পৃষ্ঠা:কথা-গীতা.djvu/১৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীতা। পাৰে, ৰজোগুণত মৃত্যু হৈলে মনুষ্য লোকত জাত হয়, তমো- গুণত প্ৰাণ এড়ি পশুপক্ষীত উৎপন্ন হয়। সাত্বিক কৰ্ম্মৰ সত্ব প্ৰধান নিৰ্ম্মল সুখ ফল কহে, ৰাজসিক কৰ্ম্মৰ দুষ, খ ফল, তামসিক কৰ্ম্মৰ অজ্ঞান ফল। সত্ব গুণত জ্ঞান জাত হয়, ৰজোগুণত লোভ হয়, তমোগুণত প্ৰমাদ মোহ অজ্ঞান জাত হয়। সাত্বিকসব উৰ্দলোকক যাই, ৰাজসিকসব মধ্যত থাকে, তামসিকসব নৰকক চলে। এমনে প্ৰকৃতিগুণসঙ্গকৃত সংসাৰক প্ৰপঞ্চি ইদানীক তাৰ বিবেকে মোক্ষ কহন্ত। যেখন পুৰুষ ভক্তি বলে বিবেকী হুয়া গুণত অন্য কৰ্তা নেদেখে কিন্তু গুণে কৰ্ম্ম কৰে দেখে, এতেকে গুণত সাক্ষী ৰূপ আত্মাক যি জানে সি মোৰ স্বৰূপক পাৱে। গুণকৃত সকল অনৰ্থ নিবৃত্তি হৈলে পুৰুষ কৃতাৰ্থ হয়, আকে কহন্ত দেহৰ আকাৰে পৰিণাম হয়। এই তিনি গুণ তাক অতিক্ৰমি পুৰুষে জন্ম মৃত্যু জৰা দুখে বিমুক্ত হয়, পৰমানন্দক লভে। গুণক অতিক্ৰমি অমৃতক পাইবাৰ শুনি তাৰ লক্ষণ আচাৰ উপায়ক ভালমতে জানিবে ইছায় অৰ্জুনে পেছন্ত। হৈ প্ৰভু! কেমন চিহ্নে পুৰুষ গুণাতীত হয় কেমন বা প্ৰবৃত্তি কি উপায়ে তিনি গুণক অতিক্ৰমে আক মোত কহা। দ্বিতীয় অধ্যায়ত পৃষ্ট অৰ্থকে পুনু পুছিবাক দেখি প্ৰকাৰান্তৰে সিদ্ধান্ত কহিবে ভগৱন্তে প্ৰথমে লক্ষণ কহন্ত। যেখনে পুৰুষে তিনিয়ো গুণৰ কাৰ্য্য আপুনাত মিলিলে দুখ বুদ্ধিয়ে দ্বেষ নকৰে, নিবৃত্তি হৈলেও সুখ বুঝিয়ে আকাঙক্ষা নকৰে, সদাই সাক্ষী