পৃষ্ঠা:কনফুচিয়াছ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কনফুচিয়াছ

বাৰৰ কাৰণে সমগ্ৰ চীনতে এক শাসন প্ৰবৰ্ত্তন কৰা হয়। চীন শ্বিহ হুৱেংটিৰ খৃঃ পূঃ ২০৯ চনত মৃত্যু হয় আৰু যদিও তেওঁৰ মৃত্যুৰ পিছত পুনৰ জমিদাৰী প্ৰথা অত তত চলিছিল তথাপি তেওঁৰ শাসনত প্ৰবৰ্ত্তন হোৱা ভূমি-সংস্কাৰ নীতি প্ৰায় বৰ্ত্তমান যুগলৈকে চলি আহিছে। ঐতিহাসিক সকলে শ্বিহ হুৱেংটিক চীনৰ নেপোলিয়ন আখ্যা দিছে। এইজনা সম্ৰাটেই বিশ্ববিখ্যাত চীনৰ প্ৰাচীৰ নিৰ্ম্মাণ কৰাইছিল। হুৱেংটি বিশেষত্ব বা বীৰত্ব সমৰবিজয়ী হিচাবে নাইবা চীনৰ প্ৰাচীৰ নিৰ্ম্মাণ কৰোতা হিচাবে নহয়, তেওঁৰ বীৰত্ব আছিল সমগ্ৰ চীন সাম্ৰাজ্যৰ বৈপ্লবিক ভূমি নীতিৰ প্ৰবৰ্ত্তক হিচাবেহে। কিন্তু ৰাজত্বৰ শেষৰ কাল ছোৱাত তেওঁ বৰ গৰ্ব্বিত হৈ উঠে আৰু বৰ অসহিষ্ণু হয়। এইজন ৰজাই চীনৰ বিখ্যাত দাৰ্শনিক আৰু সংস্কাৰক কনফুচিয়াছৰ সকলো পুথি জুইত পুৰি ভস্ম কৰাইছিল, কাৰণ কোনো কোনোৱে কনফুচিয়াছক তেওঁতকৈও ডাঙৰ পুৰুষ বুলি সন্মান কৰিছিল আৰু তেওঁৰ পুথিৰ বচন উদ্ধৃত কৰি তেওঁৰ জ্ঞান গৰিমা প্ৰচাৰ কৰিছিল।

 ভূমিত ব্যক্তিগত অধিকাৰ স্বীকৃত হোৱাৰ কাৰণে পিচতগৈ আঢ্যৱন্ত সকলৰ হাতত ভূমি থুপ খাই পৰিল আৰু প্ৰকাণ্ড প্ৰকাণ্ড খাট পামৰ সৃষ্টি হ’ল। প্ৰায় এহেজাৰ বছৰ ধৰি চীনত পুনৰ পুৰণি মাটি নীতি প্ৰচলন কৰিবলৈ সময়ে সময়ে প্ৰচেষ্টা চলি আছিল। এই প্ৰচেষ্টাবিলাকৰ ভিতৰত একাদশ শতাব্দীত সমাজবাদী দাৰ্শনিক আৰু ৰাজনীতিবিদ ওৱাং আন শ্বিহে