পৃষ্ঠা:কথা-গীতা.djvu/১১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীতা। কৰ্ম্মে স্বৰ্গভোেগ অনন্তৰ আবৃত্তি, নিষিদ্ধ কৰ্ম্মে নৰক প্ৰাপ্তি, ক্ষুদ্ৰ কৰ্ম্মে ই ঠাইতে পুনু পুনু জন্ম হৱে। এই শুক্ল কৃষ্ণ দুই পন্থ অনাদি সিদ্ধ। জ্ঞানাধিকাৰী শুক্ল পন্থে মুক্তি পাৱে। কৰ্ম্মাধিকাৰী কৃষ্ণ পন্থে পুনু আবৰ্তন হয়। এই দুই মাগক জানি যোগী কদাচিতো মোহ নহে, সুখ বৃদ্ধি অৰ্গাদি ফলকে। কামনা নকৰে কিন্তু পৰমেশ্বৰনিষ্ঠ হয়। এতেকে তুমি সৰ্বদায়ে মেত নিষ্ঠ হৱা। বেদ পঢ়ি যজ্ঞ কৰি তপ অটবি দান দিয়া যি পুণ্যফল গায়, এই অষ্ট প্ৰশ্নৰ অৰ্থক জানি সি ফল ভে, তাতো অধিক যোগঐশ্বৰ্যৰ পাৰে। জানা হুয়া বিষ্ণুপদক পাৰে। অষ্টপ্ৰশ্নে বিশিষ্ট অষ্টম অধ্যায়, অষ্ট প্ৰকাৰে পৃষ্ট অষ্ট অৰ্থৰ নিৰ্ণয় কৰি স্পষ্ট উৎকৃষ্ট পন্থ ভক্তি সহিতে কস্ট প্ৰকাৰ সিদ্ধান্তক অক্লিষ্ট কৰি একূপে দিল।। ইতি ভগৱৰ্গীতকথায়াং অষ্টমোহধ্যায়ঃ। ৮। হে সাধুসব দেখ সপ্তম অষ্টম অধ্য যত ভক্তি সহিতে যোগ কহিলা। সি দুষ্কৰ পদে কেবল ভক্তিযোগ কহিছ। এতেকে পৰম সুগম কেবণ ভক্তি ধৰি হৰি বোল হৰি। যোভক্তিযুক্তমপিযোগপথং সুখ প্ৰোবাচ লোককৃপয়া নিজভক্তিমাৰ্গম্। বং প্ৰাপ্য ন ভবভং লভতে কথঞ্চিৎ তস্মৈ নমহস্তু গুৰবে পুৰুযোত্তমায়।