পৃষ্ঠা:কথা-গীতা.djvu/১১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৯
অষ্টম অধ্যায়।

অকৃতৰ আগম শঙ্গা নিবাৰিতে বৈৰাগ্যৰ অৰ্থে সৃষ্টি প্ৰলয়ৰ অবিচ্ছেদ কহন্ত। পৃৰ্ব্বত যি প্ৰাণী সমূহ আছিল সেই প্ৰাণীসব কৰ্ম্মাদি পৰতন্ত্ৰ হুয়া ব্ৰহ্মাৰ দিনত হুয়া ৰাত্ৰিত লয় যাই। এমনে লোকৰ অনিত্য দেখাই পৰমেশ্বৰৰ ৰূপৰ নিত্য কহন্ত। চৰাচৰ জগতৰ কাৰণৰো কাৰণ ব্ৰহ্মা আদিৰ অগোচৰ। অনাদি সিদ্ধ সকল কাৰ্য্য কাৰণ নাশ হৈলেও যাৰ নাশ নাই, যাক অব্যক্ত অক্ষৰ বুলি, পৰম পুৰুষাৰ্থো যাক কহি, যাক পায়া পুনৰাবৰ্ত্তন নহে সেই মোৰ স্বৰূপ বুঝিবা। তাঙ্ক পাইবাৰ উপায় যদ্যপি বিস্তৰে কহিছোঁ, তথাপি ভক্তিক অন্তৰঙ্গ জানিবা।

 হে পাৰ্থ যাৰ মধ্যত সকল প্ৰাণী আছে, যি কাৰণ ৰূপে সকল জগতক ব্যাপি আছে, সেই পৰম পুৰুষক একান্ত ভক্তিএসে লাভ, ভক্তি বিনে আন উপায় নাই, এমনে কহিলা। পৰমেশ্বৰ উপাসকসব তান স্বৰূপ পায়া নিবৰ্ত্তন নহে, অভক্ত সব পুনু আবৰ্ত্তন হয়। তাতে কোন পন্থে গৈলে আবৰ্ত্তন নহে, কোন পন্থে গৈলে আবৰ্ত্তন হয়, এই অপেক্ষাত কহন্ত। যি কাল উপলক্ষিত মাৰ্গত যান্তা জ্ঞানী কৰ্ম্মীসব অনাবৃত্তি আবৃত্তিক যাই সেই দুই পন্থ কহোঁ। প্ৰথমে অনাবৃত্তি মাৰ্গ শুনা। অগ্নি দ্যোতি দিন শুক্লপক্ষ ষন্মাস উত্তৰায়ণ, এতেক দেৱতাযুক্ত পন্থে যায়া জ্ঞানীসব ব্ৰহ্মক পাৱে। আবৃত্তি পন্থ শুনা। ধূম ৰাত্ৰি কৃষ্ণপক্ষ ষন্মাস দক্ষিণায়ন এই দেৱতাযুক্ত মাৰ্গে যায়া কৰ্ম্মীসব স্বৰ্গ পায়া পুণ্যফল ভোগ কৰি পুনু আবৰ্ত্তি আসে। নিবৃত্তি কৰ্ম্ম সহিত উপাসায়ে ক্ৰম মুক্তি। কাম্য