পৃষ্ঠা:কথা-গীতা.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
অষ্টম অধ্যায়৷

পূৰ্ব্বৰ বাসনা বশে মৰণ সময়ত স্মৰণ হয় তেমন নহে। এতেকে তুমি মোক সততে স্মৰা। চিত্তশুদ্ধি বিনে সততে স্মৰণ নঘটে। এতেকে চিত্তশুদ্ধিৰ অৰ্থে যুদ্ধাদি স্বধৰ্ম্ম কৰা। তেবে মোত মন বুদ্ধি অৰ্পিয়া অবশ্যে মোক পাইবা। সদায় স্মৰণৰ অভ্যাস তান্তৰঙ্গ সাধন, অভ্যাস যোগে আন বিষয়ক এড়ি একাগ্ৰচিত্ত হুয়া, পুৰুষে পৰমেশ্বৰক চিন্তি তাঙ্কে পাৱে। চিন্তনীয় পৰমেশ্বৰৰ বিশেষণ শুনা। সৰ্বজ্ঞ, অনাদি সিদ্ধ, সবাৰে নিয়ন্তা, সূক্ষ্মৰে সূক্ষ্ম, সবাৰে পোষক, অপৰিমিত মহিমা পদে অচিন্ত্যৰূপ, আদিত্য সম স্বপৰপ্ৰকাশক, প্ৰকৃতিত পৰ।

 এমন পৰমেশ্বৰক অন্তকালত ভক্তিযুক্ত পুৰুষে নিশ্চল মনে স্মৰি, সুযুস্না পথে ভ্ৰূৰ মধ্যত প্ৰাণক থৈয়া দেহ এড়ি পৰম পুৰুষক পাৱে। কেবল ধ্যানৰ অভ্যাসত কৰি প্ৰণৰ নাম সহিত অভ্যাসক অন্তৰঙ্গ কহন্ত। যি ব্ৰহ্মক বেদবেত্তাসবে কহে, বিগতৰাগ যোগীসবে যাত প্ৰবিষ্ট হয়, যাক জানিবে ইছায়ে গুৰুকুলত ব্ৰহ্মচৰ্য্যক কৰে, তাঙ্ক পাইবাৰ উপায় সঙেক্ষপে কহো। সকল ইন্দ্ৰিয়ক নিৰোধি মনকো হৃদয়ত স্থিৰ কৰি বিষয়ৰ গ্ৰহণ স্মৰণ এড়ি ভ্ৰূৰ মধ্যত প্ৰাণক ৰাখি ধৈৰ্য্যক আশ্ৰয় কৰি মুখত নাম উচ্চৰি নামৰ অৰ্থ মোক মনত স্মৰি দেহক এড়ি যি যাই সি পৰম গতিক পাৱে। এমনে দুষ্কৰ যোগমাৰ্গ কহি সুগম ভক্তিপন্থ কহন্ত। এমনে অন্তকালৰ ধাৰণায়ে মোৰ প্ৰাপ্তি নিৰন্তৰ অভ্যাসতসে হয়, আনৰ নহে, আকে দেখান্ত। আনত চিত্ত নেদি প্ৰতিদিন নিৰন্তৰে যি মোক স্মৰে সেই সংযত পুৰুষৰ মঞি সুখলভ্য হঞো আনৰ নহোঁ৷ মোক