পৃষ্ঠা:কথা-গীতা.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম অধ্যায়।

 কৃষ্ণত একচিত্তসবে ব্ৰহ্ম কৰ্ম্মাদি জানে, ই কহিছা সপ্তম অধ্যায়ত। অষ্টমত তাকে স্পষ্ট মতে কহিবা। পূৰ্ণ অধ্যায়ৰ অন্তত ভগৱন্তৰ কথিত সাত পদাৰ্থৰ তত্ত্বক জানিবে ইছায় অৰ্জ্জুনে পোছন্ত। হে পুৰুষোত্তম, ব্ৰহ্ম অধ্যাত্ম কৰ্ম্ম অধিভূত অধিদৈব অধিযজ্ঞ কাক বুলি। দেহত কেমনে বা যজ্ঞক অধিষ্ঠান কৰন্ত, মৰণ সময়ত বা কেমনে নিয়তচিত্তসবে জানে আক মোত বুঝায়া কহাঁ৷ প্ৰশ্নৰ ক্ৰমে ভগৱন্তে উত্তৰ কহন্ত। জগতৰ মূল কাৰণ অক্ষৰকে ব্ৰহ্ম বুলি। ভোক্তা জীয়ে অধ্যাত্ম, দেৱৰ উদ্দেশে দ্ৰব্য ত্যাগক কৰ্ম্ম কহে, বিনাশী দেহক অধিভূত কহি, সূৰ্য্যমণ্ডলবৰ্ত্তী বৈৰাজ পুৰুষক অধিদৈব বুলি, দেহৰ অন্তৰ্যামী মোকে অধিযজ্ঞ বোলে, যাতো দেহত থাকি অসঙ্গ হুয়া সন্নিধি মাত্ৰে যজ্ঞাদিক প্ৰবৰ্ত্তাঞো ৷ তুমিও অন্তৰ্যামীৰ অধীন আপুনাৰ প্ৰবৃত্তিক জানিবে যোগ্য হৱা৷

 অন্তকালত আন চিন্তা এড়ি মোক মাত্ৰ স্মৰি দেহক পৰিত্যাগ কৰি যি যাই, সি মোৰ স্বৰূপক পাৱে, আত সংশয় নাই। জানিবাৰ উপায় স্মৰণ, স্বৰূপ প্ৰাপ্তি ফল। কেবল মোক স্মৰি মোক পাৱে ই নিয়ম নহে কিন্তু অন্তকালত যাকে যাকে স্মৰে দেহ এড়ি তাকে তাকে পাৱে। অন্তকালত স্মৰণৰ হেতু শুনা। সদায় পুৰুষে যাক চিন্তে, অন্ত সময়তো তাতে মন পড়ে। যাতো