পৃষ্ঠা:কথা-গীতা.djvu/১৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চতুৰ্দশ অধ্যায়। হন্তে সকল ভূতৰ উৎপত্তি কহি ইদানীক প্ৰকৃতি সঙ্গত পুৰুষৰ সংসাৰ কহ। সত্ব ৰজ তম এই তিনি গুণ প্ৰকৃতি হতে উৎপত্তি হুয়াছে। এতেকে প্ৰকৃতিৰ কাৰ্য দেহত অভিমানী পুৰুষক বন্ধ কৰে। তাতে সত্ব গুণ নিৰ্মল প্ৰকাশক উপদ্ৰৱ হীন, এতেকে সুখ সঙ্গে পুৰুষক বন্ধ কৰে। ৰজোগুণ অনুৰঞ্জন স্বভ', যাত তৃষ্ণা আসক্তি হয়, এতেকে কৰ্ম্ম সঙ্গে বন্ধ কৰে। তমোগুণ অজ্ঞানত হুয়াছে, সকল দেহীকে মোহ কৰাৱে, এতেকে প্ৰমাদ আলস্য নিদ্ৰায়ে পুৰুষক বন্ধ কৰে। সাদি গুণৰ আপুনাৰ কাৰ্য কৰণত সামৰ্থ্য কহন্ত। সত্বগুণে সুখত যোজন কৰাৱে, ৰজোগুণে কৰ্ম্মত আসক্তি জন্মাৱে, তমোগুণে জ্ঞানক অবৰি প্ৰমাদক জন্মাবে। তাৰ হেতু শুনা, ৰজ তম দুই গুণক অভিভৰ কৰি সত্ব গুণ আবিৰ্ভাব হয়, সত্ব তগ দুই গুণক ঢাকি ৰজোগুণ প্ৰকাশ কৰে, সত্ব ৰজ দুই গুণক আবৰি তমোগুণ উদ্ভৱ হয়। | এতেকে তিনিও গুণে আপুনাৰ কাৰ্য্য কৰিবে সমৰ্থ হয়। ইদানীক গুণ বৃদ্ধিৰ চিহ্ন কহন্ত। যেখন পুৰুষৰ সকল ইন্দ্ৰিয় বিশেষ জ্ঞানৰূপ প্ৰকাশ হয়, সুখখা মিলে তেখন সত্ব গুণৰ বৃদ্ধি জানিব। যেখন বিষয়ত লোভ, কৰ্ম্মত প্ৰবৃত্তি, কাৰ্যক উদ্যম, বাঞ্ছাৰ অসাম্য, দেখিল মাত্ৰে আনিবে ইছা, ৰজোগুণ বাঢ়িলে এই চিহ্ন সব হয়। যেখন অবিবেক অনুদ্যম প্ৰমাদ মোহ এই চিহ্ন হৈলে তমোণৰ অতিশয় দেখি। মৰণ সময়ত গুণ বৃদ্ধিৰ ফল কহন্ত। সত্ব গুণ বৃদ্ধি হৈলে জীবে মৃত্যু পায়। স্বৰ্গাদি ফলক