পৃষ্ঠা:কথা-গীতা.djvu/১৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চতুৰ্দশ অধ্যায়। চতুৰ্দশ অধ্যায়ত পুৰুষ প্ৰকৃতিৰ স্বতন্ত্ৰ দূৰ কৰি গুণ সঙ্গত বিচিত্ৰ সংসাৰ কহিবা। পূব অধ্যায় কহিলা সকল প্ৰাণী পুৰুষ প্ৰকৃতি সংযোগত হুয়াছে। সিয়ে সংযোগ ৰিীশ্বৰ সাংখ্যৰ মতে স্বতন্ত্ৰ নহে কিন্তু ঈশ্বৰৰ ইছায়ে সে হয়। আক পৰ্বত কহি গুণকৃত সংসাৰ বৈচিত্ৰক প্ৰপঞ্চিবে লাগি তাকে স্তুতি কৰন্ত। হে অৰ্জুন! পুনু তুমাত পৰমাৰ্থনিষ্ঠ উত্তম উপদেশ ভালমতে কহে, যাক পায়। মুনিসবে দেহ বন্ধ হন্তে মোক্ষ পায়াছে। এই জ্ঞান সাধন অনুষ্ঠান কৰি মোৰ স্বৰূপক পায়া জগতৰ সৃষ্টিতে উৎপন্ন হৱে, প্ৰলয়তো দুষখকো নপাৱে। এমনে প্ৰশংসায়ে শ্ৰোতাক সম্মুখ কৰি পৰমেশ্বৰাধীন প্ৰকৃতি পুৰুষ হন্তে সকল ভূতৰ উৎপত্তি হয় স্বতন্ত্ৰ নহে এই অৰ্থক কহন্ত। | মঞি প্ৰকৃতিত গৰ্ভাধান কৰোঁ। প্ৰলয়ত মোত লীন হুয়াছিল। অবিদ্যা কামকৰ্ম্ম বাসনাযুক্ত জীবক সৃষ্টি সময়ত ভোগ্য দেহ সমে সম্বন্ধ কৰাঞে। এমন গৰ্ভাধান হৈলে ব্ৰহ্মাদি সকল প্ৰাণী উত্তৰ হয়। কেৱল সৃষ্টি সময়ত মোৰ অধিষ্ঠিত প্ৰকৃতি পুৰুষ হন্তে সকল প্ৰাণীৰ উদ্ভৱ হয় ই নহে, কিন্তু সৰ্বদায়ে হৱে, আকে কহন্ত। সকল যোনিতে যিমান দেহ উদ্ভৱ হয় তাৰ প্ৰকৃতি মাতৃ মঞি পিতৃ। এমনে পৰমেশ্বৰৰ অধীন প্ৰকৃতি পুৰুষ