সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
কথা-গীতা।

পায়া দুয্‌খাশ্ৰয় অনিত্য জন্মক পুনু নলভে৷ যাতো সেই মহাত্মাসব মোক্ষক লভিল। সকল লোকতে পুনৰাবৃত্তি দেখায়। আকে দৃঢ় কৰন্ত। ব্ৰহ্মলোকৰে পৰা সকল লোকৰ পুনৰাবৰ্ত্তন আছে। যাৰা ব্ৰহ্মাক ঈশ্বৰ ভাবে চিন্তি ব্ৰহ্মলোক পায়াছে, তাৰা ব্ৰহ্মাৰ শত বৎসৰ অন্তৰে জ্ঞান পায়া মুক্তি লভে। কৰ্ম্মৰ দ্বাৰায় যাবা ব্ৰহ্মলোক গৈছে তাৰাৰ কদাচিতো মোক্ষ নঘট। মোক যাৰা পায়াছে তাৰাৰ কদাচিতো পুনৰ্জন্ম নাই। যদি বোলা তপস্বী দানী বিতৰাগ তিতিক্ষুসৰ ত্ৰৈলোক্যৰ উপৰত শোকবৰ্জ্জিত স্থান লভে।

 এমন পুৰাণ বাক্যে মহল্লোৰ্কাদি শ্ৰেষ্ঠ বুঝি; বিনাশী পদে বিশেষ নেদেখি; তেবে কেনে পুৰাণ বিশেষ কহিছে, এই আশঙ্কাত বহুকাল থাকে পদে বিশেষ কহিছা। এই আশয়ে আপুনাৰ প্ৰমাণে শতবৰ্ষ আয়ু, ব্ৰহ্মাৰ দিনে দিনে ত্ৰৈলোক্যৰ উৎপত্তি, ৰাত্ৰি ৰাত্ৰি প্ৰলয় দেখাইবে, ব্ৰহ্মাৰ দিন ৰাত্ৰিৰ প্ৰমাণ কহন্ত। চাৰি হাজাৰ যুগ প্ৰমাণ ব্ৰহ্মাৰ দিন, সেই মান ৰাত্ৰিক যোগবলে যি জানে তাকেসে দিনৰাত্ৰি বেত্তা বুলি। যাৰাৰ চন্দ্ৰ সূৰ্য্যৰ গতিয়ে অহেৰাত্ৰ জ্ঞান হয় সি অল্পদৰ্শী পদে আহোৰাত্ৰবেত্তা নহে। তাত এমন কাল গণন প্ৰকাৰ। মনুষ্যৰ বৰ্ষে দেৱৰ দিন ৰাত্ৰি, তেমন দিন ৰাত্ৰিৰ পক্ষ মাসাদিৰ ক্ৰমে দ্বাদশবৰ্ষ সহস্ৰে চাৰি যুগ হয়, চাৰি হাজাৰ যুগে ব্ৰহ্মাৰ এক দিন, ৰাত্ৰিয়ো সেইমান। তেমন দিন ৰাত্ৰিৰো পক্ষমাসাদি কল্পনায়ে বৰ্ষশত ব্ৰহ্মাৰ পৰমায়ু। সেই ব্ৰহ্মাৰ দিনত কাৰণৰ পৰা চৰাচৰ প্ৰাণী সব উৎপত্তি হয়। ৰাত্ৰি হৈলে কাৰণত লয় যাই। কৃত নাশ