পৃষ্ঠা:কথা-গীতা.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
চতুৰ্দ্দশ অধ্যায়।

হেন থাকে। গুণ কাৰ্য্য সুখ দুষ‌্খাদিয়ে স্বৰূপৰ পৰা চালিবে নপাৰে। গুণসবে আপুনাৰ কাৰ্য্যত প্ৰৱৰ্ত্তে; মোৰ তাত সম্বন্ধ নাই। এই বিবেক জ্ঞান মৌনে ৰহে স্বৰূপত নচলে। মান অপমানতো তুল্য, শত্ৰু মিত্ৰ দুইতো সম স্বভাৱে কিঞ্চিতো উদ্যম নকৰে, তাকে গুণাতীত বুলি। কি উপায়ে গুণক এড়াই, আৰ উত্তৰ কহন্ত।

 মঞি পৰমেশ্বৰক অব্যভিচাৰী ভক্তিযোগে যি ভজে, সি গুণক অতিক্ৰমি ব্ৰহ্মৰূপ মোক্ষক পাৱে৷ মঞি ব্ৰহ্মৰ প্ৰতিমা প্ৰৱৰ্ত্তক মূৰ্ত্তিমন্ত ব্ৰহ্ম। যেন মুৰ্ত্তিমন্ত সূৰ্য্যৰ প্ৰকাশ ৰূপ মণ্ডল, তেমনে মূৰ্ত্তিমন্ত মোৰ প্ৰকাশ ৰূপ ব্ৰহ্ম, তেমনে নিত্য মুক্ত পদে মোক্ষৰো প্ৰৱৰ্ত্তক, শুদ্ধ সত্ব মূৰ্ত্তি পদে ভক্তি ধৰ্ম্মৰো প্ৰৱৰ্ত্তক৷ পৰমানন্দ পদে অখণ্ড সুখৰো প্ৰৱৰ্ত্তক। এতেকে মোৰ সেবকে মোৰ ৰূপক অৱশ্যে পাইব। ভাল কহিলো মোৰ ভক্তে ব্ৰহ্মৰূপক পাৱে। পুৰুষে কৃষ্ণৰ অধীন হুয়া গুণত সঙ্গ এড়ি সংসাৰক দূৰ কৰি মোৰ ভক্তি অনায়াসে সংসাৰ তৰে। এই কথা চতুৰ্দ্দশ অধ্যায়ত নিৰ্ণীত হৈছিল।

ইতি শ্ৰীগীতাকথায়াং চতুৰ্দ্দশোহধ্যায়ঃ ॥ ১৪॥

 হে লোকসব দেখ অব্যতিচাৰী ভক্তি কৰি ভগৱন্তক পায়। অন্য দেন সম্বন্ধক ব্যভিচাৰ বুলি৷ এতেকে অজেয়ৰ উপাসকৰ আলাপমানো নকৰি ডাকি হৰিবোল হৰি।

ত্যক্ত্বান্যদেৱতাসেবাং তদুপাসকসঙ্গতিম্।
ভক্তি কৃষ্ণপদে কৃত্বা গুণান্ জিত্বা ভৰং তৰেৎ ॥