পৃষ্ঠা:কনফুচিয়াছ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কনফুচিয়াছ

শিক্ষাৰ উদ্দেশ্য শাসন-অনুগামী আছিল। ৰাজকৰ্ম্মচাৰী হোৱাটোৱেই শিক্ষিত লোকসকলৰ উদ্দেশ্য আছিল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজেদি নিজৰ কৃতিত্ব দেখুৱাই নিৰ্বাচনৰ যোগ্যতা অৰ্জ্জন কৰাৰ ওপৰতেই শিক্ষাৰ কৃতকাৰ্য্যতা নিৰ্ভৰ কৰিছিল। কিন্তু চীনত শিক্ষাদান ব্যৱস্থাৰ ভাৰ চৰকাৰে গ্ৰহণ নকৰিছিল। প্ৰাথমিক শিক্ষাদান আৰু নিৰ্ব্বাচনী পৰীক্ষাৰ কাৰণে যোগ্যতা অৰ্জ্জন কৰোৱাৰ ভাৰ বেচৰকাৰী অনুস্থান বিলাকৰ হাততহে আছিল। চৰকাৰে পৰীক্ষা লৈছিল আৰু পৰীক্ষাৰ কৃতকাৰ্য্যতা অনুসৰি প্ৰাৰ্থীসকলক চৰকাৰী বিষয়বাব দিছিল। চৰকাৰে অৱশ্যে সাহিত্য, শব্দকোষ, বিশ্বকোষ, আদি প্ৰণয়ন আৰু সম্পাদনাত সহায় কৰিছিল আৰু উৎসাহ দিছিল কিন্তু পোনপটীয়াভাবে শিক্ষাদান ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেই কাৰণে চাকৰী পূৰণৰ কাৰণে লোৱা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱাই শিক্ষাৰ উদ্দেশ্যত পৰিণত হৈছিল। আমাৰ দেশত প্ৰচলিত টোল প্ৰথাৰ দৰে প্ৰাচীন কালত চীনতো ব্যক্তিবিশেষে ছাত্ৰক পাঠ পঢ়াইছিল আৰু পৰীক্ষাৰ বিষয়বোৰৰ অধ্যাপনা কৰিছিল। চীনদেশত অধ্যাপনা পৰীক্ষা-উদ্দেশ্যমূলক আছিল আৰু পৰীক্ষা লোৱা বিষয়বোৰ ছাত্ৰই মুখস্থ কৰিছিল। সেই কাৰণে মেধাবী ছাত্ৰৰো মৌলিক আৰু সুকীয় চিন্তাধাৰাৰ উৎকৰ্ষ নহৈছিল। ইতিহাস, নীতিশাস্ত্ৰ আৰু শাসনপদ্ধতি পৰীক্ষাৰ বিষয় আছিল আৰু পৰীক্ষাৰ্থীসকলে পাৰেমানে এই বিষয়ৰ পুথিবোৰ মুখস্থ