পৃষ্ঠা:কনফুচিয়াছ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কনফুচিয়াছ

(Wang An Shih) চলোৱা প্ৰচেষ্টা বিশেষ উল্লেখযোগ্য। ওৱাং আন শ্বিহে একপ্ৰকাৰ কৃষিঋণ আৰু উৎপন্ন বস্তুৰেই আদান প্ৰদানৰ ব্যৱস্থা প্ৰবৰ্ত্তন কৰিছিল। মাটিৰ ওপৰত আৰু সম্পত্তিৰ ওপৰত কৰ বহুৱাইছিল আৰু মাটিৰ পত্তন ব্যৱস্থা দৃঢ় কৰিছিল। মাটি জৰীপ কৰি উৎপাদিকা শক্তি অনুযায়ী মাটিৰ শ্ৰেণীবিভাগ কৰিছিল। যাতে খেতিয়ক সকলে নিজৰ দুৰবস্থাৰ বাবে ধনী সকলৰ হাতত সৰ্ব্বস্ব সমৰ্পণ কৰিব লগা অবস্থাত নপৰে তাৰ ব্যৱস্থা কৰাই তেওঁ‌ৰ উদ্দেশ্য আছিল। কৃষকসকলে যাতে কৰৰ বোজা বহন কৰিব লগা নহয় তাৰ বাবে তেওঁ সম্পত্তিৰ ওপৰত কৰ বহুৱাবলৈ পৰামৰ্শ দিছিল। কিন্তু তেওঁৰ শাসন নীতি, বিশেষকৈ ভূমি সংস্কাৰ আৰু কৰ বহুৱা নীতি কাৰ্য্যকৰী কৰিব নোৱাৰিলে। ধনীশ্ৰেণীৰ পৰা তেওঁ প্ৰৱল বাধা পালে আৰু শাসনযন্ত্ৰ দৃঢ় নোহোৱাত তেওঁ বৈপ্লবিক নীতি পৰিত্যাগ কৰিব লগাত পৰিছিল।

 পৃথিবীৰ আন আন জাতিৰ ইতিহাসতকৈ চীনৰ ইতিহাসৰ বিশেষত্ব হৈছে সমাজ-ব্যৱস্থাৰ স্থায়িত্ব আৰু চীনসাম্ৰাজ্যৰ স্থিতিশীলতা। নামত হলেও চীন সাম্ৰাজ্য চলি আহিছে আৰু বিভিন্ন ৰাজ্যবিলাকৰ সংহতিত চীনৰ গণৰাজ্য লোপ পোৱা নাই। সংৰক্ষণশীলতাই চীন সভ্যতাৰ বৈশিষ্ট্য।