পৃষ্ঠা:কনফুচিয়াছ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কনফুচিয়াছ

ব্যৱস্থাৰ উপৰিও যাতায়াতৰ পথ আৰু সংযোগ ব্যৱস্থাতো সহায় কৰিছে। ৰেলগাড়ী প্ৰচলন হোৱাৰ পিচতো চীনদেশত নদীৰ জৰিয়তে চলি থকা পৰিবহন ব্যবস্থা অটুট আছে। সহজ সংযোগ আৰু যাতায়াতৰ সুচল থকাৰ এটা প্ৰধান কাৰণ হৈছে চীনদেশৰ মূল ভূভাগত অলঙ্ঘ্য পৰ্বতমালাৰ বাধা নাই। বৰ্ত্তমান চীনদেশত ২৮ খন প্ৰদেশ। তাৰ ভিতৰত ১৮ খন মুল চীনদেশত আৰু বাকী ১০ খন পিচত লগ লগোৱা হৈছে। ভৌগোলিক অৱস্থিতিয়ে চীনদেশক এটা সংগঠিত জাতিৰ আবাসভূমি হবলৈ বাধ্য কৰিছে। দক্ষিণ আৰু পশ্চিম অঞ্চল দুটা পৰ্ব্বত পাহাৰে পৃথক কৰি ৰখাৰ কাৰণে এই অঞ্চল দুটাৰ লগত মধ্যচীনৰ সংহতি নাছিল আৰু ৰাজনৈতিক সংঘৰ্ষৰ উপৰিও ভাষাগত আৰু জাতিগত বৈষম্যও কিছু পৰিমাণে পৰিলক্ষিত হৈছিল। এতিয়াও দক্ষিণ আৰু পূব-দক্ষিণ অঞ্চলৰ ভাষা মধ্যচীনৰ ভাষাতকৈ অলপ পৃথক। এই অঞ্চল দুটাত উত্তৰ চীনৰ বিৰুদ্ধে বিপ্লৱ, সংঘৰ্ষ আৰু বিদ্ৰোহ অনেকবাৰ হৈছিল।

 চীন খনিজ সম্পদতো পিছ পৰা নহয়। বহুমূলীয়া ধাতু অবশ্যে বেচি পোৱা নাযায় কিন্তু উদ্যোগৰ আৱশ্যকীয় খনিজ বস্তু, যেনে লো, কয়লা, টিন আদি যথেষ্ট পৰিমাণে পোৱা যায়। মূল চীনৰ ১৮ খন প্ৰদেশৰ প্ৰায় প্ৰত্যেক খনতে লো আৰু কয়লা যথেষ্ট আছে আৰু বৰ্ত্তমান যুগৰ বৃহৎ উদ্যোগৰ অত্যাৱশ্যকীয় এই সামগ্ৰী দুটাই জাতীয় সম্পদ বৃদ্ধিৰ বাবে