কথা-গীতা/চতুৰ্দ্দশ অধ্যায়

ৱিকিউৎসৰ পৰা

[ ১৪৮ ]

চতুৰ্দ্দশ অধ্যায়।

 চতুৰ্দ্দশ অধ্যায়ত পুৰুষ প্ৰকৃতিৰ স্বতন্ত্ৰ দূৰ কৰি গুণ সঙ্গত বিচিত্ৰ সংসাৰ কহিবা। পূৰ্ব্ব অধ্যায়ত কহিলা সকল প্ৰাণী পুৰুষ প্ৰকৃতি সংযোগত হুয়াছে। সিয়ে সংযোগ নিৰীশ্বৰ সাংখ্যৰ মতে স্বতন্ত্ৰ নহে কিন্তু ঈশ্বৰৰ ইছায়ে সে হয়। আক পূৰ্ব্বত কহি গুণকৃত সংসাৰ বৈচিত্ৰক প্ৰপঞ্চিবে লাগি তাকে স্তুতি কৰন্ত। হে অৰ্জ্জুন ! পুনু তুমাত পৰমাৰ্থনিষ্ঠ উত্তম উপদেশ ভালমতে কহে, যাক পায়া মুনিসবে দেহ বন্ধ হন্তে মোক্ষ পায়াছে। এই জ্ঞান সাধনক অনুষ্ঠান কৰি মোৰ স্বৰূপক পায়া জগতৰ সৃষ্টিতো উৎপন্ন সহৱে, প্ৰলয়তো দুষ্‌খকো নপাৱে। এমনে প্ৰশংসায়ে শ্ৰোতাক সম্মুখ কৰি পৰমেশ্বৰাধীন প্ৰকৃতি পুৰুষ হন্তে সকল ভূতৰ উৎপত্তি হয় স্বতন্ত্ৰ নহে এই অৰ্থক কহন্ত।

 মঞি প্ৰকৃতিত গৰ্ভাধান কৰোঁ। প্ৰলয়ত মোত লীন হুয়াছিল। অবিদ্যা কামকৰ্ম্ম বাসনাযুক্ত জীবক সৃষ্টি সময়ত ভোগ্য দেহ সমে সম্বন্ধ কৰাঞো ৷ এমন গৰ্ভাধান হৈলে ব্ৰহ্মাদি সকল প্ৰাণী উদ্ভৱ হয়। কেৱল সৃষ্টি সময়ত মোৰ অধিষ্ঠিত প্ৰকৃতি পুৰুষ হন্তে সকল প্ৰাণীৰ উদ্ভৱ হয় ই নহে, কিন্তু সৰ্ব্বদায়ে হৱে, আকে কহন্ত। সকল যোনিতে যিমান দেহ উদ্ভৱ হয় তাৰ প্ৰকৃতি মাতৃ মঞি পিতৃ। এমনে পৰমেশ্বৰৰ অধীন প্ৰকৃতি পুৰুষ [ ১৪৯ ] হন্তে সকল ভূতৰ উৎপত্তি কহি ইদানীক প্ৰকৃতি সঙ্গত পুৰুষৰ সংসাৰ কহন্ত।

 সত্ব ৰজ তম এই তিনি গুণ প্ৰকৃতি হতে উৎপত্তি হুয়াছে। এতেকে প্ৰকৃতিৰ কাৰ্য্য দেহত অভিমানী পুৰুষক বন্ধ কৰে। তাতে সত্ব গুণ নিৰ্মল প্ৰকাশক উপদ্ৰৱ হীন, এতেকে সুখ সঙ্গে পুৰুষক বন্ধ কৰে। ৰজোগুণ অনুৰঞ্জন স্বভাৱ, যাত তৃষ্ণা আসক্তি হয়, এতেকে কৰ্ম্ম সঙ্গে বন্ধ কৰে৷ তমোগুণ অজ্ঞানত হুয়াছে, সকল দেহীকে মোহ কৰাৱে, এতেকে প্ৰমাদ আলস্য নিদ্ৰায়ে পুৰুষক বন্ধ কৰে। সত্বাদি গুণৰ আপুনাৰ কাৰ্য্য কৰণত সামৰ্থ্য কহন্ত। সত্বগুণে সুখত যোজন কৰাৱে, ৰজোগুণে কৰ্ম্মত আসক্তি জন্মাৱে, তমোগুণে জ্ঞানক আবৰি প্ৰমাদক জন্মাৱে। তাৰ হেতু শুনা, ৰজ তম দুই গুণক অভিভব কৰি সত্ব গুণ আবিৰ্ভাব হয়, সত্ব তম দুই গুণক ঢাকি ৰজোগুণ প্ৰকাশ কৰে, সত্ব ৰজ দুই গুণক আবৰি তমোগুণ উদ্ভৱ হয়।

 এতেকে তিনিও গুণে আপুনাৰ কাৰ্য্য কৰিবে সমৰ্থ হয়। ইদানীক গুণ বৃদ্ধিৰ চিহ্ন কহন্ত। যেখন পুৰুষৰ সকল ইন্দ্ৰিয় বিশেষ জ্ঞানৰূপ প্ৰকাশ হয়, সুখো মিলে তেখন সত্ব গুণৰ বৃদ্ধি জানিব। যেখন বিষয়ত লোভ, কৰ্ম্মত প্ৰবৃত্তি, কাৰ্য্যক উদ্যম, বাঞ্ছাৰ অসাম্য, দেখিল মাত্ৰে আনিবে ইছা, ৰজোগুণ বাঢ়িলে এই চিহ্ন সব হয়। যেখন অবিবেক অনুদ্যম প্ৰমাদ মোহ এই চিহ্ন হৈলে তমোণৰ অতিশয় দেখি৷ মৰণ সময়ত গুণ বৃদ্ধিৰ ফল কহন্ত। সত্ব গুণ বৃদ্ধি হৈলে জীবে মৃত্যু পায়া স্বৰ্গাদি ফলক [ ১৫০ ] পাৱে, ৰজোগুণত মৃত্যু হৈলে মনুষ্য লোকত জাত হয়, তমোগুণত প্ৰাণ এড়ি পশুপক্ষীত উৎপন্ন হয়৷ সাত্বিক কৰ্ম্মৰ সত্ব প্ৰধান নিৰ্ম্মল সুখ ফল কহে, ৰাজসিক কৰ্ম্মৰ দুষ্‌খ ফল, তামসিক কৰ্ম্মৰ অজ্ঞান ফল। সত্ব গুণত জ্ঞান জাত হয়, ৰজোগুণত লোভ হয়, তমোগুণত প্ৰমাদ মোহ অজ্ঞান জাত হয়৷ সাত্বিকসব উৰ্দ্ধলোকক যাই, ৰাজসিকসব মধ্যত থাকে, তামসিকসব নৰকক চলে। এমনে প্ৰকৃতিগুণসঙ্গকৃত সংসাৰক প্ৰপঞ্চি ইদানীক তাৰ বিবেকে মোক্ষ কহন্ত।

 যেখন পুৰুষ ভক্তিৰ বলে বিবেকী হুয়া গুণত অন্য কৰ্ত্তা নেদেখে কিন্তু গুণে কৰ্ম্ম কৰে দেখে, এতেকে গুণত সাক্ষী ৰূপ আত্মাক যি জানে সি মোৰ স্বৰূপক পাৱে। গুণকৃত সকল অনৰ্থ নিবৃত্তি হৈলে পুৰুষ কৃতাৰ্থ হয়, আকে কহন্ত দেহৰ আকাৰে পৰিণাম হয়। এই তিনি গুণ তাক অতিক্ৰমি পুৰুষে জন্ম মৃত্যু জৰা দুষ্‌খে বিমুক্ত হয়, পৰমানন্দক লভে। গুণক অতিক্ৰমি অমৃতক পাইবাৰ শুনি তাৰ লক্ষণ আচাৰ উপায়ক ভালমতে জানিবে ইছায় অৰ্জ্জুনে পোছন্ত। হে প্ৰভু! কেমন চিহ্নে পুৰুষ গুণাতীত হয় কেমন বা প্ৰবৃত্তি কি উপায়ে তিনি গুণক অতিক্ৰমে আক মোত কহা।

 দ্বিতীয় অধ্যায়ত পৃষ্ট অৰ্থকো পুনু পুছিবাক দেখি প্ৰকাৰান্তৰে সিদ্ধান্ত কহিবে ভগৱন্তে প্ৰথমে লক্ষণ কহন্ত। যেখনে পুৰুষে তিনিয়ো গুণৰ কাৰ্য্য আপুনাত মিলিলে দুষ্‌খ বুদ্ধিয়ে দ্বেষ নকৰে, নিবৃত্তি হৈলেও সুখ বৃদ্ধিয়ে আকাঙ্ক্ষা নকৰে, সদাই সাক্ষী [ ১৫১ ] হেন থাকে। গুণ কাৰ্য্য সুখ দুষ‌্খাদিয়ে স্বৰূপৰ পৰা চালিবে নপাৰে। গুণসবে আপুনাৰ কাৰ্য্যত প্ৰৱৰ্ত্তে; মোৰ তাত সম্বন্ধ নাই। এই বিবেক জ্ঞান মৌনে ৰহে স্বৰূপত নচলে। মান অপমানতো তুল্য, শত্ৰু মিত্ৰ দুইতো সম স্বভাৱে কিঞ্চিতো উদ্যম নকৰে, তাকে গুণাতীত বুলি। কি উপায়ে গুণক এড়াই, আৰ উত্তৰ কহন্ত।

 মঞি পৰমেশ্বৰক অব্যভিচাৰী ভক্তিযোগে যি ভজে, সি গুণক অতিক্ৰমি ব্ৰহ্মৰূপ মোক্ষক পাৱে৷ মঞি ব্ৰহ্মৰ প্ৰতিমা প্ৰৱৰ্ত্তক মূৰ্ত্তিমন্ত ব্ৰহ্ম। যেন মুৰ্ত্তিমন্ত সূৰ্য্যৰ প্ৰকাশ ৰূপ মণ্ডল, তেমনে মূৰ্ত্তিমন্ত মোৰ প্ৰকাশ ৰূপ ব্ৰহ্ম, তেমনে নিত্য মুক্ত পদে মোক্ষৰো প্ৰৱৰ্ত্তক, শুদ্ধ সত্ব মূৰ্ত্তি পদে ভক্তি ধৰ্ম্মৰো প্ৰৱৰ্ত্তক৷ পৰমানন্দ পদে অখণ্ড সুখৰো প্ৰৱৰ্ত্তক। এতেকে মোৰ সেবকে মোৰ ৰূপক অৱশ্যে পাইব। ভাল কহিলো মোৰ ভক্তে ব্ৰহ্মৰূপক পাৱে। পুৰুষে কৃষ্ণৰ অধীন হুয়া গুণত সঙ্গ এড়ি সংসাৰক দূৰ কৰি মোৰ ভক্তি অনায়াসে সংসাৰ তৰে। এই কথা চতুৰ্দ্দশ অধ্যায়ত নিৰ্ণীত হৈছিল।

ইতি শ্ৰীগীতাকথায়াং চতুৰ্দ্দশোহধ্যায়ঃ ॥ ১৪॥

 হে লোকসব দেখ অব্যতিচাৰী ভক্তি কৰি ভগৱন্তক পায়। অন্য দেন সম্বন্ধক ব্যভিচাৰ বুলি৷ এতেকে অজেয়ৰ উপাসকৰ আলাপমানো নকৰি ডাকি হৰিবোল হৰি।

ত্যক্ত্বান্যদেৱতাসেবাং তদুপাসকসঙ্গতিম্।
ভক্তি কৃষ্ণপদে কৃত্বা গুণান্ জিত্বা ভৰং তৰেৎ ॥