পৃষ্ঠা:কনফুচিয়াছ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কনফুচিয়াছ

হয়। আকাশৰ উজ্জ্বল নক্ষত্ৰবিলাক নিৰীক্ষণ কৰি ছুইজেনে জুইৰ জ্ঞান পাইছিল আৰু এদিন এটা চৰায়ে এডাল টান কাঠত খুঁটি থাকোতে স্ফুৰ্লিঙ্গ ওলোৱা দেখি দুডাল টান কাঠ ঘঁহি ঘঁহি জুই উলিয়াবলৈ শিকে। এইদৰে জুই উলিয়াই ছুইজেনে জুইৰ ব্যৱহাৰ প্ৰচলন কৰে। চীনৰ পৌৰাণিক আখ্যানত প্ৰচলিত তিনিজনা দেৱৰাজ বা স্বৰ্গৰ ৰজা আৰু পাঁচজন সম্ৰাটৰ ভিতৰত ছুইজেনেই প্ৰথমজনা দেৱৰজা।

 দ্বিতীয়জনা দেৱৰজা আছিল ফুছি (Fu Hsi)। তেওঁৰ ৰাজত্বকাল খৃঃ পূঃ ২৮৫২ চনৰ পৰা খৃঃ পূঃ ২৭৩৮ চনলৈকে বুলি কোৱা হয়। এইজনা ৰজাক ঐতিহাসিক ব্যক্তি বুলি ধৰা হয়। চীনৰ সাংস্কৃতিক ইতিহাসত এইজন ৰজাৰ অৱদান প্ৰচুৰ কাৰণে এওঁক চীনৰ সংস্কৃতিৰ জনক হিচাবে স্থান দিয়ে। এই জন ৰজাই সমাজ ব্যৱস্থাৰ প্ৰবৰ্ত্তন কৰে। তেওঁৰ আগতে হেনো মানুহে হাবি জঙ্গলে বন্যপশুৰ দৰে বাস কৰিছিল। এওঁ মানুহক সমাজত মিলাপ্ৰীতিৰে থাকিব শিকায় আৰু বিয়াৰ প্ৰথা প্ৰচলন কৰে। বাদ্যযন্ত্ৰ তৈয়াৰ কৰি সঙ্গীতৰ প্ৰচলন কৰে, ছবিৰ সহায়ত আখৰ লিখি ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। চোম গছ ৰুই পাট পলু পুহিবলৈ শিকায়। পশু পালন আৰু গৃহস্থীৰ কামত পশুক ব্যৱহাৰ কৰিবলৈ শিকায়। তেওঁ এক প্ৰকাৰৰ পঞ্জিকা বা সময়নিৰূপক ব্যৱস্থাৰো চিন্তা কৰিছিল আৰু পৰমপুৰুষ শ্বাং টিৰ (Shang Ti) পূজা প্ৰচলন কৰিছিল।