পৃষ্ঠা:কনফুচিয়াছ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কনফুচিয়াছ

বহুত বিষয়া আছিল আৰু তেওঁলোকৰ লগত আলোচনা আৰু পৰামৰ্শ কৰিহে ৰাজকাৰ্য্য চলাইছিল। এইবিলাক বিষয়াৰ উপৰিও ৰাজকাৰ্য্য আৰু ৰাজবিষয়াসকলৰ কাৰ্য্যকলাপ নিৰ্ভীক ভাবে সমালোচনা কৰিবলৈ এক শ্ৰেণীৰ মৰ্য্যাদাসম্পন্ন বিষয়া নিযুক্ত হৈছিল। এই বিষয়াসকলে দুৰ্ম্মুখ, চি-আই-ডি, বা বৰ্ত্তমান গণতান্ত্ৰিক শাসনতন্ত্ৰৰ বিৰোধীদলৰ কাম কৰিছিল। কিন্তু এওঁলোক ৰাজবিষয়া আছিল। গতিকে দেখা যায় প্ৰাচীন চীনত প্ৰবৰ্ত্তিত শাসনতন্ত্ৰ অতি আধুনিক আৰু প্ৰগতিমূলক চিন্তাধাৰাৰ সমৰ্থিত আৰু সমাদৃত শাসনপদ্ধতিতকৈ কোনো গুণে পিচপৰা নাছিল। বৰং ই বেচি কাৰ্য্যকৰী আৰু উন্নত ধৰণৰ হে আছিল। সম্ৰাটৰ কাৰ্য্যকলাপ আৰু তেওঁৰ ৰাজত্বকালত হোৱা বিশেষ বিশেষ ঘটনাবিলাক লিপিবদ্ধ কৰিবলৈ ইতিহাস লিখা ৰাজকৰ্ম্মচাৰীও নিযুক্ত হৈছিল।

 সম্ৰাটৰ তলত প্ৰদেশবিলাকত একোজন ৰাজপ্ৰতিনিধি বা ভাইচৰয়ে প্ৰদেশৰ শাসনকাৰ্য্য চলাইছিল। এনে ৰাজ্যিক ৰাজপ্ৰতিনিধি বা গৱৰ্ণৰৰ তলত কোষাধ্যক্ষ, লোণ-নিয়ন্ত্ৰণ আয়ুক্ত, প্ৰাদেশিক ন্যায়াধীশ, শিক্ষাধিকাৰ, সেনাধ্যক্ষ আদি আৰু কিছুমান উচ্চ ক্ষমতাপন্ন বিভাগীয় ৰাজকৰ্মচাৰী আছিল আৰু এই বিষয়াসকলৰ লগত পৰামৰ্শ কৰি গৱৰ্ণৰে প্ৰদেশৰ শাসনকাৰ্য্য চলাইছিল। এই বিষয়াসকলে ক্ষমতাৰ অপব্যৱহাৰ কৰিব খুজিলে ইজনে সিজনৰ প্ৰতিবন্ধক হৈছিল আৰু ক্ষমতাৰ অপপ্ৰয়োগ বন্ধ কৰিছিল।