শেষ হলেহে নিজৰ মাটিত চহ আৰম্ভ কৰিব পাৰে। তেতিয়ামানে হয়তো খেতিৰ বতৰেই নাথাকে। সমাজত জমিদাৰসকলৰ বৰ প্ৰতিপত্তি আছিল আৰু ৰজাঘৰতো সি স্বীকৃতি পাইছিল।

 সীমান্তত থকা জমিদাৰ সকলৰ ক্ষমতা ক্ৰমে বাঢ়ি গৈছিল আৰু সময়ে সময়ে তেওঁলোকৰ মাজত যুদ্ধবিগ্ৰহো হৈছিল আৰু প্ৰত্যেকে সামৰিক শক্তিৰ বৃদ্ধিত মনোনিবেশ কৰিছিল। সময়ত কোনো কোনো ক্ষমতাপন্ন জমিদাৰে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিছিল আৰু কেন্দ্ৰীয় সম্ৰাটৰ বিৰুদ্ধেও বিদ্ৰোহ কৰিছিল। খৃঃ পূঃ ৭৫০ চনৰ পৰা খৃঃ পূঃ ২৫০ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা শিথিল আছিল আৰু চীনত অসংখ্য স্বাধীন ৰাজ্য গঢ়ি উঠিছিল। এওঁলোকে নামতহে সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল আৰু প্ৰকৃততে সাৰ্ব্বভৌম ৰজাৰ দৰেই চলিছিল। কিন্তু চীনৰ কৃষিৰ বিশেষত্বৰ কাৰণেই জমিদাৰী প্ৰথাই ভালদৰে খোপনি পুতিব নোৱাৰিছিল। পানীযোগানৰ কেন্দ্ৰীয় ব্যবস্থাৰ প্ৰয়োজন সদায় অব্যাহত আছিল আৰু কৃষকে সদায় উমৈহতীয়া পানীযোগানৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হোৱাত আঞ্চলিক অনুগত্য গাঢ় হব [ ৩১ ] নোৱাৰিছিল। কৃষি সমস্যাই চীনত প্ৰধান সমস্যা আছিল আৰু তাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিক প্ৰয়োজন আছিল। ফলত কৃষক জনসাধাৰণৰ ওপৰত জমিদাৰ সকলৰ স্থায়ী প্ৰভুত্ব আৰু আধিপত্য নৰজিছিল।

 চীনৰ এই সামন্ত ৰাজসকলৰ ভিতৰত প্ৰথমতে খৃঃ পূঃ ৩৫০ চনত “চীন” ৰাজ্যত (State of Chin) জমিদাৰী প্ৰথা বা ফিউদেল প্ৰথা উঠাই দিয়া হয় আৰু জমি বিতৰণৰ এটা নতুন পদ্ধতি গ্ৰহণ কৰা হয়। এই নীতিমতে সকলো মাটিৰ অধিকাৰী আছিল সম্ৰাট আৰু প্ৰত্যেকজন মানুহকে কুৰিবছৰ বয়স হোৱাৰ লগে লগে একোখণ্ড জমি পত্তন দিয়া হৈছিল। কিন্তু মানুহজনৰ মাটিত স্বত্ব নাছিল আৰু দান বিক্ৰী হস্তান্তৰ একো কৰিব নোৱাৰিছিল। সি সেই মাটিত খেতি কৰিব আৰু তাৰ উৎপাদনেৰে জীবিকা নিৰ্ব্বাহ কৰিব পাৰিছিল। আকৌ মানুহজনৰ ষাঠি বছৰ বয়স হোৱাৰ পাচত সেই জমিত তাৰ কোনোৰূপ স্বত্ত্বই নাথাকে আৰু পুনৰ সেই জমি ৰজাৰ হাতলৈ আহে। প্ৰথমতে এই নীতি কাৰ্য্যকৰী হৈছিল আৰু সাময়িক ভাবে হলেও খেতিয়কে নিজৰ এডৰা জমি পোৱাত যথেষ্ট আগ্ৰহে তাত খেতিবাতি কৰিছিল। কিন্তু পিচলৈ জনসংখ্যাৰ অত্যধিক বৃদ্ধিৰ কাৰণে এই নীতি বিফল হল আৰু উৎপাদন কমি যাবলৈ ধৰিলে। দেশৰ অ’ত ত’ত মাটিত কৃষকৰ সুকীয়া স্বত্ব গজি উঠিল আৰু অবশেষত খেতিৰ মাটিত কৃষকৰ স্বত্বই চীন ৰাজ্যত চৰকাৰৰ পৰাও স্বীকৃতি পালে।
[ ৩২ ]  খেতিয়কে খেতিৰ মাটিত স্বত্ব-স্বামীত্ব পোৱাৰ লগে লগে খেতিয়ক সকলৰ মাজত অপূৰ্ব্ব জাগৰণে দেখা দিলে আৰু দেশৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিব ধৰিলে। খেতিয়ক সকলে দুগুণ উৎসাহে কাম কৰিব ধৰিলে আৰু দেশৰ উৎপাদন যথেষ্ট বাঢ়িল। সাম্ৰাজ্যৰ অইন অইন ৰাজ্যৰ তুলনাত সেইখন ৰাজ্যৰ শ্ৰীবৃদ্ধি চকুত লগা হৈ পৰিল আৰু যিবিলাক ৰাজ্যত ভূমি বিতৰণ নীতিত এনে সংস্কাৰ প্ৰবৰ্ত্তন কৰা নাছিল তাৰ কৃষকসকলৰ মাজত বৰ অসন্তুষ্টিয়ে দেখা দিলে। তাৰপৰি ফিউদেল বা জমিদাৰী প্ৰথা প্ৰচলনৰ কাৰণে পানী যোগান ব্যৱস্থা অৱহেলিত হোৱাত মাটিৰ উৎপাদিকা শক্তি কমি যাবলৈ ধৰিলে আৰু দেশত দুৰ্ভিক্ষই দেখা দিলে। প্ৰজাৰ মাজত বিদ্ৰোহ আৰম্ভ হল আৰু চীন ৰাজ্যৰ ৰজা চীন চেঙে (Chin Cheng) এই বিদ্ৰোহী প্ৰজাসকলৰ অধিনায়কত্ব কৰিবলৈ সুযোগ পালে। কাৰণ তেওঁ ৰাজ্যত খেতিয়ক সকলক মাটিৰ অধিকাৰ দিছিল আৰু প্ৰয়োজনীয় পানীযোগান ব্যৱস্থা উন্নত কৰি ৰাখিব পাৰিছিল। খৃঃ পূঃ ২২১ চনত চীন চেঙে তথাকথিত স্বাধীন ৰাজ্যবিলাকক প্ৰজাৰ সহযোগত দমন কৰি নিজৰ বশ্যতালৈ আনে আৰু চীন শ্বিহ হুৱেংটি নাম লয়। এই নাম আগেয়ে পৌৰাণিক দেবৰাজ এজনৰহে আছিল। এই নাম লৈ চীন শ্বিহ হুৱেংটিয়ে নিজক প্ৰথম সম্ৰাট বুলি ঘোষণা কৰে আৰু গোটেই চীন সাম্ৰাজ্য একত্ৰীকৰণ কৰি প্ৰবল প্ৰতাপে শাসন কৰে। তেওঁৰ দিনতে [ ৩৩ ] প্ৰথমবাৰৰ কাৰণে সমগ্ৰ চীনতে এক শাসন প্ৰবৰ্ত্তন কৰা হয়। চীন শ্বিহ হুৱেংটিৰ খৃঃ পূঃ ২০৯ চনত মৃত্যু হয় আৰু যদিও তেওঁৰ মৃত্যুৰ পিছত পুনৰ জমিদাৰী প্ৰথা অত তত চলিছিল তথাপি তেওঁৰ শাসনত প্ৰবৰ্ত্তন হোৱা ভূমি-সংস্কাৰ নীতি প্ৰায় বৰ্ত্তমান যুগলৈকে চলি আহিছে। ঐতিহাসিক সকলে শ্বিহ হুৱেংটিক চীনৰ নেপোলিয়ন আখ্যা দিছে। এইজনা সম্ৰাটেই বিশ্ববিখ্যাত চীনৰ প্ৰাচীৰ নিৰ্ম্মাণ কৰাইছিল। হুৱেংটি বিশেষত্ব বা বীৰত্ব সমৰবিজয়ী হিচাবে নাইবা চীনৰ প্ৰাচীৰ নিৰ্ম্মাণ কৰোতা হিচাবে নহয়, তেওঁৰ বীৰত্ব আছিল সমগ্ৰ চীন সাম্ৰাজ্যৰ বৈপ্লবিক ভূমি নীতিৰ প্ৰবৰ্ত্তক হিচাবেহে। কিন্তু ৰাজত্বৰ শেষৰ কাল ছোৱাত তেওঁ বৰ গৰ্ব্বিত হৈ উঠে আৰু বৰ অসহিষ্ণু হয়। এইজন ৰজাই চীনৰ বিখ্যাত দাৰ্শনিক আৰু সংস্কাৰক কনফুচিয়াছৰ সকলো পুথি জুইত পুৰি ভস্ম কৰাইছিল, কাৰণ কোনো কোনোৱে কনফুচিয়াছক তেওঁতকৈও ডাঙৰ পুৰুষ বুলি সন্মান কৰিছিল আৰু তেওঁৰ পুথিৰ বচন উদ্ধৃত কৰি তেওঁৰ জ্ঞান গৰিমা প্ৰচাৰ কৰিছিল।

 ভূমিত ব্যক্তিগত অধিকাৰ স্বীকৃত হোৱাৰ কাৰণে পিচতগৈ আঢ্যৱন্ত সকলৰ হাতত ভূমি থুপ খাই পৰিল আৰু প্ৰকাণ্ড প্ৰকাণ্ড খাট পামৰ সৃষ্টি হ’ল। প্ৰায় এহেজাৰ বছৰ ধৰি চীনত পুনৰ পুৰণি মাটি নীতি প্ৰচলন কৰিবলৈ সময়ে সময়ে প্ৰচেষ্টা চলি আছিল। এই প্ৰচেষ্টাবিলাকৰ ভিতৰত একাদশ শতাব্দীত সমাজবাদী দাৰ্শনিক আৰু ৰাজনীতিবিদ ওৱাং আন শ্বিহে [ ৩৪ ] (Wang An Shih) চলোৱা প্ৰচেষ্টা বিশেষ উল্লেখযোগ্য। ওৱাং আন শ্বিহে একপ্ৰকাৰ কৃষিঋণ আৰু উৎপন্ন বস্তুৰেই আদান প্ৰদানৰ ব্যৱস্থা প্ৰবৰ্ত্তন কৰিছিল। মাটিৰ ওপৰত আৰু সম্পত্তিৰ ওপৰত কৰ বহুৱাইছিল আৰু মাটিৰ পত্তন ব্যৱস্থা দৃঢ় কৰিছিল। মাটি জৰীপ কৰি উৎপাদিকা শক্তি অনুযায়ী মাটিৰ শ্ৰেণীবিভাগ কৰিছিল। যাতে খেতিয়ক সকলে নিজৰ দুৰবস্থাৰ বাবে ধনী সকলৰ হাতত সৰ্ব্বস্ব সমৰ্পণ কৰিব লগা অবস্থাত নপৰে তাৰ ব্যৱস্থা কৰাই তেওঁ‌ৰ উদ্দেশ্য আছিল। কৃষকসকলে যাতে কৰৰ বোজা বহন কৰিব লগা নহয় তাৰ বাবে তেওঁ সম্পত্তিৰ ওপৰত কৰ বহুৱাবলৈ পৰামৰ্শ দিছিল। কিন্তু তেওঁৰ শাসন নীতি, বিশেষকৈ ভূমি সংস্কাৰ আৰু কৰ বহুৱা নীতি কাৰ্য্যকৰী কৰিব নোৱাৰিলে। ধনীশ্ৰেণীৰ পৰা তেওঁ প্ৰৱল বাধা পালে আৰু শাসনযন্ত্ৰ দৃঢ় নোহোৱাত তেওঁ বৈপ্লবিক নীতি পৰিত্যাগ কৰিব লগাত পৰিছিল।

 পৃথিবীৰ আন আন জাতিৰ ইতিহাসতকৈ চীনৰ ইতিহাসৰ বিশেষত্ব হৈছে সমাজ-ব্যৱস্থাৰ স্থায়িত্ব আৰু চীনসাম্ৰাজ্যৰ স্থিতিশীলতা। নামত হলেও চীন সাম্ৰাজ্য চলি আহিছে আৰু বিভিন্ন ৰাজ্যবিলাকৰ সংহতিত চীনৰ গণৰাজ্য লোপ পোৱা নাই। সংৰক্ষণশীলতাই চীন সভ্যতাৰ বৈশিষ্ট্য।